--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধুৰী এবিধ পুষ্টিকৰ আৰু সুস্বাদু ফল৷ বহুতে মধুৰী খাবলৈ ভাল পায়। বিশেষকৈ যিসকলৰ পাচনতন্ত্ৰ দুৰ্বল তেওঁলোকৰ বাবে ই আয়ুৰ্বেদিক ঔষধতকৈ কম নহয়। ভিটামিন বি ৬, ভিটামিন চি, ভিটামিন কে, আঁহ, পটাছিয়াম, ফছফৰাছ, কেলচিয়াম, আইৰণ, জিংক, তাম, কাৰ্বহাইড্ৰেট, এণ্টি-ডায়েবেটিক, এণ্টি-ডায়েৰিয়া, এণ্টিমাইক্ৰ’বিয়াল আৰু এণ্টিফাংগেল গুণ এই ফলত পোৱা যায়। ইমানবোৰ পুষ্টিকৰ উপাদান থকাৰ পিছতো এই ফল সকলোৰে বাবে উপকাৰী নহয়। জানো আহক কোন কোন মানুহে মধুৰী খোৱাৰ পৰা বিৰত থাকিব লাগে।

১) অস্ত্ৰোপচাৰ কৰা লোক - যদি আপুনি কোনো অপাৰেচন বা অস্ত্ৰোপচাৰ কৰিবলৈ গৈ আছে, তেন্তে প্ৰায় ২ সপ্তাহ আগতে মধুৰী খোৱা বন্ধ কৰিব লাগে, কাৰণ এই ফল সেৱনে তেজৰ সঞ্চালনত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

২) গৰ্ভৱতী মহিলা- গৰ্ভৱতী মহিলা আৰু স্তন্যপায়ী মাতৃয়ে মধুৰীৰ পৰা আঁতৰি থাকিব লাগে। ইয়াৰ ফলত তেওঁলোকৰ আৰু শিশুৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।

৩) চৰ্দি আৰু কাহ - মধুৰীৰ শীতল প্ৰভাৱ থাকে, সেয়েহে চৰ্দি, কাহৰ দৰে সমস্যাৰ সন্মুখীন হোৱা লোকসকলে মধুৰী একেবাৰে খাব নালাগে, কাৰণ তেতিয়া আপোনাৰ সুস্থ হ’বলৈ বহু সময় লাগিব।

৪) একজিমা- একজিমা ৰোগত আক্ৰান্ত লোকেও মধুৰী খাব নালাগে, কাৰণ ইয়াৰ সেৱনে ছালত বিষ আৰু খজুৱতিৰ সৃষ্টি কৰিব পাৰে। 

৫) গেষ্ট্ৰাইটিছৰ সমস্যা- মধুৰী আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, কিন্তু গেষ্ট্ৰাইটিছৰ সমস্যাৰ সন্মুখীন হোৱা লোকসকলে এই ফলৰ পৰা আঁতৰি থাকিব লাগে কাৰণ ইয়াৰ ফলত পেটৰ বিষ আৰু বমি হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ