--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰেইন ডেড হোৱা এজন যুৱকে মৃত্যুৰ পূৰ্বে কৰি গল মহান কাম। যুৱকজনৰ ৮টা অংগ সফলভাৱে আন লোকৰ শৰীৰত সংৰোপণ কৰা হয়। ৰাজস্থানত ঘটিছে এই ঘটনা। ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এয়াৰ এম্বুলেন্সেৰে অংগসমূহ এছএমএছ হাস্পতাললৈ লৈ যোৱাৰ জৰিয়তে ট্ৰান্সপ্লাণ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। লগতে এই ক্ষেত্ৰত একেজন ৰোগীৰ হাওঁফাওঁ আৰু হৃদযন্ত্ৰ সংৰোপণ কৰা হৈছে। ৰাজস্থানত প্ৰথমবাৰৰ বাবে হাওঁফাওঁ সংৰোপণ কৰা হয়।

চিকিৎসা শিক্ষা সম্পাদক অম্বৰীশ কুমাৰে জনোৱা মতে, ৩৩ বছৰীয়া বিষ্ণু প্ৰসাদ নামৰ যুৱকজন দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱাৰ পাছত ১১ ডিচেম্বৰত ঝলাৱাৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো বিষ্ণুক বচাব পৰা নাছিল। বিষ্ণুক ‘ব্ৰেইন ডেড’ বুলি ঘোষণা কৰা হৈছিল।

বিষ্ণুদাসক ‘ব্ৰেইন ডেড’ বুলি ঘোষণা কৰাৰ পিছত তেওঁৰ অংগ দান কৰিবলৈ তেওঁৰ পৰিয়ালৰ লোক আগবাঢ়ি আহে। পৰিয়ালটোৱে বিষ্ণুৰ অংগ (বৃক্ক, যকৃত, হৃদযন্ত্ৰ, হাওঁফাওঁ আৰু দুয়োটা কৰ্ণিয়া) দান কৰিবলৈ সন্মত হয়। ঝলাৱাৰ চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ুচাৰ্জন ডাঃ ৰামসেৱক যোগীয়ে জনোৱা মতে, যোৱা ১২ ডিচেম্বৰত বিষ্ণু প্ৰসাদক চিকিৎসা সমিতিয়ে মগজু মৃত বুলি ঘোষণা কৰিছিল। 

ছাৱাই মান সিং (এছ এম এছ) চিকিৎসালয়ৰ অধীক্ষক ডাঃ দীপক মহেশ্বৰীয়ে কয় যে জয়পুৰত ৰোগীসকলৰ এটা বৃক্ক, দুটা হাওঁফাওঁ আৰু হৃদযন্ত্ৰ সংৰোপণ কৰাৰ বিপৰীতে আন এটা বৃক্ক আৰু যকৃত এইমছ-যোধপুৰলৈ প্ৰেৰণ কৰা হৈছে। অংগসমূহ কঢ়িয়াই অনা হেলিকপ্টাৰখন জয়পুৰৰ এছ এম এছ মেডিকেল কলেজত উপস্থিত হয় আৰু তাৰ পৰাই অংগসমূহ এছ এম এছ হাস্পতাললৈ লৈ যোৱাৰ বাবে এটা গ্ৰীণ কৰিডৰ তৈয়াৰ কৰা হয়। 

বিষ্ণু প্ৰসাদ আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি সকলোৱে কৃতজ্ঞতা প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু