--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে দেশে দেশে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰা হৈ আহিছে। এই নীতি নিৰ্দেশনাবোৰ মানুহৰ জীৱন ৰক্ষাৰ বাবে অতি জৰুৰী বুলি বিবেচনা কৰি অহা হৈছিল যদিও এতিয়া এইবোৰ যেন বহুতৰ বাবেই হৈ উঠিছে এক ব’ব নোৱৰা বোজা সদৃশ। ক’ভিড নীতিৰ নামত সাধাৰণ মানুহৰ হাৰাশাস্তিৰ এই ব্যৱস্থাক লৈ এতিয়া মানুহে নিজৰ ধৈৰ্য হেৰুওৱাৰ উপক্ৰম ঘটিছে। পৰিস্থিতি এনে পৰ্যায় পাইছে যে ক’ভিডবিৰোধী নীতি প্ৰত্যাহাৰ কৰাৰ বাবে এতিয়া ৰাজপথত প্ৰতিবাদত নামিছে সাধাৰণ জনতা। প্ৰতিবাদী জনতাৰ ৰোষৰ বলি হৈ নিজৰ আবাস এৰি অজ্ঞাতবাসলৈ যাবলগীয়া হৈছে এগৰাকী ৰাষ্ট্ৰপ্ৰধান। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিল ট্ৰুডো আৰু তেওঁৰ পৰিয়াল এতিয়া অজ্ঞাতবাসলৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। দেশখনৰ ৰাজধানীত থকা তেওঁলোকৰ চৰকাৰী আবাসৰ পৰা অজ্ঞাত স্থানলৈ স্থানান্তৰিত হৈছে। দেশখনৰ প্ৰধানমন্ত্ৰীৰ পৰিয়ালসহিতে এই অজ্ঞাতবাসৰ কাৰণ হৈছে দেশখনৰ চৰকাৰে ক’ভিড-১৯ৰ প্ৰতিষেধক সম্পৰ্কীয় নীতিৰ বিৰুদ্ধে বৃহৎসংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰাটো। আন্তঃসীমান্ত ভ্ৰমণকাৰী ট্ৰাক ড্ৰাইভাৰসকলে আৰম্ভ কৰা প্ৰতিবাদে ব্যাপক ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিততে এই পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হয় প্ৰধানমন্ত্ৰীয়ে। কানাডিয়ান ব্ৰডকাষ্টিং কৰ্প’ৰেচনে প্ৰকাশ কৰা অনুসৰি ‘ফ্ৰিডম কনভয়’ নামেৰে সীমান্ত ইপাৰ-সিপাৰ হৈ থকা ট্ৰাক ড্ৰাইভাৰসকলে আৰম্ভ কৰা প্ৰতিবাদে ব্যাপক ৰূপ ধাৰণ কৰে আৰু ব্যাপকসংখ্যক প্ৰতিবাদকাৰীয়ে ট্ৰুডো চৰকাৰৰ কৰ’না সম্পৰ্কীয় বাধা-নিষেধৰ বিৰুদ্ধে সংসদত প্ৰতিবাদ সাব্যস্ত কৰে। ক্ৰছ ব’ৰ্ডাৰ যাতায়াতৰ ক্ষেত্ৰত ভেকচিনৰ প্ৰয়োজনীয়তা সম্পৰ্কীয় নীতি নিৰ্দেশনাৰ বিৰুদ্ধে এই প্ৰতিবাদ আৰম্ভ হৈছিল। শনিবাৰে বৃহৎসংখ্যক প্ৰতিবাদকৰীয়ে ৰাজধানী মহানগৰখনত ক’ভিড ভেকচিন সম্পৰ্কীয় নীতি-নিৰ্দেশনা আৰু জনস্বাস্থ্যৰ সৈতে জড়িত প্ৰতিবন্ধকতা প্ৰত্যাহাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ পাছতে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে অজ্ঞানবাসলৈ যোৱাটোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু