--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰঙিলি’ চিনেমাখনৰ দ্বাৰা এক সুকীয়া পৰিচয় দাঙি ধৰা বিখ্যাত অভিনেতা ৰাজ কুমাৰ হৈছে বলীউডৰ এটি চিনাকি নাম। নিজৰ বেলেগ বেলেগ কথন শৈলী তথা ষ্টাইলৰ বাবে পৰিচিত আছিল অভিনেতা গৰাকী।  ৰাজকুমাৰৰ সকলো শৈলীয়েই বিভিন্ন সময়ত ৰাইজক গভীৰ ভাৱে আপ্লুত কৰিছিল। হিন্দী চিনেমাৰ কিংবদন্তি অভিনেতা হিচাপে পৰিচিত ৰাজ কুমাৰৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ অক্টোবৰত বেলুচিস্তানত। তেওঁ আছিল এজন কাশ্মীৰী পণ্ডিত। বলীউডৰ বহু চিৰসেউজ চিনেমাত অভিনয় কৰি দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছিল ৰাজ কুমাৰে। ৰাজ কুমাৰে চিনেমাত সংলাপ কোৱাৰ শৈলীও আছিল বহুত বেলেগ সেয়ে তেওঁৰ ছবিৰ সংলাপবোৰ আজিও জনপ্ৰিয়। আজি ৩ জুলাই । আৰু আজিৰ দিনটো অভিনেতা গৰাকীৰ মৃত্যু বাৰ্ষিকী হিচাপে পালন কৰা হয়। 

১৯৪০ চনত পোন প্ৰথমে ৰাজ কুমাৰে  তেতিয়াৰ বোম্বাইলৈ আহি বোম্বাইৰ  পুলিচত উপ-পৰিদৰ্শক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। মুম্বাইত ৰাজকুমাৰে কাম কৰি থকা থানাখনলৈ প্ৰায়ে চলচ্চিত্ৰ জগতৰ সৈতে জড়িত লোকসকল অহা-যোৱা হৈছিল। যাৰ ফলস্বৰুপে কিছু জৰুৰী কামৰ বাবে থানালৈ যোৱা চিনেমা প্ৰযোজক বলদেৱ ডুবেৰ  লগত এদিন চিনাকি হৈছিল ৰাজ কুমাৰৰ। আনহাতে  ৰাজকুমাৰৰ কথা কোৱাৰ শৈলীত  অতিশয় আপ্লুত হৈ‌ প্ৰযোজক গৰাকীয়ে ৰাজকুমাৰক তেওঁৰ এখন চিনেমাত কাম কৰাৰ প্ৰস্তাৱ দিছিল।  ৰাজকুমাৰে উক্ত প্ৰস্তাৱ‌ লগে লগে মানি লৈ চাকৰিৰ পৰা পদত্যাগ কৰি চিনেমা  কৰিবলৈ আগবাঢ়িল ।‌ তেওঁ এংলো-ইন্দিয়ান  জেনিফাৰ পণ্ডিতৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যাক তেওঁ এয়াৰ হোষ্টেছ হিচাপে এখন বিমানত লগ পায়। পিছত হিন্দু ৰীতি-নীতি অনুসৰি তেওঁ নাম সলনি কৰি গায়ত্ৰী কুমাৰ কৰে।২ জন পুত্ৰ পুৰু প্ৰিন্স, পানিনি ৰাজ কুমাৰ আৰু ১ গৰাকী কন্যা ৰিয়েলিটি প্ৰিন্সসহ দুয়োৰে আছিল এখন সুখৰ সংসাৰ । এক মন্দিৰ‌ নামৰ চলচ্চিত্ৰৰ খনত ৰাজ কুমাৰে এজন কৰ্কট ৰোগীৰ চৰিত্ৰত অভিনয় কৰিছিল যাৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেতা হিচাপে ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।তেওঁৰ কেইখনমান উল্লেখযোগ্য চলচ্চিত্ৰ হ’ল হামৰাজ (১৯৬৭), হীৰ ৰাঞ্জা (১৯৭১), মৰিয়াদা (১৯৭১), লাল পথাৰ (১৯৭১), পাকীজা (১৯৭২) ইত্যাদি ।

এই মায়াময় সংসাৰৰ মানৱ জাতিৰ কোনো অস্তিত্ব নাই কিয়নো সুস্থিৰ মন, চিন্তাৰ অধিকাৰী হৈ ৰং-ধেমালিৰ মাজেৰে জীৱনটো সুন্দৰকৈ অতিবাহিত কৰি হঠাৎ মৃত্যুক সাৱটি লবলগীয়া হয়। ১৯৯৬ চনৰ ৩ জুলাইতো  কৰ্কট ৰোগত আক্ৰান্ত হৈ ৬৯ বছৰ বয়সত এই মহান শিল্পী গৰাকীৰ  মৃত্যু হয় ।এজন কাশ্মীৰী পণ্ডিত পৰা  এজন পৰিচিত অভিনেতা হোৱালৈকে শিল্পী গৰাকীৰ আছিল এক বৰ্ণাঢ্য যাত্ৰা । শিল্পী গৰাকীৰ মৃত্যু বাৰ্ষিকীত সমগ্ৰ দেশবাসীৰ লগতে প্ৰাগ নিউজ ডিজিটেলৰ তৰফৰ পৰাও অৰ্পণ কৰিলোঁ। গভীৰ শ্ৰদ্ধাঞ্জলি
ওম শান্তি !!!




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ