--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বতে প্ৰতি বছৰে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। মাৰাত্মক ৰোগ কৰ্কট ৰোগ। অৱশ্যে সোনকালে দেখা নাযায় এই ৰোগৰ লক্ষণবোৰ। ইয়াৰ বাবেই এই ৰোগৰ অধিকাংশ ৰোগীৰ প্ৰায় শেষ পৰ্যায়তহে ধৰা পৰে এই ৰোগ। সেয়েহে এনে পৰিস্থিতিত ৰোগীৰ চিকিৎসাও এক প্ৰত্যাহ্বান হৈ পৰে। 

এটা আন্তৰ্জাতিক স্বাস্থ্য সম্পৰ্কীয় ৱেবছাইটত ১০টা মূল লক্ষণ উল্লেখ কৰিছে। যিবোৰৰ দুটা বা তাতোধিক লক্ষণ আপোনাৰ শৰীৰত দেখা দিলে কর্কট ৰোগত আক্রান্ত হোৱাটো নিশ্চিত, কিন্তু আপোনাৰ শৰীৰতো এনে লক্ষণে দেখা দিয়ে তেন্তে ভয় নোখোৱাকৈ ডাক্তৰৰ প্ৰয়োজনীয় চিকিৎসা আৰু পৰামর্শ গ্রহণ কৰক। 
গতিকে জানো আহক সেই দহটা মূল লক্ষণ -

১. দীৰ্ঘসময় ভাগৰ লগা : যদি আপুনি দীঘলীয়া সময় ধৰি ভাগৰুৱা বা অৱসাদত ভুগি আছে, ই বহুতো ৰোগ সৃষ্টি কৰিব পাৰে, হয়তো কৰ্কট ৰোগৰো কাৰণ হব পাৰে। মলাশয়ৰ কৰ্কট ৰোগ বা তেজৰ কৰ্কট ৰোগ হ'লে সাধাৰণতে এনে লক্ষণ দেখা যায়। সেয়েহে, যদি আপুনি স্বাভাৱিকতকৈ দীঘলীয়া সময়ৰ বাবে ভাগৰুৱা বা অৱসাদত ভুগিছে, তাৎক্ষণিক চিকিৎসা লওক।

২. হঠাতে ওজন হ্ৰাস: যদি আপোনাৰ কোনো কাৰণ নোহোৱাকৈ হঠাতে দ্ৰুত গতিত ওজন হ্ৰাস পাইছে, তেন্তে পৰীক্ষা কৰাই লওক। কৰ্কট ৰোগে সাধাৰণতে ওজন হ্ৰাস কৰে। গতিকে সদায় শৰীৰৰ ওজনৰ যত্ন ল'ব।

৩. দীৰ্ঘম্যাদী বিষ: যদি আপুনি কোনো কাৰণ নোহোৱাকৈ দীৰ্ঘদিন ধৰি বিষত ভুগি আছে, আনকি ঔষধ খোৱাৰ পিছতো উপশম পোৱা নাই, ইয়াৰ বিষয়ে চিন্তা কৰাৰ কাৰণ আছে। সাধাৰণতে শৰীৰৰ কোন অংশত বিষায় তাৰ ওপৰত নিৰ্ভৰ কৰি, ৰোগীজন মস্তিষ্কৰ টিউমাৰ বা ডিম্বাশয়, বা মলাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত বুলি চিনাক্ত কৰা হয়।

৪. অস্বাভাৱিক মাংসপিণ্ড বাঢ়ি অহা: যদি আপুনি শৰীৰৰ এটা অংশত অস্বাভাৱিক মাংসপিণ্ড বাঢ়ি অহা দেখা পায় বা এনে পৰিৱৰ্তন অনুভৱ কৰে, ই আপোনাৰ বাবে অবাঞ্ছিত কিবা ৰোগৰ লক্ষণ। আনকি আপোনাৰ শৰীৰৰ কোনো পৰিৱৰ্তন স্বাভাৱিক যেন লাগিলেও পৰ্যবেক্ষণ কৰক আাৰু চিকিৎসকক অৱগত কৰক।

৫. সঘনাই জ্বৰ: কৰ্কট ৰোগত আক্রান্ত হলে শৰীৰত স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা হ্রাস পায়। ইয়াৰ ফলত সঘনাই জ্বৰ হয়। দুখজনক কথাটো হ'ল কিছুমান কৰ্কট ৰোগৰ অন্তিম পৰ্যায়ৰ লক্ষণবোৰ হৈছে সঘনাই জ্বৰ। অৱশ্যে, ইয়াৰে ব্লাড কৰ্কট ৰোগত প্ৰাৰম্ভিক পৰ্যায়ত শৰীৰত সঘনাই জ্বৰ হয়।

৬. ছালৰ পৰিৱৰ্তন: বহুলোকে ছালৰ কৰ্কট ৰোগৰ বিষয়ে অৱগত নহয়। এনে কৰ্কট ৰোগ চিনাক্ত কৰাৰ বাবে ছালৰ অস্বাভাৱিক পৰিৱৰ্তন হৈছে আটাইতকৈ সহজ উপায়। ৰঙা ছাল, চোকোৰা আৰু ৰক্তক্ষৰণ কৰ্কট ৰোগৰ লক্ষণ।

৭. দীৰ্ঘম্যাদী কাহ: যদি আপোনাৰ ঔষধ গ্ৰহণ কৰা পিছতো কাহৰ পৰা আৰোগ্য লাভ কৰা নাই আৰু যদি এই কাহৰ ফলত আপোনাৰ বুকু, পিঠি বা কান্ধত বিষ হয়, চিকিৎসকৰ পৰামৰ্শ লওক।

৮. মলমূত্র ত্যাগৰ অভ্যাসৰ পৰিৱৰ্তন: যদি আপুনি শৌচ বা প্ৰস্ৰাৱৰ বাবে সঘনাই শৌচাগাৰলৈ যাব লগা হয়, ই কৰ্কট ৰোগৰ কাৰণ হব পাৰে। মনত ৰাখিব ডায়েৰিয়া বা কোষ্ঠকাঠিন্যও মলাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ। প্ৰস্ৰাৱৰ সময়ত অন্ত্ৰৰ বিষ বা ৰক্তক্ষৰণ হৈছে প্ৰস্ৰাৱৰ কৰ্কট ৰোগৰ লক্ষণ।

৯. বিনা কাৰণত ৰক্তক্ষৰণ: যদি কাহৰ সময়ত ৰক্তক্ষৰণ হয়, ই কৰ্কট ৰোগৰ এক মুখ্য লক্ষণ। এনে ধৰণৰ অন্যান্য অস্বাভাৱিকতা, যেনে- মহিলাৰ গুপ্তাংগ বা মলদ্বাৰৰ পৰা ৰক্তক্ষৰণ হৈছে কৰ্কট ৰোগৰ লক্ষণ।

১০. খোৱাৰ সমস্যা:
যদি খাদ্য খোৱাৰ সময়ত নিয়মীয়াকৈ বদহজমত ভোগে, ই পেট, ডিঙিৰ কৰ্কট ৰোগৰ কাৰণ হব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement