--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ নিৰপেক্ষ সংবাদ মাধ্যমৰ বাজিছে বিপদঘণ্টা৷গোদী মিডিয়াৰ তৈলমৰ্দনকাৰী হালধীয়া সাংবাদিকৰ প্ৰপাগেণ্ডাত স্বচ্ছ আৰু নিৰপেক্ষ সাংবাদিকতাৰ অপমৃত্যু ঘটিছে৷শেহতীয়াকৈ দেশৰ আগশাৰীৰ ডিজিটেল মিডিয়া প্লেটফৰ্ম নিউজক্লিকৰ বিৰুদ্ধে উঠিপৰি লাগিছে প্ৰৱৰ্তন সঞ্চালকালয়৷শেহতীয়াকৈ নিউক্লিককৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহক লৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিছে একাংশ স্বচ্ছ সংবাদকৰ্মী৷

‘নিউজক্লিক’ৰ সৈতে জড়িত সাংবাদিকৰ ঘৰত অভিযান চলোৱাৰ পাছত বহু সংবাদ মাধ্যমে ভাৰতৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিছে।সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশবন্ত চন্দ্ৰচূড়লৈ লিখা এখন পত্ৰত চৰকাৰী সংস্থাৰ অপব্যৱহাৰ বন্ধ কৰি সংবাদ মাধ্যমক কৰা দমন কৰা স্তব্ধ কৰিবলৈ আহ্বান জনোৱা হৈছে। চন্দ্ৰচূড়ক মত প্ৰকাশৰ স্বাধীনতা বজাই ৰাখিবলৈয়ো কোৱা হৈছে। সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণে কেৱল ইয়াৰ স্বাধীনতা ধ্বংস কৰাই নহয় দেশৰ গণতান্ত্ৰিক গাঁথনিতো প্ৰভাৱ পেলায় বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে ২০২৩ চনৰ ৩ অক্টোবৰত দিল্লী আৰক্ষীৰ বিশেষ কোষে অনলাইন নিউজ পৰ্টেল ‘নিউজক্লিক’ৰ সৈতে জড়িত ৪৬ জন লেখক, সম্পাদক আৰু সাংবাদিকৰ ঘৰত তালাচী চলায়। অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন(UAPA)ৰ অধীনত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তদুপৰি আৰক্ষীয়ে জব্দ কৰে তেওঁলোকৰ মোবাইল ফোন আৰু কম্পিউটাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ