--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধুৰী এবিধ পুষ্টিকৰ আৰু সুস্বাদু ফল৷ বহুতে মধুৰী খাবলৈ ভাল পায়। বিশেষকৈ যিসকলৰ পাচনতন্ত্ৰ দুৰ্বল তেওঁলোকৰ বাবে ই আয়ুৰ্বেদিক ঔষধতকৈ কম নহয়। ভিটামিন বি ৬, ভিটামিন চি, ভিটামিন কে, আঁহ, পটাছিয়াম, ফছফৰাছ, কেলচিয়াম, আইৰণ, জিংক, তাম, কাৰ্বহাইড্ৰেট, এণ্টি-ডায়েবেটিক, এণ্টি-ডায়েৰিয়া, এণ্টিমাইক্ৰ’বিয়াল আৰু এণ্টিফাংগেল গুণ এই ফলত পোৱা যায়। ইমানবোৰ পুষ্টিকৰ উপাদান থকাৰ পিছতো এই ফল সকলোৰে বাবে উপকাৰী নহয়। জানো আহক কোন কোন মানুহে মধুৰী খোৱাৰ পৰা বিৰত থাকিব লাগে।

১) অস্ত্ৰোপচাৰ কৰা লোক - যদি আপুনি কোনো অপাৰেচন বা অস্ত্ৰোপচাৰ কৰিবলৈ গৈ আছে, তেন্তে প্ৰায় ২ সপ্তাহ আগতে মধুৰী খোৱা বন্ধ কৰিব লাগে, কাৰণ এই ফল সেৱনে তেজৰ সঞ্চালনত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

২) গৰ্ভৱতী মহিলা- গৰ্ভৱতী মহিলা আৰু স্তন্যপায়ী মাতৃয়ে মধুৰীৰ পৰা আঁতৰি থাকিব লাগে। ইয়াৰ ফলত তেওঁলোকৰ আৰু শিশুৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।

৩) চৰ্দি আৰু কাহ - মধুৰীৰ শীতল প্ৰভাৱ থাকে, সেয়েহে চৰ্দি, কাহৰ দৰে সমস্যাৰ সন্মুখীন হোৱা লোকসকলে মধুৰী একেবাৰে খাব নালাগে, কাৰণ তেতিয়া আপোনাৰ সুস্থ হ’বলৈ বহু সময় লাগিব।

৪) একজিমা- একজিমা ৰোগত আক্ৰান্ত লোকেও মধুৰী খাব নালাগে, কাৰণ ইয়াৰ সেৱনে ছালত বিষ আৰু খজুৱতিৰ সৃষ্টি কৰিব পাৰে। 

৫) গেষ্ট্ৰাইটিছৰ সমস্যা- মধুৰী আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, কিন্তু গেষ্ট্ৰাইটিছৰ সমস্যাৰ সন্মুখীন হোৱা লোকসকলে এই ফলৰ পৰা আঁতৰি থাকিব লাগে কাৰণ ইয়াৰ ফলত পেটৰ বিষ আৰু বমি হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক