--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাঘ ঐ বাঘ! পুডুচেৰীৰ  ল'জপেটত বাঘ ওলাইছে৷ খবৰটো বতাহৰ গতিত বিয়পি পৰাৰ লগে লগে ভয়তে পেঁপৱা লাগিল ল'জপেটৰ বাসিন্দাসকল৷  বাঘ ওলোৱাৰ খবৰ পোৱাৰ পিছতে ঘৰৰ বাহিৰত থকা বহুতেই খৰখেদাকৈ নিশা ঘৰৰ ভিতৰত সোমাই দুৱাৰ মাৰি দিছিল৷  মটৰ চাইকেলত অহা দুজন লোকে  অঞ্চলটোত এটা বাঘ ওলোৱা বুলি  সতৰ্ক কৰি দিয়াৰ পিছতে আতংক বিয়পি পৰে৷    ছ'চিয়েল মিডিয়াত 'বাঘ'ৰ ছবিও বহুতে আপলোড কৰিলে৷  আৰক্ষীয়ে খবৰ পাই  বাঘৰ সন্ধান কৰিবলৈ  চিচিটিভি ফুটেজ পৰীক্ষা কৰাত লাগি গ’ল৷ 

অৱশেষত চিচিটিভিত আৰক্ষীয়ে বাঘটো দেখাও পালে৷ আৰক্ষী নিশ্চিত হ’ল সেয়া বাঘ নহয়, দেহত কোনোবাই বাঘৰ দৰে আঁক-বাঁক কৰি দিয়া এটা পথৰ কুকুৰহে৷  কোনো দুষ্টচক্ৰই মিছাতে আতংকৰ সৃষ্টি কৰিবলৈ এনেদৰে কুকুৰটোকে বাঘৰ ৰূপ দিয়াৰ বিষয়ে আৰক্ষী নিশ্চিত হোৱাৰ পিছতে চক্ৰটোক ধৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে৷ এলেকাটোৰ বাসিন্দাসকলক অভয়বাণী শুনাই আৰক্ষীয়ে কৈছে " এই অঞ্চলটোত কোনো বাঘে বিচৰণ কৰা নাই।কোনো দুৰ্বৃত্তই কমলা আৰু ক'লা ৰঙেৰে  কুকুৰক বাঘ সজাইছে৷ আন্ধাৰত বহুতেই ইয়াক বাঘ বুলি ভাবিছে৷ গতিকে আতংকিত নহ’ব৷ ’’ 

 ল'জপেটৰ আৰক্ষী পৰিদৰ্শক ভেংকটাচলপতি প্ৰকাশ কৰা মতে আতংকিত হোৱাৰ কোনো কাৰণ নাই৷ কুকুৰটোক কোনে এনেদৰে বাঘৰ দৰে সজালে সেয়া জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু