--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেমেৰাৰ সন্মুখতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক অপদস্থ কৰে এজন যুৱকে। দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ পৈতৃক গৃহ বখতিয়াৰপুৰৰ ওচৰত সংঘটিত হৈছিল এই ঘটনা। অভিযুক্ত যুৱকজন ইতিমধ্যে বিহাৰ আৰক্ষীৰ জিম্মাত আছে। স্বাধীনতা সংগ্ৰামী শীলভদ্ৰ যাজিৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ফুলৰ মালা অৰ্পণ কৰাৰ সময়তে হঠাতে নিৰাপত্তাৰক্ষীৰ দৰে পোছাক পৰিহিত এজন যুৱক মুখ্যমন্ত্ৰীৰ ওচৰলৈ ঢপলিয়াই আহে। যুৱকজনে নীতিশ কুমাৰক কান্ধত ধৰি সেই স্থানৰ পৰা আঁতৰাই দিয়ে। লগে লগে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰাপত্তাৰক্ষী দৌৰি আহি যুৱকজনক ধৰি দূৰলৈ আঁতৰাই লৈ যায়। যুৱকজনৰ নাম শংকৰ কুমাৰ বাৰ্মা ওৰফে ছটু বুলি জানিব পৰা গৈছে। পাটনাৰ আৰক্ষী অধীক্ষকে সদৰী কৰা অনুসৰি শংকৰ মানসিকভাৱে বিকাৰগ্ৰস্ত। সেয়েহে তেওঁৰ ওপৰত কোনো গোচৰ ৰুজু হোৱা নাই। উল্লেখ্য খোদ নীতিশ কুমাৰেও যুৱকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিছে আৰক্ষীক। তেওঁ যুৱকজনৰ কিবা সমস্যা আছে নেকি সেয়া শুনিবলৈকো বিষয়াসকলক নিৰ্দেশ দিছে।মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বখতিয়াৰপুউৰৰ কেইবাখনো গাঁও পৰিদৰ্শন কৰাৰ পাছত তেওঁৰ পৈতৃক গৃহৰ সমীপতে ঘটা এই ঘটনাত অঞ্চলবাসীয়ে দুখ প্ৰকাশ কৰিছে। জানিব পৰা অনুসৰি ক’ভিড কালৰ পূৰ্বে শংকৰে এটা অৰ্কেষ্ট্ৰা দলত শিল্পী হিচাপে কাম কৰিছিল। পিছত তেওঁ এখন অলংকাৰৰ দোকানতো কাম কৰিছিল। নীতিশ কুমাৰৰ জীৱনত এনেধৰণৰ ঘটনা এয়াই প্ৰথম নহয়। ২০২০ চনৰ নৱেম্বৰত মধুবনী জিলাৰ হাৰলাখিত এখন নিৰ্বাচনী জনসভাত ভাষণ দি থকা অৱস্থাত নীতিশ কুমাৰৰ ফালে পিঁয়াজ দলিয়াই দিয়া হৈছিল। প্ৰথমতে আচৰিত হৈ তাৰপাছত নিজকে শান্ত কৰি তেওঁ কৈছিল "খুব ফেকৌ-খুব ফেকৌ"(আৰু অধিক দলিয়াওক)। নিৰাপত্তাৰক্ষীয়ে অপৰাধীজনক কৰায়ত্ত কৰাত নীতিশ কুমাৰে অপৰাধীজনক এৰি দিবলৈ কৈছিল। আৰু পঢ়কঃ ৫০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰিবলৈ গৈ আছে ৰাজামৌলীৰ-RRR

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে