--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ৰাজস্থানঃ দেশত পুনৰ সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পাছত চোকা অস্ত্ৰৰে যৌনাংগত আঘাত কৰাৰ দৰে মৰ্মান্তিক ঘটনাই সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছে। এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ আলৱাৰ জিলাত। জানিবলৈ পোৱা মতে, ১৬ বছৰীয়া কিশোৰীগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে সদৰী কৰা মতে, বিশেষভাৱে সক্ষম কিশোৰীগৰাকীক তিলজাৰা উৰণীয়া সেঁতুৰ তলত তেজেৰে লুটুৰি-পুটুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছিল। অভিযুক্তজনে দলবদ্ধ ধৰ্ষণৰ পাছত কিশোৰীগৰাকীৰ যৌনাংগত চোকা অস্ত্ৰৰে উপৰ্যুপৰি আঘাত কৰা বুলিও দাবী কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, কিশোৰীগৰাকীক মঙলবাৰে মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰাৰ পাছত ততাতৈয়াকৈ আলৱাৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকসকলে কিশোৰীগৰাকীৰ ৰক্তক্ষৰণ বন্ধ কৰিব নোৱাৰিলে।

পৰৱৰ্তী সময়ত তেওঁক জয়পুৰৰ জেএন লোক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আঢ়ৈ ঘণ্টা ধৰি চলা অস্ত্ৰোপচাৰৰ পাছতো সংকটজনক অৱস্থাত চিকিৎসালতে ভৰ্তি হৈ আছে কিশোৰীগৰাকী।পৰীক্ষা-নিৰক্ষাৰ অন্তত চিকিৎসকে কয়, ‘কিশোৰীগৰাকীৰ শৰীৰৰ বিভিন্ন আভ্যন্তৰীণ অংগত আঘাতৰ চিন স্পষ্ট। যৌনাংগত পোৱা গৈছে চোকা অস্ত্ৰ।’ সম্প্ৰতি কিশোৰীগৰাকীৰ স্বাস্থ্য নিৰীক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিছে চিকিৎসালয়ৰ চিকিৎসক অৰবিন্দ শুক্লাই। অৱশ্যে, আৰক্ষীয়ে এতিয়াও ঘটনাত অভিযুক্ত দোষীক আটক কৰিব পৰা নাই। আৰক্ষীয়ে সদৰী কৰা মতে, ঘটনাস্থলীৰ পৰা ২৫ কিলোমিটাৰ এলেকা আৱৰি থকা ৩০০ তকৈও অধিক চিচিটিভি পৰীক্ষা কৰা হৈছে। ইফালে, ৰাজস্থানৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী মমতা ভূপেশে অভিযুক্তজনক অতিশীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে। কিশোৰীগৰাকীৰ পৰিয়ালক ৬ লাখ টকাৰ এককালীন সাহায্যৰ ঘোষণা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হোজাইত চাঞ্চল্য; প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ কীটনাশক দ্ৰব্য সেৱন কৰি কিশোৰীৰ আত্ম*হনন
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
Advertisement