--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ শ অপৰাধী চক্ৰ আৰু গেং। সঘনাই গেং ফাইটিঙ চলে বাটে-পথে। এই গেংফাইটিঙত বিপৰ্যস্ত এখন দেশ হৈছে এল চালভাডৰ। এতিয়া দেশখনত অপৰাধীবিলাকক গ্ৰেপ্তাৰ কৰা আৰম্ভ হৈছে। এখন বিশাল কাৰাগাৰো নিৰ্মাণ কৰা হৈছে। শেহতীয়াকৈ মুকলি কৰা হৈছে এই কাৰাগাৰখন। দেশখনে দাবী কৰে যে ই বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু কঠিন কাৰাগাৰ। ইয়াত কঠোৰ নিয়ম প্ৰযোজ্য হ’ব।

উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত এল ছালভাডৰ এখন সৰু দেশ। কিন্তু জনসংখ্যা বহুত বেছি। এই সৰু দেশখনৰ জনসংখ্যা ৬.৫ কোটিতকৈও অধিক।

১৯৮০ চনৰ পৰা ১৯৯২ চনলৈকে এল ছালভাডৰক গৃহযুদ্ধই জুৰুলা কৰিছিল। তাত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল। একবিংশ শতিকাৰ আৰম্ভণিৰ পৰাই এই দেশত অপৰাধ আৰু চোৰাং ব্যৱসায়ৰ হাৰ বৃদ্ধি পাইছে। এটাৰ পিছত এটা গেং-এ মূৰ দাঙিছে।  দেশত বৃদ্ধি পাইছে অপৰাধীৰ সংখ্যা। ইমানেই অপৰাধী বাঢ়িছে যে কাৰাগাৰসমূহ ভৰি পৰিছে আৰু সমস্যাৰ সৃষ্টি হৈছে।

বিশ্বৰ ভিতৰতে এই দেশত বন্দীত্বৰ হাৰ সৰ্বাধিক। দেশৰ মুঠ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ দুই শতাংশ কাৰাগাৰত আছে। লা এস্পেৰান্জা আছিল এল ছালভাডৰৰ আটাইতকৈ ডাঙৰ কাৰাগাৰ। ১০ হাজাৰ বন্দী থাকিব পাৰে। কিন্তু এতিয়া তাত ৩৩ হাজাৰ লোক আছে। ফলত বিপজ্জনক হৈ পৰিছে এই কাৰাগাৰখন।

অৱশেষত সেই সমস্যাৰ সমাধান হ’ল। ৪০ হাজাৰ বন্দীক ৰখাব পৰা কাৰাগাৰ বনোৱা হ’ল। কঠোৰ নিৰাপত্তাৰে ভৰা এই কাৰাগাৰখন যোৱা মঙলবাৰে  উদ্বোধন কৰা হয়।

এই সকলোবোৰ কাৰণতে নতুন কাৰাগাৰ নিৰ্মাণ হ’ল। এল ছালভাডৰৰ কাৰাগাৰৰ মুৰব্বী অচিৰিছ লুনাই কয় যে নতুন কাৰাগাৰখন ৪১০ একৰ মাটিত নিৰ্মাণ কৰা হৈছে। ৬০০ জোৱান আৰু ২৫০ জন আৰক্ষী চকীদাৰক ইয়াত নিযুক্তি দিয়া হৈছে।

ৰাষ্ট্ৰপতি নাইব বুকেলে যোৱা বছৰৰ মাৰ্চ মাহত কেবিনেটক অপৰাধীক ৰাখিবলৈ নতুন স্থানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। সেই আদেশৰ বাবেই চৰকাৰৰ হাতলৈ বিশেষ ক্ষমতা আহিল। ৱাৰেণ্ট অবিহনেই অপৰাধী গ্ৰেপ্তাৰকাৰ্য আৰম্ভ হয়। ফলত ৬২ হাজাৰ "অপৰাধী"ক গ্ৰেপ্তাৰ কৰা হয়।

ৰাষ্ট্ৰপতি বুকেলে কয় যে এই কাৰাগাৰত কঠোৰ ব্যৱস্থা থাকিব। সেই পদক্ষেপ এনেদৰে লোৱা হৈছে যাতে এখিলা পাতো যাতে সাৰি যাব নোৱাৰে। অত্যাধুনিক চোৰাংচোৱাগিৰিৰ সঁজুলিও উপলব্ধ হ’ব।

ৰাষ্ট্ৰপতি বুকেলে কয় যে কাৰাগাৰত যৌনকৰ্মী, প্লে ষ্টেচন, টিভি, মোবাইল ফোন, কম্পিউটাৰ নাথাকিব। কাৰাগাৰত বহি মোবাইলত যাতে কথা পাতিব নোৱাৰে, তাৰ নিৰীক্ষণৰ বাবে বিশেষ প্ৰযুক্তি থাকিব। দিনে নিশাই কয়দীৰ কোঠাৰ সন্মুখত টহল দিব গাৰ্ডে। সমগ্ৰ কাৰাগাৰ চৌহদত স্থাপন কৰা হ’ব শ শ চিচিটিভি কেমেৰা।

পৃথিৱীত ইমান ডাঙৰ কাৰাগাৰ এয়াই প্ৰথম। সেয়েহে এল ছালভাডৰৰ এই কাৰাগাৰৰ নাম ইতিমধ্যে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ