--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ-কোৰিয়া শব্দটোৱেই বিশ্বৰ দৃষ্টিত যেন অনুশাসন আৰু একনায়কত্ববাদৰ অন্য এটা নাম। সময়ে সময়ে বিভিন্ন আজৱ সিদ্ধান্তৰে দেশখনৰ শাসক কিম্ জং উনে সংবাদ মাধ্যমৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। কেইমাহমান পূৰ্বে দেশখনৰ জনসাধাৰণক ১০দিনৰ বাবে হঁহাত বাধা আৰোপ কৰা হৈছিল। ক’ভিড সংক্ৰমণৰ সময়ত অন্যান্য দেশবোৰে সংক্ৰমণ ৰোধ আৰু চিকিৎসাৰ বাবে চিন্তা-চৰ্চা কৰি থকাৰ সময়তে কিম্ জং উনে ঘোষণা কৰিছিল যে, উত্তৰ-কোৰিয়াত কোনো ক’ভিড ৰোগী ধৰা পৰিলেই চিকিৎসাৰ সলনি গুলী কৰি মৃত্যুদণ্ড দিয়া হ’ব। এইবোৰ অতি আচৰিত সিদ্ধান্ত হ’লেও জনসাধাৰণে ইয়াৰ বিৰোধ কৰিব নোৱাৰে। কিয়নো কিমৰ বিৰোধ কৰা মানেই নিজৰ মৃত্যুক হাত বাউল দি মতা। স্বেচ্ছাচাৰী শাসকজনে বহুক্ষেত্ৰত তেওঁৰ গোপনীয়তা অতি কঠোৰভাৱে পালন কৰে। শেহতীয়াকৈ তেওঁৰ আন এক গোপনীয়তা ফাদিল হৈছে। কিমে তেওঁৰ শৌচালয় এককভাৱে ব্যৱহাৰ কৰে। আন কোনো ব্যক্তিয়ে তেওঁৰ শৌচালয় ব্যৱহাৰ কৰাটো তেওঁ সহ্য নকৰে। তেওঁ ব্যৱহাৰ কৰা প্ৰতিখন গাড়ীত একোটাকৈ শৌচালয় সংযোজিত কৰা হৈছে যাতে শাসকজনে আনে ব্যৱহাৰ কৰা শৌচালয় কেতিয়াও ব্যৱহাৰ কৰিব লগা নহয়। কিন্তু প্ৰতিখন গাড়ীত শৌচালয় সংযোজিত কৰাটো তেওঁৰ গোপনীয়তা নহয়। এই কথা বহু আগতেই সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। কিন্তু কিয় কিমে এনেকৈ তেওঁৰ গাড়ীত বিদেশ ভ্ৰমণ কৰিলেও শৌচালয় কঢ়িয়াই ফুৰে, তাৰ আঁৰৰ ৰহস্যহে এতিয়া ফাদিল হৈছে। কিমে তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য আনে গম পোৱাটো নিবিচাৰে। তেওঁ বিশ্বাস কৰে যে তেওঁৰ মলৰ দ্বাৰা তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য আনে জানিব পাৰিব। সেয়ে তেওঁৰ মল ভুল হাতত পৰাটো তেওঁ বিচৰা নাই। যদি তেওঁ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাত ভুগি থাকে, তেন্তে তেওঁৰ দেশ আৰু বিশ্বব্যাপী প্ৰফাইল ক্ষতিগ্ৰস্ত হ’ব পাৰে। তেওঁ আৰু ১০ বছৰ শাসনত অধিস্থিত থকাৰ ইচ্ছা আছে। কিন্তু তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় তথ্যৰ পৰা কোনো ব্যক্তিয়ে উৰা-বাতৰি প্ৰকাশ কৰি দেশৰ জনতাৰ মনত তেওঁৰ প্ৰতি বিশ্বাস কমাই দিব পাৰে। এনেবোৰ কাৰণতেই তেওঁ এটা সুকীয়া শৌচাগাৰ ব্যৱহাৰ কৰে আৰু তেওঁৰ মলবোৰ ভুল ব্যক্তি বা উৎসৰ হাতত পৰাৰ পৰা বাৰণ কৰাৰ চেষ্টা চলাই আহিছে। উত্তৰ-কোৰিয়াৰ শাসক কিম্ জং উনৰ এনে সিদ্ধান্তই সময়ে সময়ে বিশ্ববাসীক আচৰিত কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু