--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এগৰাকী দক্ষ ৰাজনীতিবিদ৷ ৰাজনীতিৰ ক্ষেত্ৰখনত তেওঁৰ কৰ্মস্পৃহা, দায়িত্ববোধ তথা পৰিচালনাই উদ্বুদ্ধ কৰে যুৱচামকো৷ মোদী কেবিনেটৰ এগৰাকী বিশ্বাসী, নম্ৰ, ভদ্ৰ আৰু অমায়িক স্বভাৱৰ ৰাজনীতিবিদ হৈছে কিৰেন ৰিজিজু৷ প্ৰধানমন্ত্ৰীৰ মন্ত্ৰীসভাত আইন আৰু ন্যায় বিভাগৰ দৰে অতি গুৰুত্বপূৰ্ণ দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ৷ মন্ত্ৰীগৰাকীৰ অমায়িক স্বভাৱে যে কেৱল প্ৰধানমন্ত্ৰীকে আকৰ্ষণ কৰে তেনে নহয়, প্ৰত্যেকগৰাকী সাধাৰণ ব্যক্তিৰ হৃদয়তো এক সুকীয়া স্থান পাবলৈ সক্ষম হৈছে মন্ত্ৰীগৰাকীয়ে৷ অসমৰ সৈতেও মন্ত্ৰীগৰাকীৰ সম্পৰ্ক দীৰ্ঘদিনৰ পৰাই সুদৃঢ়৷ অসমীয়া ভাষা, সংস্কৃতি তথা অসমীয়া জন-জীৱনৰ প্ৰতি দেখুওৱা বিশেষ আগ্ৰহে দুই ৰাজ্যৰ সৈতে সমন্বয়ৰ এক সেতু গঢ়াত বিশেষ ভূমিকা গ্ৰহণ কৰিছে অৰুণাচলৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

https://twitter.com/KirenRijiju/status/1478083674323124224?s=20

শেহতীয়াকৈ তেওঁ টুইটাৰযোগে অসমীয়া সংগীতত মনোৰঞ্জনৰ দৃশ্য ছ’চিয়েল মিডিয়াৰ যোগে শ্বেয়াৰ কৰে৷ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতি যে কিৰেন ৰিজিজুৰ অত্যন্ত দুৰ্বলতা আছে সেয়া এই ভিডিঅ’ৰ যোগেদিয়ে স্পষ্ট হৈ পৰিছে৷ অসমৰ বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ কণ্ঠৰ “এইখনি গাঁও বুকুৰ আপোন…”- শীৰ্ষক গীতটোৰ মাজেৰে আনন্দ লৈছে মন্ত্ৰীগৰাকীয়ে৷ অৰুণাচল প্ৰদেশৰ এখন সৰু গাঁৱত এক পৰম্পৰাগত অনুষ্ঠানত কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ নৃত্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো দৃষ্টি আকৰ্ষণ কৰে, যিয়ে টুইটাৰযোগে কয় যে ‘ৰিজিজু এজন শালীন নৃত্যশিল্পী’।

পৰম্পৰাগত অনুষ্ঠানটোৰ ভিডিঅ’ ৰিজিজুৱে শিল্পী দ্বীপেন বৰুৱাৰ সংগীতক প্ৰশংসা কৰি অসমীয়াতে কেপচন লিখি তেওঁৰ টুইটাৰত শ্বেয়াৰ কৰি কয় যে, “বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় প্ৰকল্পৰ নিৰীক্ষণৰ বাবে সুন্দৰ কাজালং গাঁও ভ্ৰমণৰ সময়ত। যেতিয়াই অতিথিসকলে তেওঁলোকৰ গাঁৱলৈ যায় তেতিয়াই এয়া হৈছে সজোলং মানুহৰ পৰম্পৰাগত আনন্দ। মূল লোকগীত আৰু নৃত্যবোৰ অৰুণাচল প্ৰদেশৰ প্ৰতিটো সম্প্ৰদায়ৰ এছেঞ্চ৷’ ভিডিঅ’টোত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গাঁওখনত লোক-সংগীতৰ সুৰত নৃত্য কৰাও দেখিবলৈ পোৱা গৈছিল।

যিসময়ত উত্তৰ-পূবৰ ৰাজ্য কেইখনমানৰ সৈতে বহু সময়ত বিভিন্ন ধৰণৰ বিষয়ে সংঘাতৰ সৃষ্টি হৈ আহিছে, সেই সময়তে ৰিজিজুৰ এই ভিডিঅ’ই দুয়োখন ৰাজ্যৰ সম্পৰ্কৰ ভেটি শক্তিশালী কৰি তুলিব৷ স’ততে কোনোধৰণৰ বিতৰ্কত সোমাই নপৰা ৰাজনীতিবিদজনৰ সৃষ্টিশীল মনটো সঁচাকৈয়ে প্ৰশংসনীয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ