--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ   হাৰিয়ানাত উদ্ধাৰ হৈছে ৪০০ বছৰ পুৰণি ভগৱান বিষ্ণুৰ মূৰ্তি। ৪০০ বছৰ ধৰি মাটুৰ তলত পোত গৈ থকা মূৰ্তি মাটি খননৰ সময়তে হঠাতে ওলায়। প্ৰত্নতাত্ত্বিকসকলে সেই মূৰ্তিৰ বয়স ৪০০ বছৰৰ ওপৰৰ হ’ব বুলি ধাৰণা কৰিছে। হাৰিয়ানাৰ চাইবাৰ চহৰ গুৰুগ্ৰামৰ ওচৰত উদ্ধাৰ হৈছে এই অতি প্ৰাচীন মূৰ্তি। মানেছাৰৰ বাঘনাকী গাঁৱত নিৰ্মাণ কাৰ্যৰ বাবে কৰি থকা ভূমি খননৰ সময়তে  সুদৰ্শন চক্ৰধাৰী  যোগ নিদ্ৰাত থকা ভগৱান বিষ্ণুৰ মূৰ্তি পোৱা গৈছে।

এতিয়ালৈকে  মুঠ তিনিটা মূৰ্তি পোৱা গৈছে বুলি জানিব পৰা গৈছে। তিনিওটা মূৰ্তি এতিয়া চণ্ডীগড়ৰ পুৰাতাত্ত্বিক জৰীপ বিভাগক হস্তান্তৰ কৰা হৈছে। মূৰ্তিবোৰ পৰীক্ষা কৰাৰ পিছত  সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে কৈছে  যে এই তিনিওটা মূৰ্তি প্ৰায় ৪০০ বছৰ পুৰণি।

প্ৰাপ্ত তথ্য অনুসৰি   এজন লোকৰ  মাটি জেচিবিৰে খন্দা হৈছিল। তেতিয়াই  শ্ৰমিকসকলে তিনিটা মূৰ্তি দেখিছিল আৰু মাটিৰ মালিকক এই বিষয়ে  অৱগত কৰিছিল।  মালিকে এই মূৰ্তিবোৰ ৰাইজৰ দৃষ্টিৰ পৰা লুকুৱাই ৰাখিব বিচাৰিছিল। তেওঁ মূৰ্তি  উদ্ধাৰৰ খবৰ কোনেও যাতে নাজানে সেয়া নিশ্চিত কৰিবলৈ জেচিবি চালকজনক টকাৰে প্ৰলোভিত কৰিব বিচাৰিছিল। অৱশ্যে জেচিবি চালকজনে দুদিন ধৰি টকা নোপোৱাৰ পিছত ঘটনাটো বিলাসপুৰ আৰক্ষী থানাক জনায়।

ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মূৰ্তিবোৰ তেওঁলোকৰ জিম্মাত লৈ  পুৰাতত্ব বিভাগক এই বিষয়ে অৱগত কৰে। পুৰাতত্ব বিভাগৰ উপ সঞ্চালক বনানী ভট্টাচাৰ্য আৰু ড. কুশে ধেৱৰ আৰক্ষী থানালৈ গৈ  মূৰ্তি তিনিটা লৈ আহে।  গাওঁবাসীয়ে কৈছে যে এই মূৰ্তিবোৰ তেওঁলোকৰ গাওঁৰ এক ঐতিহ্য আৰু তেওঁলোকে সেই ঠাইত এটা মন্দিৰ নিৰ্মাণ কৰিব বিচাৰে । পুৰাতত্ব বিভাগৰ উপ-সঞ্চালক বানানী ভট্টাচাৰ্যই কয় যে তিনিওটা মূৰ্তি ব্ৰঞ্জৰে  নিৰ্মিত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু