--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাল দিন আহি আছে বাংলাদেশ ক্ৰিকেট দললৈ। সেই ভাল দিনটোলৈ আৰু বেছি দূৰ নাই!- এই মন্তব্য কৰিছে বাংলাদেশ ক্ৰিকেট দলৰ এগৰাকী পৰামৰ্শদাতা শ্ৰীধৰণ শ্ৰীৰামে।

দেওবাৰে টি২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব বাংলাদেশ। এডিলেইডত খেলিব লগা মেচখনত পাকিস্তানক পৰাভূত কৰি চেমি ফাইনেলত প্ৰৱেশ কৰাৰ আশা ৰাখিছে ছাকিব-আল-হাছান নেতৃত্বাধীন দলটোৱে।

দলটোৱে শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল আৰু শ্বাহৰুদ্ধকৰ মেচখনত মাত্ৰ ৫ ৰাণৰ ব্যৱধানত পৰাজীত হৈছিল। এইদৰে পৰাজীত হোৱাৰ পাছত দলটোৱে পৰৱৰ্তী মেচখনৰ বাবে শিক্ষা লাভ কৰা বুলি পৰামৰ্শদাতা শ্ৰীধৰণ শ্ৰীৰামে কয়।

উল্লেখ্য যে ছেমিফাইনেলৰ পথ এতিয়াও বন্ধ হোৱা নাই বাংলাদেশৰ। পাকিস্তানক হৰুৱাব পাৰিলেই ছেমিফাইনেলৰ বাবে দৰ্জা মুকলি হ’ব দলটোৰ।

“পাকিস্তান অত্যন্ত ভাল দল। পাকিস্তানে যিদৰে আমাৰ শক্তি আৰু দুৰ্বলতাৰ বিষয়ে জানে, সেইদৰে আমিও পাকিস্তানৰ শক্তি আৰু দুৰ্বলতাৰ বিষয়ে জানো।”- শ্ৰীধৰণ শ্ৰীৰামে কয়।

“ভাৰতৰ বিৰুদ্ধে আমি যুঁজি যুঁজি হাৰিছো। দলৰ খেলুৱৈসকলে আত্মবিশ্বাস লাভ কৰিছে। ভাৰতৰ দৰে এটা দলক আমি প্ৰত্যাহ্বান জনাব পাৰিছো। অনুভৱ হৈছে যে বাংলাদেশ ক্ৰিকেটৰ ভাল দিন সমাগত।”- তেওঁ কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক