--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এগৰাকী জনপ্ৰিয় গায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগত ৰুজু হৈছে গোচৰ৷ যুৱতীক নিচাযুক্ত দ্ৰব্য খুৱাই ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে গায়কজনৰ বিৰুদ্ধে৷ হলীউডৰ জনপ্ৰিয় গায়ক ক্ৰিছ ব্ৰাউনৰ বিৰুদ্ধে উঠিছে এই বিস্ফোৰক অভিযোগ। মাদক দ্ৰব্য সেৱন কৰাই এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে গায়কগৰাকীৰ বিৰুদ্ধে। অভিযোগকাৰীয়ে গায়কজনৰ পৰা ২০কোটি ডলাৰৰ ক্ষতিপূৰণ দাবী কৰিছে। অভিযোগ অনুসৰি, জাহাজত পাৰ্টী চলি থকাৰ সময়তে ক্ৰিছে তেওঁক পানীয় গ্ৰহণ কৰিবলৈ দিছিল। এই পানীয় খোৱাৰ পাছত ভুক্তভোগী যুৱতীগৰাকীয়ে শাৰীৰিক অস্বস্তি অনুভৱ কৰাৰ লগতে তেওঁৰ মূৰ ঘূৰাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ সেই অৱস্থাৰ সুযোগ গ্ৰহণ কৰে গায়কজনে। যুৱতীগৰাকীয়ে এই ঘটনাৰ প্ৰতিবাদ কৰা স্বত্বেও ক্ৰিছে জাহাজৰ এটা কোঠালৈ লৈ গৈ ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ অভিযোগ পত্ৰত উল্লেখ থকা অনুসৰি, ঘটনাটো ২০২০ চনৰ ৩০ ডিচেম্বৰত সংঘটিত হৈছিল। সেই সময়ত, মহিলাগৰাকী অপ্ৰস্তুত হৈ পৰা বাবে আৰক্ষীৰ ওচৰলৈ যোৱা নাছিল। ভুক্তভোগী যুৱতীগৰাকীও এগৰাকী গায়িকা হোৱাৰ লগতে এগৰাকী নৃত্যশিল্পীও। ঘটনাটো পোহৰলৈ অহাৰ পাছত ক্ৰিছে তেওঁৰ ইনষ্টাগ্ৰামত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, 'মিছা কথাৰ ধৰণটো নিশ্চয় আপুনি বুজিব পাৰিছে। যেতিয়াই মই এটা গানত কাম কৰা আৰম্ভ কৰোঁ, 'তাৰা'য়ে মোৰ নামত অৰ্থহীন কথা কয়।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু