--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ   হাৰিয়ানাত উদ্ধাৰ হৈছে ৪০০ বছৰ পুৰণি ভগৱান বিষ্ণুৰ মূৰ্তি। ৪০০ বছৰ ধৰি মাটুৰ তলত পোত গৈ থকা মূৰ্তি মাটি খননৰ সময়তে হঠাতে ওলায়। প্ৰত্নতাত্ত্বিকসকলে সেই মূৰ্তিৰ বয়স ৪০০ বছৰৰ ওপৰৰ হ’ব বুলি ধাৰণা কৰিছে। হাৰিয়ানাৰ চাইবাৰ চহৰ গুৰুগ্ৰামৰ ওচৰত উদ্ধাৰ হৈছে এই অতি প্ৰাচীন মূৰ্তি। মানেছাৰৰ বাঘনাকী গাঁৱত নিৰ্মাণ কাৰ্যৰ বাবে কৰি থকা ভূমি খননৰ সময়তে  সুদৰ্শন চক্ৰধাৰী  যোগ নিদ্ৰাত থকা ভগৱান বিষ্ণুৰ মূৰ্তি পোৱা গৈছে।

এতিয়ালৈকে  মুঠ তিনিটা মূৰ্তি পোৱা গৈছে বুলি জানিব পৰা গৈছে। তিনিওটা মূৰ্তি এতিয়া চণ্ডীগড়ৰ পুৰাতাত্ত্বিক জৰীপ বিভাগক হস্তান্তৰ কৰা হৈছে। মূৰ্তিবোৰ পৰীক্ষা কৰাৰ পিছত  সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে কৈছে  যে এই তিনিওটা মূৰ্তি প্ৰায় ৪০০ বছৰ পুৰণি।

প্ৰাপ্ত তথ্য অনুসৰি   এজন লোকৰ  মাটি জেচিবিৰে খন্দা হৈছিল। তেতিয়াই  শ্ৰমিকসকলে তিনিটা মূৰ্তি দেখিছিল আৰু মাটিৰ মালিকক এই বিষয়ে  অৱগত কৰিছিল।  মালিকে এই মূৰ্তিবোৰ ৰাইজৰ দৃষ্টিৰ পৰা লুকুৱাই ৰাখিব বিচাৰিছিল। তেওঁ মূৰ্তি  উদ্ধাৰৰ খবৰ কোনেও যাতে নাজানে সেয়া নিশ্চিত কৰিবলৈ জেচিবি চালকজনক টকাৰে প্ৰলোভিত কৰিব বিচাৰিছিল। অৱশ্যে জেচিবি চালকজনে দুদিন ধৰি টকা নোপোৱাৰ পিছত ঘটনাটো বিলাসপুৰ আৰক্ষী থানাক জনায়।

ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মূৰ্তিবোৰ তেওঁলোকৰ জিম্মাত লৈ  পুৰাতত্ব বিভাগক এই বিষয়ে অৱগত কৰে। পুৰাতত্ব বিভাগৰ উপ সঞ্চালক বনানী ভট্টাচাৰ্য আৰু ড. কুশে ধেৱৰ আৰক্ষী থানালৈ গৈ  মূৰ্তি তিনিটা লৈ আহে।  গাওঁবাসীয়ে কৈছে যে এই মূৰ্তিবোৰ তেওঁলোকৰ গাওঁৰ এক ঐতিহ্য আৰু তেওঁলোকে সেই ঠাইত এটা মন্দিৰ নিৰ্মাণ কৰিব বিচাৰে । পুৰাতত্ব বিভাগৰ উপ-সঞ্চালক বানানী ভট্টাচাৰ্যই কয় যে তিনিওটা মূৰ্তি ব্ৰঞ্জৰে  নিৰ্মিত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ