--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে দেশে দেশে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰা হৈ আহিছে। এই নীতি নিৰ্দেশনাবোৰ মানুহৰ জীৱন ৰক্ষাৰ বাবে অতি জৰুৰী বুলি বিবেচনা কৰি অহা হৈছিল যদিও এতিয়া এইবোৰ যেন বহুতৰ বাবেই হৈ উঠিছে এক ব’ব নোৱৰা বোজা সদৃশ। ক’ভিড নীতিৰ নামত সাধাৰণ মানুহৰ হাৰাশাস্তিৰ এই ব্যৱস্থাক লৈ এতিয়া মানুহে নিজৰ ধৈৰ্য হেৰুওৱাৰ উপক্ৰম ঘটিছে। পৰিস্থিতি এনে পৰ্যায় পাইছে যে ক’ভিডবিৰোধী নীতি প্ৰত্যাহাৰ কৰাৰ বাবে এতিয়া ৰাজপথত প্ৰতিবাদত নামিছে সাধাৰণ জনতা। প্ৰতিবাদী জনতাৰ ৰোষৰ বলি হৈ নিজৰ আবাস এৰি অজ্ঞাতবাসলৈ যাবলগীয়া হৈছে এগৰাকী ৰাষ্ট্ৰপ্ৰধান। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিল ট্ৰুডো আৰু তেওঁৰ পৰিয়াল এতিয়া অজ্ঞাতবাসলৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। দেশখনৰ ৰাজধানীত থকা তেওঁলোকৰ চৰকাৰী আবাসৰ পৰা অজ্ঞাত স্থানলৈ স্থানান্তৰিত হৈছে। দেশখনৰ প্ৰধানমন্ত্ৰীৰ পৰিয়ালসহিতে এই অজ্ঞাতবাসৰ কাৰণ হৈছে দেশখনৰ চৰকাৰে ক’ভিড-১৯ৰ প্ৰতিষেধক সম্পৰ্কীয় নীতিৰ বিৰুদ্ধে বৃহৎসংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰাটো। আন্তঃসীমান্ত ভ্ৰমণকাৰী ট্ৰাক ড্ৰাইভাৰসকলে আৰম্ভ কৰা প্ৰতিবাদে ব্যাপক ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিততে এই পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হয় প্ৰধানমন্ত্ৰীয়ে। কানাডিয়ান ব্ৰডকাষ্টিং কৰ্প’ৰেচনে প্ৰকাশ কৰা অনুসৰি ‘ফ্ৰিডম কনভয়’ নামেৰে সীমান্ত ইপাৰ-সিপাৰ হৈ থকা ট্ৰাক ড্ৰাইভাৰসকলে আৰম্ভ কৰা প্ৰতিবাদে ব্যাপক ৰূপ ধাৰণ কৰে আৰু ব্যাপকসংখ্যক প্ৰতিবাদকাৰীয়ে ট্ৰুডো চৰকাৰৰ কৰ’না সম্পৰ্কীয় বাধা-নিষেধৰ বিৰুদ্ধে সংসদত প্ৰতিবাদ সাব্যস্ত কৰে। ক্ৰছ ব’ৰ্ডাৰ যাতায়াতৰ ক্ষেত্ৰত ভেকচিনৰ প্ৰয়োজনীয়তা সম্পৰ্কীয় নীতি নিৰ্দেশনাৰ বিৰুদ্ধে এই প্ৰতিবাদ আৰম্ভ হৈছিল। শনিবাৰে বৃহৎসংখ্যক প্ৰতিবাদকৰীয়ে ৰাজধানী মহানগৰখনত ক’ভিড ভেকচিন সম্পৰ্কীয় নীতি-নিৰ্দেশনা আৰু জনস্বাস্থ্যৰ সৈতে জড়িত প্ৰতিবন্ধকতা প্ৰত্যাহাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ পাছতে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে অজ্ঞানবাসলৈ যোৱাটোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ