--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীলৈ এটা ৰে'লৰ টিকট পঠালে বিজেপিয়ে! কিন্তু কিয়? ৰাজস্থানত এজন কংগ্ৰেছ বিধায়কৰ পুত্ৰ আৰু তেওঁৰ বন্ধুবৰ্গৰ বিৰুদ্ধে এগৰাকী নাবালিকা ছোৱালীক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাৰ পাছতেই কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে। বিজেপি নেতা জীতেন্দ্ৰ গোথৱালে প্ৰিয়ংকা গান্ধীক টুইট কৰি কয় যে ''ৰাজস্থানত এজন কংগ্ৰেছ বিধায়কৰ পুত্ৰই এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছে। নাবালিকা ছোৱালীজনীয়ে আপোনাৰ বিধায়কৰ শক্তিৰ সন্মুখত যুঁজিব নোৱাৰে। প্ৰিয়ংকা গান্ধীজী, মই আপোনালৈ ৰে'লৰ টিকট পঠিয়াইছো, লগে লগে জয়পুৰলৈ আহক, কিয়নো ৰাজস্থানতো ছোৱালী আছে কিন্তু যুঁজিব পৰা নাই।'' প্ৰিয়ংকা গান্ধীলৈ   টুইটৰ লগতে গোথৱালে প্ৰিয়ংকা গান্ধীৰ বাবে বুক কৰা ৰে'লৰ টিকটৰ ফটোও শ্বেয়াৰ কৰিছে। জিতেন্দ্ৰ গোঠৱালে কৈছিল যে ''ৰাজ্যখনত ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে। ডেৰ মাহ আগতে আলৱাৰত এগৰাকী বধিৰ আৰু মূক ছোৱালীক ধৰ্ষণ কৰা হৈছিল, যিটো কংগ্ৰেছ চৰকাৰে মিছা প্ৰমাণিত কৰিছিল। সেই সময়তো প্ৰিয়ংকা গান্ধীয়ে চৱাই মাধোপুৰৰ ৰণথম্বোৰত বাঘ চাবলৈ আহিছিল। ইফালে প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত শ্ল'গান দিছিল যে 'মে লড়কী হুঁ, লড় চকতী হুঁ।' প্ৰিয়ংকা গান্ধী নিমাত হৈ আছে জীতেন্দ্ৰ গোঠৱালে কয়, "মই এটা টুইটযোগে ৰে'লৱে টিকট প্ৰেৰণ কৰি প্ৰিয়ংকা গান্ধীক উপলব্ধি কৰাবলৈ চেষ্টা কৰিছো যে ৰাজস্থানত কংগ্ৰেছ চৰকাৰ আছে, য'ত দিনক দিনে ধৰ্ষণৰ ঘটনা সংঘটিত হৈ আছে। ৰাজস্থানত ছোৱালীবোৰে যুঁজিব নোৱাৰে। এইটো দুৰ্ভাগ্যজনক যে কংগ্ৰেছ বিধায়কৰ পুত্ৰ ধৰ্ষণৰ ঘটনাত জড়িত কিন্তু প্ৰিয়ংকা গান্ধী আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ পৰা কোনো বিবৃতি পোৱা নাই। 'প্ৰিয়ংকা গান্ধী আহি ছোৱালীসকলক যুঁজিবলৈ অনুপ্ৰাণিত কৰা উচিত' জীতেন্দ্ৰ গোঠৱালে কৈছিল যে ''যদি প্ৰিয়ংকা গান্ধীৰ হৃদয়ত মহিলাৰ প্ৰতি বেদনা আছে তেন্তে তেওঁ নিশ্চিতভাৱে ৰাজস্থানলৈ আহিব। ৰাজস্থানৰ ছোৱালীবোৰে যুঁজিব নোৱাৰে। গতিকে আমি বিচাৰো যে প্ৰিয়ংকা গান্ধী ৰাজস্থানলৈ আহক আৰু ছোৱালীসকলক ইয়াত যুঁজিবলৈ অনুপ্ৰাণিত কৰক। মই আৰু বিজেপি কৰ্মীসকল কাইলৈ ৰাতিপুৱা দিল্লী ৰে'ল ষ্টেচনত উপস্থিত থাকিম আৰু তাত প্ৰিয়ংকা গান্ধীৰ বাবে অপেক্ষা কৰিম যাতে তেওঁ ৰে'লত আহি ৰাজস্থানৰ ছোৱালীসকলক যুঁজিবলৈ শিকাব পাৰে।'' আৰু পঢ়কঃ লাভলীনালৈ BCCIৰ সন্মানঃ লাভলীনাক ২৫ লাখ টকাৰ চেক প্ৰদান BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ  

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন