--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি কাণৰ বিষত ভুগিছে নেকি? এই বিষে কেতিয়াবা আপোনাৰ কৰি তুলিব পাৰে কাণেৰে নুশুনা৷ এনে এক উদ্ভুদ ঘটনাৰ সাক্ষী হৈছে সমগ্ৰ চীন দেশ৷ জানিব পৰা মতে, দক্ষিণ চীনত এজন যুৱকে তেওঁৰ কাণৰ বিষত ভুগী থকাৰ বাবে এজন চিকিৎসকৰ ওচৰলৈ গৈছিল৷ আৰু চিকিৎসকজনে তেওঁৰ কাণৰ ভিতৰত এটা পোক বিচাৰি কৰাৰ পাছত হতবাক হৈ পৰিছিল। আপুনি ঠিকেই শুনিছে, এটা পইতাচোৰা তেওঁৰ কাণৰ নলীত প্ৰৱেশ কৰিছিল। হংকঙৰ ওচৰৰ দক্ষিণ চীনৰ গুয়াংডং প্ৰদেশত অৱস্থিত হুইঝৌ চহৰত এই ঘটনা সংঘটিত হৈছিল। চিকিৎসকজনৰ মতে, নিশা গৰম আৰু শুকান ঠাইৰ সন্ধানত পইতাচোৰাটো ৰোগীৰ কাণৰ ভিতৰলৈ প্ৰৱেশ কৰে। কাণত পইতাচোৰা সোমাই যোৱাটো এজন ব্যক্তিৰ বাবে সঁচাকৈয়ে বিপদজনক হ’ব পাৰে; কিয়নো এটা পইতাচোৰাই বাবে কাণৰ পৰ্দা ফাটি যোৱাৰ সম্ভৱনা থাকিব পাৰে। ফু জিয়া নামৰ চিকিৎসকজনে ৰোগীজনৰ কাণত এণ্ডোস্কোপ ব্যৱহাৰ কৰি পইতাচোৰাটো থকাৰ উমান লাভ কৰিছিল৷ চিকিৎসকে সাৱধানতাৰে মানুহজনৰ কাণ পৰীক্ষা কৰিবলৈ আগবাঢ়িছিল কিয়নো পইতাচোৰাটোৱে তেওঁৰ কাণৰ পৰ্দাৰ গুৰুতৰ ক্ষতিসাধন কৰিব পাৰে। চিকিৎসকে পইতাচোৰাটো ধৰিবলৈ চেষ্টা কৰিছিল, কিন্তু পইতাচোৰাটো লৰচৰ কৰি আছিল, সেয়েহে চিকিৎসকে ইয়াক এনাস্থেটাইজ কৰাৰ সিদ্ধান্ত লৈছিল, যাৰফলত পইতাচোৰাটো কাণৰ পৰা আতঁৰ কৰাত সহায়ক হ’ব পাৰে। খবৰ অনুসৰি, ফু জিয়াই ৰোগীজনৰ কাণৰ পৰা পইতাচোৰাটো আঁতৰ কৰাৰ পাছত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু