--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছ সম্পৰ্কে সকলোৱে বহুত শুনিলে, নীতি-নিৰ্দেশনা মানি চলিলে, লকডাইন পালন কৰিলে। বিগত দুবছৰে মানুহে কেৱল ঘৰৰ চাৰি বেৰৰ মাজত আবদ্ধ হৈ থাকিল, ফলশ্ৰুতিত বেছিভাগৰে জীৱন আৰু জীৱিকা এতিয়া প্ৰায় স্থবিৰ হৈ পৰিছে৷ এই সময়ত সৰ্বসাধাৰণৰ মনত বহুতো প্ৰশ্নৰ উদয় হৈছে যে আমি এই ৰোগৰ পৰা বাছি থাকি কি হ’ব যদি আমাৰ দুবেলা দুমুঠি আৰ্জিবলৈ সক্ষম হৈ নাথাকে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ক’ভিড-১৯ক মহামাৰী হিচাপে ঘোষণা কৰাৰ দুবছৰোৰ অধিক সময় অতিবাহিত কৰিছে৷ ক’ভিড মহামাৰীৰ ক্ষেত্ৰত আৰম্ভণি পৰ্যায়ত মানুহে এই ভাইৰাছক লৈ যথেষ্ট ভয়-শংকাৰ মাজেৰে পাৰ কৰিছিল যদিও সময়ৰ লগে-লগে মানুহে ক’ভিড মহামাৰীৰ লগত সহবাস কৰিবলৈ এতিয়া মানসিকভাৱে প্ৰস্তুত হ’ল৷ কিয়নো ক’ভিডৰ দ্বিতীয় আৰু তৃতীয় ঢৌ আগ্ৰাসনত মানুহে পূৰ্বৰ দৰে ভয় আতংকিত হোৱাৰ পৰিলক্ষিত নহ’ল৷ জীৱন আৰু জীৱিকা দুয়োটা দিশৰ প্ৰতি লক্ষ্য ৰাখি মানুহে সকলোধৰণৰ ক’ভিডবিধি মানি কৰ্ম কৰি গ’ল৷ ইয়াৰ লগে-লগে আমাৰ কৰ্ম-সংস্কৃতিৰো পৰিৱৰ্তন হ’ল৷ অফিচৰ কাম এতিয়া আমি ঘৰত কৰিবলৈ ল’লে৷ বিশ্বব্যাপী মহামাৰী ক’ভিড-১৯ৰ ফলত কৰ্মজীৱনৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ মাজত, এক অধ্যয়নত প্ৰকাশ পাইছে যে মানুহে এতিয়া অফিচত কাম কৰিবলৈ যোৱাৰ সলনি ঘৰত কাম কৰিবলৈ পছন্দ কৰিছে। এক নিযুক্তি ৱেবছাইট চাইকীৰ ‘টেক টেলেণ্ট আউটলুক’ প্ৰতিবেদন অনুসৰি, মহামাৰীৰ বাবে মানুহে এতিয়া কাৰ্যালয়ত কাম কৰাৰ প্ৰৱণতা প্ৰায় হেৰুৱাই পেলাইছে, তাৰ পৰিৱৰ্তে কৰ্মচাৰীসকল ৱৰ্ক ফ্ৰম হোমৰ এক ‘নতুন প্ৰৱণতা’ হৈ পৰিছে আৰু এই নতুন অভ্যাসবোৰে এতিয়া মানুহৰ জীৱনৰ পট পৰিৱৰ্তন কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ