--°C
Loading...
Listen to Article
2 min read
80%

ৰাজস্থানঃ দেশত পুনৰ সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পাছত চোকা অস্ত্ৰৰে যৌনাংগত আঘাত কৰাৰ দৰে মৰ্মান্তিক ঘটনাই সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছে। এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ আলৱাৰ জিলাত। জানিবলৈ পোৱা মতে, ১৬ বছৰীয়া কিশোৰীগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে সদৰী কৰা মতে, বিশেষভাৱে সক্ষম কিশোৰীগৰাকীক তিলজাৰা উৰণীয়া সেঁতুৰ তলত তেজেৰে লুটুৰি-পুটুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছিল। অভিযুক্তজনে দলবদ্ধ ধৰ্ষণৰ পাছত কিশোৰীগৰাকীৰ যৌনাংগত চোকা অস্ত্ৰৰে উপৰ্যুপৰি আঘাত কৰা বুলিও দাবী কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, কিশোৰীগৰাকীক মঙলবাৰে মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰাৰ পাছত ততাতৈয়াকৈ আলৱাৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকসকলে কিশোৰীগৰাকীৰ ৰক্তক্ষৰণ বন্ধ কৰিব নোৱাৰিলে।

পৰৱৰ্তী সময়ত তেওঁক জয়পুৰৰ জেএন লোক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আঢ়ৈ ঘণ্টা ধৰি চলা অস্ত্ৰোপচাৰৰ পাছতো সংকটজনক অৱস্থাত চিকিৎসালতে ভৰ্তি হৈ আছে কিশোৰীগৰাকী।পৰীক্ষা-নিৰক্ষাৰ অন্তত চিকিৎসকে কয়, ‘কিশোৰীগৰাকীৰ শৰীৰৰ বিভিন্ন আভ্যন্তৰীণ অংগত আঘাতৰ চিন স্পষ্ট। যৌনাংগত পোৱা গৈছে চোকা অস্ত্ৰ।’ সম্প্ৰতি কিশোৰীগৰাকীৰ স্বাস্থ্য নিৰীক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিছে চিকিৎসালয়ৰ চিকিৎসক অৰবিন্দ শুক্লাই। অৱশ্যে, আৰক্ষীয়ে এতিয়াও ঘটনাত অভিযুক্ত দোষীক আটক কৰিব পৰা নাই। আৰক্ষীয়ে সদৰী কৰা মতে, ঘটনাস্থলীৰ পৰা ২৫ কিলোমিটাৰ এলেকা আৱৰি থকা ৩০০ তকৈও অধিক চিচিটিভি পৰীক্ষা কৰা হৈছে। ইফালে, ৰাজস্থানৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী মমতা ভূপেশে অভিযুক্তজনক অতিশীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে। কিশোৰীগৰাকীৰ পৰিয়ালক ৬ লাখ টকাৰ এককালীন সাহায্যৰ ঘোষণা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী