--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতি-কূল...’- বস্তুবাদী এই পৃথিৱীত ধন অবিহনে আজিৰ দিনত একোৱেই যেন পোৱা নাযায়। সেয়ে ঐশ্বৰ্য-বিভূতিৰে প্ৰতিজন লোকেই এই পৃথিৱীত প্ৰভাৱশালী হৈ থাকিব খোজে। কোনোৱে এই প্ৰতিযোগিতাত সফলতাৰ আকাশ চুমিছে, আন কোনোৱে সংঘৰ্ষৰে জীৱন নিয়াইছে। উৰুখা পঁজা নাইবা মুকলি আকাশৰ তলত ক্ষুদ্ধাৰ্ত জীৱন কটোৱাৰ বিপৰীতে বহু লোকৰ ধন-সম্পত্তিৰ তালিকা চকু ছাঁটমৰা বিধৰ। ঐশ্বৰ্য-বিভূতিৰে এইবাৰ চৰ্চালৈ আহিছে এগৰাকী বিশেষ ব্যক্তি। ব্যক্তিজনৰ প্ৰায় ৭ হাজাৰখন বিলাসী গাড়ী আছে। সকলোবোৰ গাড়ীয়েই বিশ্বৰ নামী-দাবী ব্ৰেণ্ডৰ। তেওঁৰ প্ৰায় ৬০০খন ৰ’লছ ৰয়েছ, ৫৭০ খনতকৈ অধিক মাৰ্চিডিজ-বেঞ্জ, ৪৫০খন ফেৰাৰী, ৩৮০খনতকৈ অধিক বেণ্টলী, ১৩৪খন কোয়েনিগেগ আৰু মেকলাৰেন F1S, পোৰ্ছৰ দৰে কেইবাখনো বিলাসী গাড়ী। তেওঁৰ কেইবাখনো গাড়ীত সোণৰ প্ৰলেপ তথা স্তৰ দেখিবলৈ পোৱা গৈছিল। তেওঁৰ কেৱল গাড়ীবোৰৰ মূল্যই প্ৰায় ৩৪১০ কোটিৰো অধিক বুলি ধাৰণা কৰা হৈছে। ইয়াৰ উপৰি তেওঁৰ অতি বিলাসী প্ৰাসাদ আৰু আন সা-সম্পত্তি আছেই। তেওঁৰ ৰাজকীয় প্ৰাসাদটো সোণেৰে সজ্জিত। প্ৰাসাদৰ ভিতৰত হীৰাখচিত হৈ আছে বহু অংশত। তেওঁৰ মুঠ সম্পত্তি প্ৰায় ১৪ হাজাৰ ৭০০ কোটিৰো অধিক বুলি ধাৰণা কৰা হৈছে। এই ব্যক্তিজন আন কোনো নহয়, ব্ৰুনেইৰ বৰ্তমানৰ চুলতান আৰু প্ৰধানমন্ত্ৰী হাছানাল বোলকিয়াহ। চুলতানজন সোণৰ সিংহাসনত বহে আৰু যিখন গাড়ী ব্যৱহাৰ কৰে, সেইখনত সোণখচিত কৰা আছে। তেওঁক পৃথিৱীৰ আটাইতকৈ ধনী শাসকসকলৰ ভিতৰত গণ্য কৰা হয়। হাছানাল বোলকিয়াই ব্ৰুনেই শাসন কৰাৰ ৫০ বছৰৰো অধিক সময় হ’ল। ১৯৮০ চনলৈ হাছনালেই বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি আছিল। এক প্ৰতিবেদন অনুসৰি, হাছানাল বোলকিয়াৰ কেইবাখনো ব্যক্তিগত জেট বোয়িং ৭৪৭-৪০০, বোয়িং ৭৬৭-২০০ আৰু বিলাসী সুবিধা থকা এয়াৰবাছ এ ৩৪০-২০০ আছে। তেওঁৰ বোয়িং ৭৪৭-৪০০ জেটতো সোণখচিত আছে, য’ত লিভিং ৰুম আৰু শোৱনি কোঠাকে ধৰি বহুতো সুবিধা আছে। এক প্ৰতিবেদন অনুসৰি, হাছনাল বোলকিয়াৰ ১৪,৭০০ কোটিৰো অধিক টকাৰ সম্পত্তি আছে। তেওঁৰ উপাৰ্জনৰ আটাইতকৈ ডাঙৰ উৎস হৈছে তেলৰ ভাণ্ডাৰ আৰু প্ৰাকৃতিক গেছ। তেওঁৰ ৰাজকীয় প্ৰাসাদৰ নাম হৈছে ‘ইস্তানা নুৰুল ইমান পেলেচ’। এই প্ৰাসাদৰ মূল্য প্ৰায় ২,৫৫০ কোটি টকা বুলি ধাৰণা কৰা হৈছে। ১৯৮৪ চনতে এই প্ৰাসাদটো নিৰ্মাণ কৰা হৈছিল। ই ২ মিলিয়ন বৰ্গফুট এলেকা বিয়পি আছে। এই প্ৰাসাদৰ মূল গম্বুজটো ২২ কেৰেট সোণেৰে সজ্জিত। প্ৰাসাদত ১৭০০ৰো অধিক কোঠা, ২৫৭ টা বাথৰূম আৰু ৫টা ছুইমিং পুল আছে। প্ৰাসাদটোত ২০০টা ঘোঁৰাৰ বাবে এয়াৰ কণ্ডিচনাৰ থকা ১১০টা আস্তাবল আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু