--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনৰ আটাইতকৈ সুখী মুহুৰ্ততো কি? হয়, নৰেন্দ্ৰ মোদীৰ জীৱনৰ আটাইতকৈ সুখী মুহুৰ্ততো বিষয়ে তেওঁ নিজে ক’য় যে, ৰাষ্ট্ৰসংঘৰ মজিয়াত যেতিয়া তামিলভাষাত তেওঁ ভাষণ প্ৰদান সেই সময়খিনিয়েই তেওঁৰ জীৱনৰ আটাইতকৈ সুখী মুহুৰ্ত৷

বিশ্বৰ আটাইতকৈ পুৰণি ভাষা তামিলত ৰাষ্ট্ৰসংঘৰ মজিয়াত কেইটামান শব্দ কোৱাৰ সুযোগ পোৱাতোৱেই তেওঁৰ বাবে যথেষ্ট আছিল৷ প্ৰধানমন্ত্ৰী মোডীয়ে তামিলনাডুৰ ১১ খন চিকিৎসা মহাবিদ্যালয় আৰু চেন্নাইৰ চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাছিকেল নতুন চৌহদ উদ্বোধন কৰাৰ পাছত এই কথা ক’য়।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়া, ড০ এল মুৰুগান আৰু ড০ ভাৰতী পাৱাৰ, তামিলনাডুৰ মুখ্যমন্ত্ৰী থিৰু এম কে ষ্টালিনো অনুষ্ঠানত উপস্থিত আছিল। উল্লেখ্য যে, ২০১৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰসংঘক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে তামিল ভাষাত ভাষণ দিছিল। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে তেওঁ সদায় তামিল ভাষা আৰু সংস্কৃতিৰ দ্বাৰা খুবেই আকৰ্ষিত আৰু লগতে ক’য় যে, তামিল ভাষা শিকিবলৈ তেওঁ সদায়েই আগ্ৰহী৷

তেওঁ কয় যে তেওঁৰ চৰকাৰে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত তামিল অধ্যয়নৰ ওপৰত 'সুব্ৰমনিয়া ভাৰতী অধ্যক্ষ' স্থাপন কৰাক লৈ তামিল ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সহায় কৰিব৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ত ভাৰতীয় ভাষা আৰু ভাৰতীয় জ্ঞান প্ৰণালীৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মাধ্যমিক পৰ্যায় বা মধ্যপৰ্যায়ত বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত তামিলভাষা হিচাপে অধ্যয়ন কৰাৰ থল আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম