--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ঋতু সলনি হোৱাৰ লগে লগে বহু ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। এই ৰোগসমূহৰ ভিতৰত ডেংগু, চিকুংগুনিয়া আৰু মেলেৰিয়া আদি অন্যতম। আজিকালি দেশত ক্ৰমাগতভাৱে ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ডেংগু জ্বৰত এজন ব্যক্তিৰ প্লেটলেটৰ সংখ্যা হ্ৰাস হ’বলৈ ধৰে। ইয়াৰ বাহিৰেও আন কিছুমান অৱস্থাত প্লেটলেটৰ সংখ্যা কম হ’ব পাৰে, যেনে-এপ্লাষ্টিক এনিমিয়া, আইৰনৰ অভাৱ, ভিটামিন-বি১২ৰ অভাৱ, লিউকেমিয়া, চিৰ’ছিছ, মাইল’ডিস্প্লেছিয়া আদি।

 ডেংগুৰ বাবে প্লেটলেট হ্ৰাস হোৱা বেছিকৈ দেখা যায়। এনে অৱস্থাত বহুজনৰ মনত এটা প্ৰশ্ন উত্থাপন হয় যে এজন স্বাভাৱিক ব্যক্তিৰ শৰীৰত প্লেটলেটৰ সংখ্যা কিমান হ’ব লাগে? এই প্ৰশ্নৰ সঠিক উত্তৰ চিকিৎসকৰ পৰা জানো আহক।

 ১. এজন স্বাভাৱিক ব্যক্তিৰ প্লেটলেটৰ সংখ্যা কিমান হ’ব লাগে?

প্ৰতিবেদন অনুসৰি এজন স্বাভাৱিক ব্যক্তিৰ প্ৰতি মাইক্ৰ’লিটাৰ তেজত ১ লাখ ৫০ হাজাৰৰ পৰা ৪ লাখ ৫০ হাজাৰ হ’ব লাগে। শৰীৰত প্ৰতি মাইক্ৰ’লিটাৰত ১ লাখ ৫০ হাজাৰতকৈ কম প্লেটলেট থাকিলে শৰীৰৰ পৰা ৰক্তক্ষৰণ বন্ধ কৰাটো কঠিন হৈ পৰে। এই ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰতিজন ব্যক্তিয়ে প্ৰতি তিনিমাহৰ মূৰে মূৰে চি বি চি পৰীক্ষা (সম্পূৰ্ণ তেজৰ গণনা) কৰাব লাগে।

২. প্লেটলেটৰ সংখ্যা কম হোৱাৰ লক্ষণ-

* দাঁতৰ দাঁতৰ পৰা তেজ ওলোৱা।

* ছালত ৰঙা ফোহা দেখা দিয়ে।

* মহিলাৰ মাহেকীয়াৰ সময়ত গধুৰ ৰক্তক্ষৰণ হয়

* প্ৰস্ৰাৱ কৰাৰ সময়ত গাঢ় আৰু বাদামী ৰঙৰ স্ৰাৱ ইত্যাদি।

 ৩. প্লেটলেট বৃদ্ধি কৰাৰ উপায়-

শৰীৰত প্লেটলেটৰ সংখ্যা বৃদ্ধি কৰিবলৈ চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন। চিকিৎসকে জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰাৰ লগতে কিছুমান ঔষধৰ সহায়ত প্লেটলেটৰ সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। ইয়াৰ উপৰি আয়ুৰ্বেদত আন কিছুমান বস্তু সেৱন কৰাৰ পৰামৰ্শও দিয়া হৈছে। এই বিষয়ে জানো আহক-

* অমিতাৰ পাতৰ ৰসে প্লেটলেটৰ সংখ্যা বৃদ্ধি কৰাত ফলপ্ৰসূ।

* কিৱি ৰস খাব লাগে। ইয়াৰ ফলত তেজত প্লেটলেটৰ সংখ্যা বৃদ্ধি হয়।

* গিলয়ৰ ৰসেও প্লেটলেটৰ সংখ্যা বৃদ্ধিত সহায়ক হয়।

* ডালিম আৰু ৰসেও প্লেটলেটৰ সংখ্যা বৃদ্ধিত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ