--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: শ্বিলং চেম্বাৰ কয়ৰৰ প্ৰতিষ্ঠাপক তথা প্ৰখ্যাত শিল্পী নীল নংকিনৰিহৰ আজি মুম্বাইত দেহাৱসান ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫২ বছৰ৷ এটা দশক পূৰ্বে এটা ৰিয়েলিটি টিভি শ্ব’ৰ পাছত শ্বিলং চেম্বাৰ কয়ৰক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা নীল নংকিনৰিহৰ ৰিলায়েন্স চিকিৎসালয়ত মৃত্যু হয়। শ্বিলং চেম্বাৰ কয়াৰৰ প্ৰতিষ্ঠাপক আৰু প্ৰসিদ্ধ সংগীত ৰচয়িতা তথা পিয়ানো বাদক নীল নংকিনৰিহৰ বুধবাৰে কিছু শাৰীৰিক অসুস্থতাৰ পাছতে মৃত্যু হোৱা কয়ৰৰ বিষয়ববীয়াসকলে সদৰি কৰে৷


নীল আৰু তেওঁৰ এটি গোটে যোৱা তিনি মাহ ধৰি মুম্বাইত কয়ৰৰ কামত নিয়োজিত আছিল৷ দলটোৰ এজন মুখপাত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক কয় এইদৰে, তেওঁক কালি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু অস্ত্ৰোপচাৰৰ পাছত আজি সন্ধিয়া তেওঁৰ মৃত্যু হয়। তেওঁ লগতে কয় যে ২০১৫ চনত পদ্মশ্ৰী বঁটাপ্ৰাপক সংগীতশিল্পীগৰাকীৰ নশ্বৰ দেহ মুম্বাইৰ সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ লগে লগে মুম্বাইস্থিত বাসভৱনলৈ ঘূৰাই অনা হ’ব।

ইপিনে, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নীল নংকিনৰিহৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। টুইটাৰযোগে মুখ্যমন্ত্ৰী চাংমাই কয় যে দেশখনে আজি এটা ৰত্ন হেৰুৱাইছে৷ বিখ্যাত শ্বিলং চেম্বাৰ কয়ৰৰ প্ৰতিষ্ঠাপক ‘পদ্মশ্ৰী’ নীল নংকিনৰিহৰ আকস্মিক মৃত্যুত মই শব্দৰ বাহিৰত দুঃখিত। তেওঁ দেশৰ সৰ্বশ্ৰেষ্ঠ গায়কসকলৰ পৰামৰ্শদাতা আছিল, যিয়ে য’তেই প্ৰদৰ্শন কৰিছিল তাত জনসমাগম কঢ়িয়াইছিল। আমি আজি এটা ৰত্ন হেৰুৱাইছোঁ৷

আনহাতে, শিল্পীগৰাকীৰ মৃত্যুত জ্যেষ্ঠ সাংবাদিক ৰাজদীপ ছৰদেশায়ো দুখ প্ৰকাশ কৰিছে৷ শিল্পীগৰাকীৰ মৃত্যুত এতিয়া মেঘালয়ত শোকৰ ছাঁ পৰিছে৷ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই মৰ্মাহত হৈ পৰিছে তেওঁৰ অজস্ৰ গুণমুগ্ধ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ