--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ অৰ্থনৈতিক ৰাজধানী মুম্বাইৰ পৰা আহি পৰিছে এক আচৰিত খবৰ। মুম্বাইৰ এগৰাকী ২৬ বছৰীয়া ছোৱালীয়ে Reddit পোষ্টত গৈ শ্বেয়াৰ কৰিছে যে কেনেকৈ পিতৃ-মাতৃয়ে তেওঁক এটা মাটিৰ পাত্ৰৰ সৈতে বিয়া বহিবলৈ বাধ্য কৰাইছে। তেওঁক মাক-দেউতাকে এই কাম কৰিবলৈ বাধ্য কৰিছে যাতে মহিলাগৰাকীৰ ভৱিষ্যতৰ স্বামীৰ মৃত্যু নহয় আৰু তেওঁলোকৰ বিবাহ শান্তিপূৰ্ণ হৈ থাকে।মহিলাগৰাকীৰ পোষ্টটো অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰাত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আহি পৰিছে।

নিজৰ কাহিনী আৰু অধিক বৰ্ণনা কৰি মহিলাগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখিছে-“মই মুম্বাইত বাস কৰা এগৰাকী ২৬ বছৰীয়া মহিলা। মোৰ মা-দেউতাই মোক মাটিৰ পাত্ৰক বিয়া কৰাবলৈ কৈছে। যাতে মোৰ ভৱিষ্যত স্বামীৰ মৃত্যু নহয় বা বিবাহৰ অন্ত নপৰে। মই এজন নাস্তিক আৰু এই ধাৰণাটোৰো তীব্ৰ বিৰোধিতা কৰোঁ। মই জানো যে তেওঁলোকে মোক এই কামটো কৰিবলৈ বাধ্য কৰিব নোৱাৰে আৰু শাৰীৰিকভাৱেও জোৰ-জবৰদস্তিও নকৰে। কিন্তু এইটো একেবাৰে অৰ্থহীন আৰু ঘৰত প্ৰতিদিনে এই বিষয়ে আলোচনা কৰাটো মানসিকভাৱে চাপযুক্ত।”

আৰু ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, ‘মই মোৰ কথাত অটল হৈ থাকিবলৈ সিদ্ধান্ত লৈছোঁ।কিন্তু এই পৰিস্থিতি কেনেকৈ সহজ কৰি তুলিব পাৰি সেই বিষয়ে তেওঁ মানুহৰ পৰা পৰামৰ্শ বা সহায় বিচাৰিছোঁ। মাক-দেউতাকৰ কথা উল্লেখ কৰিবলৈ গৈ তেওঁ ক’লে, ‘মোৰ মা বি.কম স্নাতক আৰু দেউতা এজন অভিযন্তা।’ এই ঘটনাক লৈ এতিয়া সামাজিক মাধ্যমত তীব্ৰ চৰ্চা চলিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ