--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছ সম্পৰ্কে সকলোৱে বহুত শুনিলে, নীতি-নিৰ্দেশনা মানি চলিলে, লকডাইন পালন কৰিলে। বিগত দুবছৰে মানুহে কেৱল ঘৰৰ চাৰি বেৰৰ মাজত আবদ্ধ হৈ থাকিল, ফলশ্ৰুতিত বেছিভাগৰে জীৱন আৰু জীৱিকা এতিয়া প্ৰায় স্থবিৰ হৈ পৰিছে৷ এই সময়ত সৰ্বসাধাৰণৰ মনত বহুতো প্ৰশ্নৰ উদয় হৈছে যে আমি এই ৰোগৰ পৰা বাছি থাকি কি হ’ব যদি আমাৰ দুবেলা দুমুঠি আৰ্জিবলৈ সক্ষম হৈ নাথাকে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ক’ভিড-১৯ক মহামাৰী হিচাপে ঘোষণা কৰাৰ দুবছৰোৰ অধিক সময় অতিবাহিত কৰিছে৷ ক’ভিড মহামাৰীৰ ক্ষেত্ৰত আৰম্ভণি পৰ্যায়ত মানুহে এই ভাইৰাছক লৈ যথেষ্ট ভয়-শংকাৰ মাজেৰে পাৰ কৰিছিল যদিও সময়ৰ লগে-লগে মানুহে ক’ভিড মহামাৰীৰ লগত সহবাস কৰিবলৈ এতিয়া মানসিকভাৱে প্ৰস্তুত হ’ল৷ কিয়নো ক’ভিডৰ দ্বিতীয় আৰু তৃতীয় ঢৌ আগ্ৰাসনত মানুহে পূৰ্বৰ দৰে ভয় আতংকিত হোৱাৰ পৰিলক্ষিত নহ’ল৷ জীৱন আৰু জীৱিকা দুয়োটা দিশৰ প্ৰতি লক্ষ্য ৰাখি মানুহে সকলোধৰণৰ ক’ভিডবিধি মানি কৰ্ম কৰি গ’ল৷ ইয়াৰ লগে-লগে আমাৰ কৰ্ম-সংস্কৃতিৰো পৰিৱৰ্তন হ’ল৷ অফিচৰ কাম এতিয়া আমি ঘৰত কৰিবলৈ ল’লে৷ বিশ্বব্যাপী মহামাৰী ক’ভিড-১৯ৰ ফলত কৰ্মজীৱনৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ মাজত, এক অধ্যয়নত প্ৰকাশ পাইছে যে মানুহে এতিয়া অফিচত কাম কৰিবলৈ যোৱাৰ সলনি ঘৰত কাম কৰিবলৈ পছন্দ কৰিছে। এক নিযুক্তি ৱেবছাইট চাইকীৰ ‘টেক টেলেণ্ট আউটলুক’ প্ৰতিবেদন অনুসৰি, মহামাৰীৰ বাবে মানুহে এতিয়া কাৰ্যালয়ত কাম কৰাৰ প্ৰৱণতা প্ৰায় হেৰুৱাই পেলাইছে, তাৰ পৰিৱৰ্তে কৰ্মচাৰীসকল ৱৰ্ক ফ্ৰম হোমৰ এক ‘নতুন প্ৰৱণতা’ হৈ পৰিছে আৰু এই নতুন অভ্যাসবোৰে এতিয়া মানুহৰ জীৱনৰ পট পৰিৱৰ্তন কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু