--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সফল হোৱাৰ দিশত দেশৰ বহু চৰ্চিত ‘এক দেশ এক নিৰ্বাচন’ নীতি! একেলগে বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্রস্তাৱত বুধবাৰে অনুমোদন জনাইছে মোদী কেবিনেটে৷ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত সমিতিয়ে প্ৰতিবেদন দাখিল কৰা পাছতে এই প্ৰস্তাৱে মন্ত্ৰীসভাত অনুমোদন লাভ কৰে। বিজেপি নেতৃত্বাধীন এন ডি এ চৰাকৰৰ তৃতীয় কাৰ্যকালৰ এশ দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষত প্ৰদান কৰা এক বিবৃতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এন ডি এৰ এক দেশ এক নিৰ্বাচন প্ৰৱৰ্তন কৰা সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছিল।  

সংসদৰ শীতকালীন অধিৱেশনত এন ডি এ চৰকাৰে এই বিধেয়ক সংসদত উত্থাপন কৰিব বুলি সদৰি কৰিছে। উল্লেখযোগ্য যে মোডী চৰকাৰে যোৱাটো কাৰ্যকালৰ পৰাই এই নীতিক লৈ গুৰুত্ব প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে বহুবাৰ ৰাজহুৱা সভাতো এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি আহিছে৷ শেহতীয়াকৈ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সঘনাই নিৰ্বাচন অনুষ্ঠিত কৰি থকাৰ বাবে দেশৰ বিকাশত বাধাৰ সৃষ্টি কৰিছে৷ সেয়ে এক দেশ এক নিৰ্বাচন পোষকতা কৰা হৈছে’ বুলি মন্তব্য কৰিছিল৷ 

বিৰোধীৰ তীব্ৰ বিৰোধ আৰু সাংবিধানিক প্ৰতিবন্ধকতা দূৰ কৰি ‘এক দেশ এক নিৰ্বাচন’ সদনত গৃহীতকৰাত কিমান দূৰ সফলতা লাভ কৰে সেয়া লক্ষণীয় হ’ব৷ মোদী কেবিনেটত ‘এক দেশ এক নিৰ্বাচন’ প্ৰস্তাৱে অনুমোদন লাভ কৰাৰ লগে লগে এই নীতি ৰূপায়নৰ ক্ষেত্ৰত সেউজ সংকেত লাভ কৰা বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক