--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাঘ ঐ বাঘ! পুডুচেৰীৰ  ল'জপেটত বাঘ ওলাইছে৷ খবৰটো বতাহৰ গতিত বিয়পি পৰাৰ লগে লগে ভয়তে পেঁপৱা লাগিল ল'জপেটৰ বাসিন্দাসকল৷  বাঘ ওলোৱাৰ খবৰ পোৱাৰ পিছতে ঘৰৰ বাহিৰত থকা বহুতেই খৰখেদাকৈ নিশা ঘৰৰ ভিতৰত সোমাই দুৱাৰ মাৰি দিছিল৷  মটৰ চাইকেলত অহা দুজন লোকে  অঞ্চলটোত এটা বাঘ ওলোৱা বুলি  সতৰ্ক কৰি দিয়াৰ পিছতে আতংক বিয়পি পৰে৷    ছ'চিয়েল মিডিয়াত 'বাঘ'ৰ ছবিও বহুতে আপলোড কৰিলে৷  আৰক্ষীয়ে খবৰ পাই  বাঘৰ সন্ধান কৰিবলৈ  চিচিটিভি ফুটেজ পৰীক্ষা কৰাত লাগি গ’ল৷ 

অৱশেষত চিচিটিভিত আৰক্ষীয়ে বাঘটো দেখাও পালে৷ আৰক্ষী নিশ্চিত হ’ল সেয়া বাঘ নহয়, দেহত কোনোবাই বাঘৰ দৰে আঁক-বাঁক কৰি দিয়া এটা পথৰ কুকুৰহে৷  কোনো দুষ্টচক্ৰই মিছাতে আতংকৰ সৃষ্টি কৰিবলৈ এনেদৰে কুকুৰটোকে বাঘৰ ৰূপ দিয়াৰ বিষয়ে আৰক্ষী নিশ্চিত হোৱাৰ পিছতে চক্ৰটোক ধৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে৷ এলেকাটোৰ বাসিন্দাসকলক অভয়বাণী শুনাই আৰক্ষীয়ে কৈছে " এই অঞ্চলটোত কোনো বাঘে বিচৰণ কৰা নাই।কোনো দুৰ্বৃত্তই কমলা আৰু ক'লা ৰঙেৰে  কুকুৰক বাঘ সজাইছে৷ আন্ধাৰত বহুতেই ইয়াক বাঘ বুলি ভাবিছে৷ গতিকে আতংকিত নহ’ব৷ ’’ 

 ল'জপেটৰ আৰক্ষী পৰিদৰ্শক ভেংকটাচলপতি প্ৰকাশ কৰা মতে আতংকিত হোৱাৰ কোনো কাৰণ নাই৷ কুকুৰটোক কোনে এনেদৰে বাঘৰ দৰে সজালে সেয়া জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ 





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ