--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ-কোৰিয়া শব্দটোৱেই বিশ্বৰ দৃষ্টিত যেন অনুশাসন আৰু একনায়কত্ববাদৰ অন্য এটা নাম। সময়ে সময়ে বিভিন্ন আজৱ সিদ্ধান্তৰে দেশখনৰ শাসক কিম্ জং উনে সংবাদ মাধ্যমৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। কেইমাহমান পূৰ্বে দেশখনৰ জনসাধাৰণক ১০দিনৰ বাবে হঁহাত বাধা আৰোপ কৰা হৈছিল। ক’ভিড সংক্ৰমণৰ সময়ত অন্যান্য দেশবোৰে সংক্ৰমণ ৰোধ আৰু চিকিৎসাৰ বাবে চিন্তা-চৰ্চা কৰি থকাৰ সময়তে কিম্ জং উনে ঘোষণা কৰিছিল যে, উত্তৰ-কোৰিয়াত কোনো ক’ভিড ৰোগী ধৰা পৰিলেই চিকিৎসাৰ সলনি গুলী কৰি মৃত্যুদণ্ড দিয়া হ’ব। এইবোৰ অতি আচৰিত সিদ্ধান্ত হ’লেও জনসাধাৰণে ইয়াৰ বিৰোধ কৰিব নোৱাৰে। কিয়নো কিমৰ বিৰোধ কৰা মানেই নিজৰ মৃত্যুক হাত বাউল দি মতা। স্বেচ্ছাচাৰী শাসকজনে বহুক্ষেত্ৰত তেওঁৰ গোপনীয়তা অতি কঠোৰভাৱে পালন কৰে। শেহতীয়াকৈ তেওঁৰ আন এক গোপনীয়তা ফাদিল হৈছে। কিমে তেওঁৰ শৌচালয় এককভাৱে ব্যৱহাৰ কৰে। আন কোনো ব্যক্তিয়ে তেওঁৰ শৌচালয় ব্যৱহাৰ কৰাটো তেওঁ সহ্য নকৰে। তেওঁ ব্যৱহাৰ কৰা প্ৰতিখন গাড়ীত একোটাকৈ শৌচালয় সংযোজিত কৰা হৈছে যাতে শাসকজনে আনে ব্যৱহাৰ কৰা শৌচালয় কেতিয়াও ব্যৱহাৰ কৰিব লগা নহয়। কিন্তু প্ৰতিখন গাড়ীত শৌচালয় সংযোজিত কৰাটো তেওঁৰ গোপনীয়তা নহয়। এই কথা বহু আগতেই সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। কিন্তু কিয় কিমে এনেকৈ তেওঁৰ গাড়ীত বিদেশ ভ্ৰমণ কৰিলেও শৌচালয় কঢ়িয়াই ফুৰে, তাৰ আঁৰৰ ৰহস্যহে এতিয়া ফাদিল হৈছে। কিমে তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য আনে গম পোৱাটো নিবিচাৰে। তেওঁ বিশ্বাস কৰে যে তেওঁৰ মলৰ দ্বাৰা তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য আনে জানিব পাৰিব। সেয়ে তেওঁৰ মল ভুল হাতত পৰাটো তেওঁ বিচৰা নাই। যদি তেওঁ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাত ভুগি থাকে, তেন্তে তেওঁৰ দেশ আৰু বিশ্বব্যাপী প্ৰফাইল ক্ষতিগ্ৰস্ত হ’ব পাৰে। তেওঁ আৰু ১০ বছৰ শাসনত অধিস্থিত থকাৰ ইচ্ছা আছে। কিন্তু তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় তথ্যৰ পৰা কোনো ব্যক্তিয়ে উৰা-বাতৰি প্ৰকাশ কৰি দেশৰ জনতাৰ মনত তেওঁৰ প্ৰতি বিশ্বাস কমাই দিব পাৰে। এনেবোৰ কাৰণতেই তেওঁ এটা সুকীয়া শৌচাগাৰ ব্যৱহাৰ কৰে আৰু তেওঁৰ মলবোৰ ভুল ব্যক্তি বা উৎসৰ হাতত পৰাৰ পৰা বাৰণ কৰাৰ চেষ্টা চলাই আহিছে। উত্তৰ-কোৰিয়াৰ শাসক কিম্ জং উনৰ এনে সিদ্ধান্তই সময়ে সময়ে বিশ্ববাসীক আচৰিত কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ