--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতি-কূল...’- বস্তুবাদী এই পৃথিৱীত ধন অবিহনে আজিৰ দিনত একোৱেই যেন পোৱা নাযায়। সেয়ে ঐশ্বৰ্য-বিভূতিৰে প্ৰতিজন লোকেই এই পৃথিৱীত প্ৰভাৱশালী হৈ থাকিব খোজে। কোনোৱে এই প্ৰতিযোগিতাত সফলতাৰ আকাশ চুমিছে, আন কোনোৱে সংঘৰ্ষৰে জীৱন নিয়াইছে। উৰুখা পঁজা নাইবা মুকলি আকাশৰ তলত ক্ষুদ্ধাৰ্ত জীৱন কটোৱাৰ বিপৰীতে বহু লোকৰ ধন-সম্পত্তিৰ তালিকা চকু ছাঁটমৰা বিধৰ। ঐশ্বৰ্য-বিভূতিৰে এইবাৰ চৰ্চালৈ আহিছে এগৰাকী বিশেষ ব্যক্তি। ব্যক্তিজনৰ প্ৰায় ৭ হাজাৰখন বিলাসী গাড়ী আছে। সকলোবোৰ গাড়ীয়েই বিশ্বৰ নামী-দাবী ব্ৰেণ্ডৰ। তেওঁৰ প্ৰায় ৬০০খন ৰ’লছ ৰয়েছ, ৫৭০ খনতকৈ অধিক মাৰ্চিডিজ-বেঞ্জ, ৪৫০খন ফেৰাৰী, ৩৮০খনতকৈ অধিক বেণ্টলী, ১৩৪খন কোয়েনিগেগ আৰু মেকলাৰেন F1S, পোৰ্ছৰ দৰে কেইবাখনো বিলাসী গাড়ী। তেওঁৰ কেইবাখনো গাড়ীত সোণৰ প্ৰলেপ তথা স্তৰ দেখিবলৈ পোৱা গৈছিল। তেওঁৰ কেৱল গাড়ীবোৰৰ মূল্যই প্ৰায় ৩৪১০ কোটিৰো অধিক বুলি ধাৰণা কৰা হৈছে। ইয়াৰ উপৰি তেওঁৰ অতি বিলাসী প্ৰাসাদ আৰু আন সা-সম্পত্তি আছেই। তেওঁৰ ৰাজকীয় প্ৰাসাদটো সোণেৰে সজ্জিত। প্ৰাসাদৰ ভিতৰত হীৰাখচিত হৈ আছে বহু অংশত। তেওঁৰ মুঠ সম্পত্তি প্ৰায় ১৪ হাজাৰ ৭০০ কোটিৰো অধিক বুলি ধাৰণা কৰা হৈছে। এই ব্যক্তিজন আন কোনো নহয়, ব্ৰুনেইৰ বৰ্তমানৰ চুলতান আৰু প্ৰধানমন্ত্ৰী হাছানাল বোলকিয়াহ। চুলতানজন সোণৰ সিংহাসনত বহে আৰু যিখন গাড়ী ব্যৱহাৰ কৰে, সেইখনত সোণখচিত কৰা আছে। তেওঁক পৃথিৱীৰ আটাইতকৈ ধনী শাসকসকলৰ ভিতৰত গণ্য কৰা হয়। হাছানাল বোলকিয়াই ব্ৰুনেই শাসন কৰাৰ ৫০ বছৰৰো অধিক সময় হ’ল। ১৯৮০ চনলৈ হাছনালেই বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি আছিল। এক প্ৰতিবেদন অনুসৰি, হাছানাল বোলকিয়াৰ কেইবাখনো ব্যক্তিগত জেট বোয়িং ৭৪৭-৪০০, বোয়িং ৭৬৭-২০০ আৰু বিলাসী সুবিধা থকা এয়াৰবাছ এ ৩৪০-২০০ আছে। তেওঁৰ বোয়িং ৭৪৭-৪০০ জেটতো সোণখচিত আছে, য’ত লিভিং ৰুম আৰু শোৱনি কোঠাকে ধৰি বহুতো সুবিধা আছে। এক প্ৰতিবেদন অনুসৰি, হাছনাল বোলকিয়াৰ ১৪,৭০০ কোটিৰো অধিক টকাৰ সম্পত্তি আছে। তেওঁৰ উপাৰ্জনৰ আটাইতকৈ ডাঙৰ উৎস হৈছে তেলৰ ভাণ্ডাৰ আৰু প্ৰাকৃতিক গেছ। তেওঁৰ ৰাজকীয় প্ৰাসাদৰ নাম হৈছে ‘ইস্তানা নুৰুল ইমান পেলেচ’। এই প্ৰাসাদৰ মূল্য প্ৰায় ২,৫৫০ কোটি টকা বুলি ধাৰণা কৰা হৈছে। ১৯৮৪ চনতে এই প্ৰাসাদটো নিৰ্মাণ কৰা হৈছিল। ই ২ মিলিয়ন বৰ্গফুট এলেকা বিয়পি আছে। এই প্ৰাসাদৰ মূল গম্বুজটো ২২ কেৰেট সোণেৰে সজ্জিত। প্ৰাসাদত ১৭০০ৰো অধিক কোঠা, ২৫৭ টা বাথৰূম আৰু ৫টা ছুইমিং পুল আছে। প্ৰাসাদটোত ২০০টা ঘোঁৰাৰ বাবে এয়াৰ কণ্ডিচনাৰ থকা ১১০টা আস্তাবল আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ