--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেমেৰাৰ সন্মুখতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক অপদস্থ কৰে এজন যুৱকে। দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ পৈতৃক গৃহ বখতিয়াৰপুৰৰ ওচৰত সংঘটিত হৈছিল এই ঘটনা। অভিযুক্ত যুৱকজন ইতিমধ্যে বিহাৰ আৰক্ষীৰ জিম্মাত আছে। স্বাধীনতা সংগ্ৰামী শীলভদ্ৰ যাজিৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ফুলৰ মালা অৰ্পণ কৰাৰ সময়তে হঠাতে নিৰাপত্তাৰক্ষীৰ দৰে পোছাক পৰিহিত এজন যুৱক মুখ্যমন্ত্ৰীৰ ওচৰলৈ ঢপলিয়াই আহে। যুৱকজনে নীতিশ কুমাৰক কান্ধত ধৰি সেই স্থানৰ পৰা আঁতৰাই দিয়ে। লগে লগে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰাপত্তাৰক্ষী দৌৰি আহি যুৱকজনক ধৰি দূৰলৈ আঁতৰাই লৈ যায়। যুৱকজনৰ নাম শংকৰ কুমাৰ বাৰ্মা ওৰফে ছটু বুলি জানিব পৰা গৈছে। পাটনাৰ আৰক্ষী অধীক্ষকে সদৰী কৰা অনুসৰি শংকৰ মানসিকভাৱে বিকাৰগ্ৰস্ত। সেয়েহে তেওঁৰ ওপৰত কোনো গোচৰ ৰুজু হোৱা নাই। উল্লেখ্য খোদ নীতিশ কুমাৰেও যুৱকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিছে আৰক্ষীক। তেওঁ যুৱকজনৰ কিবা সমস্যা আছে নেকি সেয়া শুনিবলৈকো বিষয়াসকলক নিৰ্দেশ দিছে।মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বখতিয়াৰপুউৰৰ কেইবাখনো গাঁও পৰিদৰ্শন কৰাৰ পাছত তেওঁৰ পৈতৃক গৃহৰ সমীপতে ঘটা এই ঘটনাত অঞ্চলবাসীয়ে দুখ প্ৰকাশ কৰিছে। জানিব পৰা অনুসৰি ক’ভিড কালৰ পূৰ্বে শংকৰে এটা অৰ্কেষ্ট্ৰা দলত শিল্পী হিচাপে কাম কৰিছিল। পিছত তেওঁ এখন অলংকাৰৰ দোকানতো কাম কৰিছিল। নীতিশ কুমাৰৰ জীৱনত এনেধৰণৰ ঘটনা এয়াই প্ৰথম নহয়। ২০২০ চনৰ নৱেম্বৰত মধুবনী জিলাৰ হাৰলাখিত এখন নিৰ্বাচনী জনসভাত ভাষণ দি থকা অৱস্থাত নীতিশ কুমাৰৰ ফালে পিঁয়াজ দলিয়াই দিয়া হৈছিল। প্ৰথমতে আচৰিত হৈ তাৰপাছত নিজকে শান্ত কৰি তেওঁ কৈছিল "খুব ফেকৌ-খুব ফেকৌ"(আৰু অধিক দলিয়াওক)। নিৰাপত্তাৰক্ষীয়ে অপৰাধীজনক কৰায়ত্ত কৰাত নীতিশ কুমাৰে অপৰাধীজনক এৰি দিবলৈ কৈছিল। আৰু পঢ়কঃ ৫০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰিবলৈ গৈ আছে ৰাজামৌলীৰ-RRR

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন