--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশজুৰি চলি আছে ভাৰতীয় জনতা দলৰ সদস্যপদ অভিযান৷ সদস্য পদ অভিযানৰ আৰম্ভণী অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ সদস্য পদ নৱীকৰণ কৰি ‘এই অভিযান দলটোৰ সদস্য সংখ্যা বৃদ্ধি কৰা মূল লক্ষ্য নহয়, এই অভিযানত দলৰ মতাদৰ্শগত আৱেগ নিহিত আছে’ বুলি মন্তব্য প্ৰদান কৰিছিল৷সম্প্ৰতি ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত আৰম্ভ হোৱা এই অভিযানৰ অধীনত সদস্য যোগদান প্ৰক্ৰিয়াত বল প্ৰয়োগ কৰাৰ খবৰ পোহৰলৈ আহিছে৷

মধ্যপ্ৰদেশৰ ছত্তীসগঢ়ত বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগকৰা এক ঘটনা পোহৰলৈ আহিছে৷ প্ৰাপ্ত তথ্য অনুসৰি বিজেপিৰ সদস্য হ’বলৈ অস্বীকাৰ কৰাৰ বাবেই মানৱেন্দ্ৰ সিং যাদৱ নামৰ চালক জনক মাৰধৰ কৰাৰ লগতে ম’বাইল ফোনো কাঢ়ি লৈ যায় বিজেপিৰ কৰ্মীয়ে৷ এন এইছ আইৰ কেমেৰাৰ সহায়ত এই অপৰাধৰ সৈতে জড়িত বিজেপি কৰ্মীসকলক চিহ্নিত কৰিব পৰা যাব বুলি সদৰি কৰিছে৷ এই ঘটনাৰ পাছত ভুক্তভোগী মানৱেন্দ্ৰ সিং যাদৱ নামৰ চালক জনে শংকিত হৈ ঘটনা সন্দৰ্ভত বামিঠা আৰক্ষী থানাত অভিযোগ উত্থাপন কৰিছে। অজ্ঞাত বিজেপিৰ কৰ্মীৰ কেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি সদৰি কৰিছে।    

উল্লেখযোগ্য যে ২০২৪ বৰ্ষত ১.৫ কোটি সদস্য বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপি দলে৷ সম্প্ৰতি সদস্য যোগদান কৰোৱাৰ নামত সংঘটিত এনে ঘটনাই দলটোৰ নীতি-আদৰ্শগত দিশৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ