--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাল দিন আহি আছে বাংলাদেশ ক্ৰিকেট দললৈ। সেই ভাল দিনটোলৈ আৰু বেছি দূৰ নাই!- এই মন্তব্য কৰিছে বাংলাদেশ ক্ৰিকেট দলৰ এগৰাকী পৰামৰ্শদাতা শ্ৰীধৰণ শ্ৰীৰামে।

দেওবাৰে টি২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব বাংলাদেশ। এডিলেইডত খেলিব লগা মেচখনত পাকিস্তানক পৰাভূত কৰি চেমি ফাইনেলত প্ৰৱেশ কৰাৰ আশা ৰাখিছে ছাকিব-আল-হাছান নেতৃত্বাধীন দলটোৱে।

দলটোৱে শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল আৰু শ্বাহৰুদ্ধকৰ মেচখনত মাত্ৰ ৫ ৰাণৰ ব্যৱধানত পৰাজীত হৈছিল। এইদৰে পৰাজীত হোৱাৰ পাছত দলটোৱে পৰৱৰ্তী মেচখনৰ বাবে শিক্ষা লাভ কৰা বুলি পৰামৰ্শদাতা শ্ৰীধৰণ শ্ৰীৰামে কয়।

উল্লেখ্য যে ছেমিফাইনেলৰ পথ এতিয়াও বন্ধ হোৱা নাই বাংলাদেশৰ। পাকিস্তানক হৰুৱাব পাৰিলেই ছেমিফাইনেলৰ বাবে দৰ্জা মুকলি হ’ব দলটোৰ।

“পাকিস্তান অত্যন্ত ভাল দল। পাকিস্তানে যিদৰে আমাৰ শক্তি আৰু দুৰ্বলতাৰ বিষয়ে জানে, সেইদৰে আমিও পাকিস্তানৰ শক্তি আৰু দুৰ্বলতাৰ বিষয়ে জানো।”- শ্ৰীধৰণ শ্ৰীৰামে কয়।

“ভাৰতৰ বিৰুদ্ধে আমি যুঁজি যুঁজি হাৰিছো। দলৰ খেলুৱৈসকলে আত্মবিশ্বাস লাভ কৰিছে। ভাৰতৰ দৰে এটা দলক আমি প্ৰত্যাহ্বান জনাব পাৰিছো। অনুভৱ হৈছে যে বাংলাদেশ ক্ৰিকেটৰ ভাল দিন সমাগত।”- তেওঁ কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু