--°C
Loading...
Listen to Article
2 min read
80%

ডিডিটেল ডেস্কঃ বলীউড অভিনেত্ৰী আমিশা পেটেলে কিছুদিন ধৰি সংবাদ শিৰোনাম দখল কৰিছে। দৰাচলতে আমিশাক ছ'চিয়েল মিডিয়াত সকলোৰে সন্মুখত মুকলিকৈ বিয়াৰ প্ৰস্তাৱ দিছিল ফাইজল পেটেলে। ইয়াৰ পাছৰে পৰা দুয়োৰে মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা তথা চৰ্চা আৰম্ভ হৈছে। ফাইজল পেটেল হ'ল কংগ্ৰেছৰ বিয়াগোম নেতা প্ৰয়াত আহমেদ পেটেলৰ পুত্ৰ। ফাইজলে এটা টুইটযোগে আমিশাক বিবাহৰ প্ৰস্তাৱ দিছিল। কিন্তু অলপ পাছতে সকলোৰে দৃষ্টি আকৰ্ষণ হোৱাৰ আগতেই ফাইজল পেটেলে তেওঁৰ টুইটটো ডিলিট কৰিছিল। ফাইজল পেটেলৰ ভগ্নী মমতাজে এই সন্দৰ্ভত স্পষ্টভাৱে কয় যে ''আমিশা পেটেলৰ পৰিয়াল আৰু আমাৰ পৰিয়াল যোৱা তিনি প্ৰজন্ম ধৰি চিনাকি। আমিশা আমাৰ পৰিয়ালৰ সদস্যৰ দৰেই। এই টুইটটো কেৱল মাত্ৰ এক জ'ক আছিল, তাতকৈ বেছি আন একো নহয়।''

আমিশা পেটেলে নিজেও এই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমিশাই কৈছে যে, "মোৰ হাঁহি উঠিছে। ফাইজল আৰু মই বহুত ভাল আৰু পুৰণি বন্ধু। আমি ইজনে সিজনক বহু বছৰ ধৰি চিনি পাওঁ। মই তেওঁৰ আৰু তেওঁৰ ভগ্নীৰো বন্ধু। আমাৰ মাজত সেই টুইটটো কেৱলমাত্ৰ ধেমালিসূচক কথা আছিল। আমাৰ মাজত আৰু একো নাছিল।" মই ছিংগল আৰু তেনেকৈ জীয়াই থাকি মই সুখী। মই কোনো ধৰণৰ সম্পৰ্কত সোমাবলৈ ইচ্ছুক নহয়। ফাইজল এনে এজন মানুহ যি এনেধৰণৰ কৌতুক কৰি থাকি ভালপায়।" উল্লেখ্য যে আমিশাই ফাইজল পেটেলক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাই এটা পোষ্ট শ্বেয়াৰ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে ফাইজলৰ সৈতে উঠা সুন্দৰ মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰিছিল আৰু লিখিছিল "হেপ্পী বাৰ্থডে মাই ডাৰ্লিং ফাইজল পেটেল… আই লাভ ইয়ু। এই বছৰটো তোমাৰ বাবে বহুত সুন্দৰ হওঁক।" 

ফাইজলে আমিশাৰ শুভেচ্ছা বাৰ্তাৰ উত্তৰ দি লিখিছিল ''তোমাক অশেষ ধন্যবাদ আমিশা পেটেল। মই তোমাক মুকলিকৈ সকলোৰে সন্মুখত এক প্ৰস্তাৱ দিছোঁ। তুমি মোক বিয়া কৰাবা নে?'' অৱশ্যে টুইটটোক লৈ চৰ্চা আৰম্ভ হোৱাৰ মূহুৰ্ততেই ডিলিট কৰি দিছিল ফাইজলে। আমিশা আৰু ফাইজলক কেইবাবাৰো একেলগে দেখা গৈছে। দুয়োজনৰ ঘনিষ্ঠতাই তেওঁলোকৰ সম্পৰ্কৰ গভীৰতাৰ ইংগিত দিয়া যেন লাগে যদিও দুয়ো আজিলৈকে মুকলিকৈ কোনো কথা কোৱা নাই। ফাইজল পেটেল এইচএমপি ফাউণ্ডেচন আৰু আৰিয়া এনালিটিক্সৰ চিইঅ'। ফাইজল প্ৰথমে জয়নাব নেদৌ পেটেলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দীৰ্ঘদিনীয়া হৃদৰোগ আৰু স্নায়ু সম্পৰ্কীয় ৰোগৰ সৈতে যুঁজ দিয়াৰ পিছত জয়নাবে ২০১৬ চনৰ জুন মাহত শেষ নিশ্বাস ত্যাগ কৰিছিল। আমিশা পেটেল ছানী দেউলৰ সৈতে 'গড্ডাৰ-২' চিনেমাখনৰ শ্বুটিঙৰ কামত ব্যস্ত আছে। যদিহে আমিশা আৰু ফাইজলৰ প্ৰেমৰ সম্পৰ্ক সঁচা হয় তেন্তে বলীউডত আৰু এখন বিয়া হ'বলৈ গৈ আছে।

আৰু পঢ়কঃ ইজিপ্তত বিপদত পৰা ভাৰতীয় মহিলাক বচালে শ্বাহৰুখ খানৰ নামে! কেনেকৈ?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ