--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: শ্বিলং চেম্বাৰ কয়ৰৰ প্ৰতিষ্ঠাপক তথা প্ৰখ্যাত শিল্পী নীল নংকিনৰিহৰ আজি মুম্বাইত দেহাৱসান ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫২ বছৰ৷ এটা দশক পূৰ্বে এটা ৰিয়েলিটি টিভি শ্ব’ৰ পাছত শ্বিলং চেম্বাৰ কয়ৰক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা নীল নংকিনৰিহৰ ৰিলায়েন্স চিকিৎসালয়ত মৃত্যু হয়। শ্বিলং চেম্বাৰ কয়াৰৰ প্ৰতিষ্ঠাপক আৰু প্ৰসিদ্ধ সংগীত ৰচয়িতা তথা পিয়ানো বাদক নীল নংকিনৰিহৰ বুধবাৰে কিছু শাৰীৰিক অসুস্থতাৰ পাছতে মৃত্যু হোৱা কয়ৰৰ বিষয়ববীয়াসকলে সদৰি কৰে৷


নীল আৰু তেওঁৰ এটি গোটে যোৱা তিনি মাহ ধৰি মুম্বাইত কয়ৰৰ কামত নিয়োজিত আছিল৷ দলটোৰ এজন মুখপাত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক কয় এইদৰে, তেওঁক কালি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু অস্ত্ৰোপচাৰৰ পাছত আজি সন্ধিয়া তেওঁৰ মৃত্যু হয়। তেওঁ লগতে কয় যে ২০১৫ চনত পদ্মশ্ৰী বঁটাপ্ৰাপক সংগীতশিল্পীগৰাকীৰ নশ্বৰ দেহ মুম্বাইৰ সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ লগে লগে মুম্বাইস্থিত বাসভৱনলৈ ঘূৰাই অনা হ’ব।

ইপিনে, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নীল নংকিনৰিহৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। টুইটাৰযোগে মুখ্যমন্ত্ৰী চাংমাই কয় যে দেশখনে আজি এটা ৰত্ন হেৰুৱাইছে৷ বিখ্যাত শ্বিলং চেম্বাৰ কয়ৰৰ প্ৰতিষ্ঠাপক ‘পদ্মশ্ৰী’ নীল নংকিনৰিহৰ আকস্মিক মৃত্যুত মই শব্দৰ বাহিৰত দুঃখিত। তেওঁ দেশৰ সৰ্বশ্ৰেষ্ঠ গায়কসকলৰ পৰামৰ্শদাতা আছিল, যিয়ে য’তেই প্ৰদৰ্শন কৰিছিল তাত জনসমাগম কঢ়িয়াইছিল। আমি আজি এটা ৰত্ন হেৰুৱাইছোঁ৷

আনহাতে, শিল্পীগৰাকীৰ মৃত্যুত জ্যেষ্ঠ সাংবাদিক ৰাজদীপ ছৰদেশায়ো দুখ প্ৰকাশ কৰিছে৷ শিল্পীগৰাকীৰ মৃত্যুত এতিয়া মেঘালয়ত শোকৰ ছাঁ পৰিছে৷ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই মৰ্মাহত হৈ পৰিছে তেওঁৰ অজস্ৰ গুণমুগ্ধ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ