--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এগৰাকী জনপ্ৰিয় গায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগত ৰুজু হৈছে গোচৰ৷ যুৱতীক নিচাযুক্ত দ্ৰব্য খুৱাই ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে গায়কজনৰ বিৰুদ্ধে৷ হলীউডৰ জনপ্ৰিয় গায়ক ক্ৰিছ ব্ৰাউনৰ বিৰুদ্ধে উঠিছে এই বিস্ফোৰক অভিযোগ। মাদক দ্ৰব্য সেৱন কৰাই এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে গায়কগৰাকীৰ বিৰুদ্ধে। অভিযোগকাৰীয়ে গায়কজনৰ পৰা ২০কোটি ডলাৰৰ ক্ষতিপূৰণ দাবী কৰিছে। অভিযোগ অনুসৰি, জাহাজত পাৰ্টী চলি থকাৰ সময়তে ক্ৰিছে তেওঁক পানীয় গ্ৰহণ কৰিবলৈ দিছিল। এই পানীয় খোৱাৰ পাছত ভুক্তভোগী যুৱতীগৰাকীয়ে শাৰীৰিক অস্বস্তি অনুভৱ কৰাৰ লগতে তেওঁৰ মূৰ ঘূৰাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ সেই অৱস্থাৰ সুযোগ গ্ৰহণ কৰে গায়কজনে। যুৱতীগৰাকীয়ে এই ঘটনাৰ প্ৰতিবাদ কৰা স্বত্বেও ক্ৰিছে জাহাজৰ এটা কোঠালৈ লৈ গৈ ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ অভিযোগ পত্ৰত উল্লেখ থকা অনুসৰি, ঘটনাটো ২০২০ চনৰ ৩০ ডিচেম্বৰত সংঘটিত হৈছিল। সেই সময়ত, মহিলাগৰাকী অপ্ৰস্তুত হৈ পৰা বাবে আৰক্ষীৰ ওচৰলৈ যোৱা নাছিল। ভুক্তভোগী যুৱতীগৰাকীও এগৰাকী গায়িকা হোৱাৰ লগতে এগৰাকী নৃত্যশিল্পীও। ঘটনাটো পোহৰলৈ অহাৰ পাছত ক্ৰিছে তেওঁৰ ইনষ্টাগ্ৰামত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, 'মিছা কথাৰ ধৰণটো নিশ্চয় আপুনি বুজিব পাৰিছে। যেতিয়াই মই এটা গানত কাম কৰা আৰম্ভ কৰোঁ, 'তাৰা'য়ে মোৰ নামত অৰ্থহীন কথা কয়।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ