--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ নিৰপেক্ষ সংবাদ মাধ্যমৰ বাজিছে বিপদঘণ্টা৷গোদী মিডিয়াৰ তৈলমৰ্দনকাৰী হালধীয়া সাংবাদিকৰ প্ৰপাগেণ্ডাত স্বচ্ছ আৰু নিৰপেক্ষ সাংবাদিকতাৰ অপমৃত্যু ঘটিছে৷শেহতীয়াকৈ দেশৰ আগশাৰীৰ ডিজিটেল মিডিয়া প্লেটফৰ্ম নিউজক্লিকৰ বিৰুদ্ধে উঠিপৰি লাগিছে প্ৰৱৰ্তন সঞ্চালকালয়৷শেহতীয়াকৈ নিউক্লিককৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহক লৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিছে একাংশ স্বচ্ছ সংবাদকৰ্মী৷

‘নিউজক্লিক’ৰ সৈতে জড়িত সাংবাদিকৰ ঘৰত অভিযান চলোৱাৰ পাছত বহু সংবাদ মাধ্যমে ভাৰতৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিছে।সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশবন্ত চন্দ্ৰচূড়লৈ লিখা এখন পত্ৰত চৰকাৰী সংস্থাৰ অপব্যৱহাৰ বন্ধ কৰি সংবাদ মাধ্যমক কৰা দমন কৰা স্তব্ধ কৰিবলৈ আহ্বান জনোৱা হৈছে। চন্দ্ৰচূড়ক মত প্ৰকাশৰ স্বাধীনতা বজাই ৰাখিবলৈয়ো কোৱা হৈছে। সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণে কেৱল ইয়াৰ স্বাধীনতা ধ্বংস কৰাই নহয় দেশৰ গণতান্ত্ৰিক গাঁথনিতো প্ৰভাৱ পেলায় বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে ২০২৩ চনৰ ৩ অক্টোবৰত দিল্লী আৰক্ষীৰ বিশেষ কোষে অনলাইন নিউজ পৰ্টেল ‘নিউজক্লিক’ৰ সৈতে জড়িত ৪৬ জন লেখক, সম্পাদক আৰু সাংবাদিকৰ ঘৰত তালাচী চলায়। অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন(UAPA)ৰ অধীনত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তদুপৰি আৰক্ষীয়ে জব্দ কৰে তেওঁলোকৰ মোবাইল ফোন আৰু কম্পিউটাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু