--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰেইন ডেড হোৱা এজন যুৱকে মৃত্যুৰ পূৰ্বে কৰি গল মহান কাম। যুৱকজনৰ ৮টা অংগ সফলভাৱে আন লোকৰ শৰীৰত সংৰোপণ কৰা হয়। ৰাজস্থানত ঘটিছে এই ঘটনা। ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এয়াৰ এম্বুলেন্সেৰে অংগসমূহ এছএমএছ হাস্পতাললৈ লৈ যোৱাৰ জৰিয়তে ট্ৰান্সপ্লাণ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। লগতে এই ক্ষেত্ৰত একেজন ৰোগীৰ হাওঁফাওঁ আৰু হৃদযন্ত্ৰ সংৰোপণ কৰা হৈছে। ৰাজস্থানত প্ৰথমবাৰৰ বাবে হাওঁফাওঁ সংৰোপণ কৰা হয়।

চিকিৎসা শিক্ষা সম্পাদক অম্বৰীশ কুমাৰে জনোৱা মতে, ৩৩ বছৰীয়া বিষ্ণু প্ৰসাদ নামৰ যুৱকজন দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱাৰ পাছত ১১ ডিচেম্বৰত ঝলাৱাৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো বিষ্ণুক বচাব পৰা নাছিল। বিষ্ণুক ‘ব্ৰেইন ডেড’ বুলি ঘোষণা কৰা হৈছিল।

বিষ্ণুদাসক ‘ব্ৰেইন ডেড’ বুলি ঘোষণা কৰাৰ পিছত তেওঁৰ অংগ দান কৰিবলৈ তেওঁৰ পৰিয়ালৰ লোক আগবাঢ়ি আহে। পৰিয়ালটোৱে বিষ্ণুৰ অংগ (বৃক্ক, যকৃত, হৃদযন্ত্ৰ, হাওঁফাওঁ আৰু দুয়োটা কৰ্ণিয়া) দান কৰিবলৈ সন্মত হয়। ঝলাৱাৰ চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ুচাৰ্জন ডাঃ ৰামসেৱক যোগীয়ে জনোৱা মতে, যোৱা ১২ ডিচেম্বৰত বিষ্ণু প্ৰসাদক চিকিৎসা সমিতিয়ে মগজু মৃত বুলি ঘোষণা কৰিছিল। 

ছাৱাই মান সিং (এছ এম এছ) চিকিৎসালয়ৰ অধীক্ষক ডাঃ দীপক মহেশ্বৰীয়ে কয় যে জয়পুৰত ৰোগীসকলৰ এটা বৃক্ক, দুটা হাওঁফাওঁ আৰু হৃদযন্ত্ৰ সংৰোপণ কৰাৰ বিপৰীতে আন এটা বৃক্ক আৰু যকৃত এইমছ-যোধপুৰলৈ প্ৰেৰণ কৰা হৈছে। অংগসমূহ কঢ়িয়াই অনা হেলিকপ্টাৰখন জয়পুৰৰ এছ এম এছ মেডিকেল কলেজত উপস্থিত হয় আৰু তাৰ পৰাই অংগসমূহ এছ এম এছ হাস্পতাললৈ লৈ যোৱাৰ বাবে এটা গ্ৰীণ কৰিডৰ তৈয়াৰ কৰা হয়। 

বিষ্ণু প্ৰসাদ আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি সকলোৱে কৃতজ্ঞতা প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ