--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ঋতু সলনি হোৱাৰ লগে লগে বহু ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। এই ৰোগসমূহৰ ভিতৰত ডেংগু, চিকুংগুনিয়া আৰু মেলেৰিয়া আদি অন্যতম। আজিকালি দেশত ক্ৰমাগতভাৱে ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ডেংগু জ্বৰত এজন ব্যক্তিৰ প্লেটলেটৰ সংখ্যা হ্ৰাস হ’বলৈ ধৰে। ইয়াৰ বাহিৰেও আন কিছুমান অৱস্থাত প্লেটলেটৰ সংখ্যা কম হ’ব পাৰে, যেনে-এপ্লাষ্টিক এনিমিয়া, আইৰনৰ অভাৱ, ভিটামিন-বি১২ৰ অভাৱ, লিউকেমিয়া, চিৰ’ছিছ, মাইল’ডিস্প্লেছিয়া আদি।

 ডেংগুৰ বাবে প্লেটলেট হ্ৰাস হোৱা বেছিকৈ দেখা যায়। এনে অৱস্থাত বহুজনৰ মনত এটা প্ৰশ্ন উত্থাপন হয় যে এজন স্বাভাৱিক ব্যক্তিৰ শৰীৰত প্লেটলেটৰ সংখ্যা কিমান হ’ব লাগে? এই প্ৰশ্নৰ সঠিক উত্তৰ চিকিৎসকৰ পৰা জানো আহক।

 ১. এজন স্বাভাৱিক ব্যক্তিৰ প্লেটলেটৰ সংখ্যা কিমান হ’ব লাগে?

প্ৰতিবেদন অনুসৰি এজন স্বাভাৱিক ব্যক্তিৰ প্ৰতি মাইক্ৰ’লিটাৰ তেজত ১ লাখ ৫০ হাজাৰৰ পৰা ৪ লাখ ৫০ হাজাৰ হ’ব লাগে। শৰীৰত প্ৰতি মাইক্ৰ’লিটাৰত ১ লাখ ৫০ হাজাৰতকৈ কম প্লেটলেট থাকিলে শৰীৰৰ পৰা ৰক্তক্ষৰণ বন্ধ কৰাটো কঠিন হৈ পৰে। এই ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰতিজন ব্যক্তিয়ে প্ৰতি তিনিমাহৰ মূৰে মূৰে চি বি চি পৰীক্ষা (সম্পূৰ্ণ তেজৰ গণনা) কৰাব লাগে।

২. প্লেটলেটৰ সংখ্যা কম হোৱাৰ লক্ষণ-

* দাঁতৰ দাঁতৰ পৰা তেজ ওলোৱা।

* ছালত ৰঙা ফোহা দেখা দিয়ে।

* মহিলাৰ মাহেকীয়াৰ সময়ত গধুৰ ৰক্তক্ষৰণ হয়

* প্ৰস্ৰাৱ কৰাৰ সময়ত গাঢ় আৰু বাদামী ৰঙৰ স্ৰাৱ ইত্যাদি।

 ৩. প্লেটলেট বৃদ্ধি কৰাৰ উপায়-

শৰীৰত প্লেটলেটৰ সংখ্যা বৃদ্ধি কৰিবলৈ চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন। চিকিৎসকে জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰাৰ লগতে কিছুমান ঔষধৰ সহায়ত প্লেটলেটৰ সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। ইয়াৰ উপৰি আয়ুৰ্বেদত আন কিছুমান বস্তু সেৱন কৰাৰ পৰামৰ্শও দিয়া হৈছে। এই বিষয়ে জানো আহক-

* অমিতাৰ পাতৰ ৰসে প্লেটলেটৰ সংখ্যা বৃদ্ধি কৰাত ফলপ্ৰসূ।

* কিৱি ৰস খাব লাগে। ইয়াৰ ফলত তেজত প্লেটলেটৰ সংখ্যা বৃদ্ধি হয়।

* গিলয়ৰ ৰসেও প্লেটলেটৰ সংখ্যা বৃদ্ধিত সহায়ক হয়।

* ডালিম আৰু ৰসেও প্লেটলেটৰ সংখ্যা বৃদ্ধিত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু