--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ব্যক্তিয়ে টোপনিতে গিলি পেলালে তেওঁৰ কৃত্ৰিম দাঁত। সেই দাঁত গৈ আৱদ্ধ হৈ পৰিল তেওঁৰ হাওঁফাওঁত। অন্ধ্ৰ প্ৰদেশত ঘটিছে এই ঘটনা। ব্যক্তিজনৰ বয়স ৫২ বছৰ। বিশাখাপট্টনমৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকে সফলতাৰে আঁতৰাই পেলাইছে ব্যক্তিজনৰ হাওঁফাওঁৰ পৰা কৃত্ৰিম দাঁত। ব্যক্তিজনে বহু বছৰ ধৰি ফিক্সড কৃত্ৰিম দাঁত ব্যৱহাৰ কৰি আহিছিল। 

তেওঁ সপোনতো কল্পনা কৰা নাছিল যে সেই দাঁতে তেওঁক বিপদত পেলাব। মানুহজনে কয় যে কৃত্ৰিম দাঁতৰ চেটটো ঢিলা হৈ পৰিছিল আৰু তেওঁ শুই থকা অৱস্থাত অজানিতে গিলি পেলাইছিল। ডেণ্টেল চেটটো তেওঁৰ সোঁ হাওঁফাওঁত আবদ্ধ হৈ পৰিছিল।

কিমছ আইকন হাস্পতালৰ কনচালটেণ্ট ইন্টাৰভেনচনেল পালমোন’লজিষ্ট ডাঃ চি এইচ ভাৰতে কয় যে ব্যক্তিজনৰ বাওঁ হাওঁফাওঁ আৰু সোঁ হাওঁফাওঁৰ কিছু অংশই স্বাভাৱিকভাৱে কাম কৰি থকাৰ বাবে তেওঁ উশাহ-নিশাহ লোৱাত গুৰুতৰ অসুবিধাৰ সন্মুখীন হোৱা নাছিল। তেওঁ অবিৰতভাৱে কাহ মাৰি আছিল আৰু উশাহ-নিশাহ লোৱাত অলপ সমস্যাৰ সন্মুখীন হৈছিল।

এক্স-ৰে আৰু চিটি স্কেনৰ পিছত চিকিৎসকে হাওঁফাওঁত ডেণ্টেল চেটৰ উপস্থিতি নিশ্চিত কৰে। চিকিৎসকৰ দলটোৱে বস্তুটো আঁতৰাবলৈ সাধাৰণ এনাস্থেচিয়াৰ অধীনত কঠোৰ ব্ৰংকোস্কপি পদ্ধতিৰ পথ বাছি লৈছিল। ডাঃ ভাৰতে কয় যে এই পদ্ধতিত হাওঁফাওঁ বা বায়ুপথৰ আঘাতৰ আশংকা আছিল যদিও অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হৈছিল।

তেওঁ আৰু কয়, ‘ডেন্টাল চেটৰ দুয়োফালে থকা ধাতুৰ উপাদানসমূহৰ প্ৰতি লক্ষ্য ৰাখি আঁতৰোৱাৰ সময়ত হাওঁফাওঁ বা বায়ুপথত আঘাত পোৱাৰ যথেষ্ট আশংকা আছিল, যাৰ ফলত ৰক্তক্ষৰণ হ’ব পাৰে। সৌভাগ্যক্ৰমে এই পদ্ধতি বহুলাংশে সফল হৈছিল। ব্যক্তিগৰাকী এতিয়া সুস্থ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ