--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত এতিয়া সাম্প্ৰদায়িকতাবাদৰ মুকলি জয়গান। ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক চৰিত্ৰক উপহাস কৰি এতিয়া দেশত শাসকপক্ষৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত নিতৌ চলে এক নিৰ্দিষ্ট ধৰ্মৰ বিৰুদ্ধে মুকলি বিৰোধ। হিন্দুত্ববাদৰ চৰম উত্থানেৰে ভাবুকি কঢ়িয়াই অনা হৈছে ভাৰতীয় গণতন্ত্ৰলৈ। অতি সুকৌশলী পৰিকল্পনাৰে দেশত এতিয়া এই পৰিৱেশৰ সৃষ্টি কৰা হৈছে। ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ ধাৰাবাহিক কৰ্মকৌশলত নামি পৰিছে হিন্দুত্ববাদী দল-সংগঠনসমূহ। এই উদ্দেশ্যৰ বাস্তৱীকৰণৰ পৰিকল্পনাত আছে মুখ্যত: শাসকীয় দল বিজেপি আৰু আৰ এছ এছ।এনে আগ্ৰাসনেৰে হিন্দুত্ববাদী মহলে দেশৰ স্বাধীনতা যুঁজাৰু তথা মহান লোকসকলক হিন্দুত্ববাদৰ ৰহণ লগাই গেৰুৱাকৰণ কৰাৰ অভিযানত নামি পৰিছে। এই অভিযানত এই গোটটোৰ সন্মুখত বাধা হিচাপে থিয় দিয়া লোকসকলৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আৰু চৰিত্ৰ হননৰ দ্বাৰা জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ এক সুকৌশলী ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। হিন্দুত্ববাদী মহলৰ এই নিকৃষ্ট ষড়যন্ত্ৰৰ প্ৰথম চিকাৰেই হৈছে মহাত্মা গান্ধী।

সাম্প্ৰদায়িক ধ্যান-ধাৰণাৰ বিষবাষ্প বিয়পোৱাৰ ক্ষেত্ৰত হিন্দুত্ববাদী মহলৰ সন্মুখত এক বাধা হিচাপে এতিয়াও থিয় দি আছে মহাত্মা গান্ধীৰ আদৰ্শ। সেয়েহে বাপুৰ এই আদৰ্শ জনসাধাৰণৰ মাজৰ পৰা আঁতৰোৱাৰ উদ্দেশ্যে হিন্দুত্ববাদী গোটসমূহে সময়ে সময়ে মহাত্মা গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লয়, প্ৰচাৰ কৰা হয় গান্ধী বিৰোধী নানা নিকৃষ্ট ভুৱা তথ্য। এনেদৰেই এইবাৰ গান্ধী বিৰোধী অপপ্ৰচাৰত নামি পৰিছে বিতৰ্কিত ধৰ্মগুৰু য়াতি নৰসিংহানন্দ। 

পূৰ্বেও নানা সাম্প্ৰদায়িক মন্তব্যৰে চৰ্চালৈ অহা এই স্বয়ম্ভু ধৰ্মগুৰুজনে গত ১৩ জুলাইত মহাত্মা গান্ধী সম্পৰ্কে কৰিছে এক বিতৰ্কিত মন্তব্য। ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে এক অনুষ্ঠানত ভাষণ প্ৰদানৰ সময়ত নৰসিংহানন্দে এক কোটি হিন্দুৰ হত্যাৰ বাবে মহাত্মা গান্ধীক জগৰীয়া কৰিছে। গান্ধী সম্পৰ্কে এনে চূড়ান্ত অপপ্ৰচাৰৰ পিছত নৰসিংহানন্দৰ বিৰুদ্ধে বৃহস্পতিবাৰে গাজিয়াবাদ জিলাৰ মাচুৰী আৰক্ষী থানাত আইপিচিৰ ১৫৩এ আৰু ৫০৫ ধাৰাৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰা হয়।

এজাহাৰখনত অভিযোগ কৰা অনুসৰি নিজৰ ভাষণত ধৰ্মীয় নেতাগৰাকীয়ে ৰাষ্ট্ৰপিতা গান্ধী সন্দৰ্ভত একাধিক অপমানজনক আৰু অপবাদ উল্লেখ কৰিছে। ইয়াৰ ফলত সমাজত শান্তি আৰু আইনৰ শাসন ব্যাহত হ'ব পাৰে বুলি অবিযোগকাৰী ব্যক্তিগৰাকীয়ে এজাহাৰখনত দাবী কৰিছে।

উল্লেখ্য যে কেৱল এইবাৰেই নহয়, পূৰ্বেও নানা নিকৃষ্ট সাম্প্ৰদায়িক মন্তব্যৰে বাতৰিৰ শিৰোনাম দখল কৰিছে য়াতি নৰসিংহানন্দই। যোৱা বৰ্ষৰ শেষৰ ফালে উত্তৰাখণ্ডত অনুষ্ঠিত ধৰম সংসদ নামৰ এটা অনুষ্ঠানত মুকলিকৈ মুছলমান হত্যাৰ আহ্বান কৰি দেশজুৰি খলকনি তুলিছিল এচাম হিন্দুত্ববাদী ধৰ্মগুৰুৱে। সমগ্ৰ দেশতে ইয়াৰ বিৰুদ্ধে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। 

অনুষ্ঠানটোত হিন্দু ধৰ্মৰ ৰক্ষাৰ বাবে মুছলমান ধৰ্মাৱলম্বী লোকসকলক হত্যা কৰিবলৈ অস্ত্ৰ তুলি ল’বলৈ উচতনি দিয়া হৈছিল। এই বিতৰ্কিত অনুষ্ঠানটোৰ মূল উদ্যোক্তা আছিল য়াতি নৰসিংহানন্দ। এই ঘৃণামূলক অনুষ্ঠানটোৰ বিৰুদ্ধে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত আৰক্ষীয়ে আন আন অভিযুক্তৰ লগতে নৰসিংহানন্দৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছিল।প্ৰবল প্ৰতিবাদৰ ফলশ্ৰুতিত উক্ত অনুষ্ঠানৰ আয়োজক য়াতি নৰসিংহানন্দক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে কিছু দিনৰ পূৰ্বে জামিনত মুকলি হৈছিল য়াতি নৰসিংহানন্দ।
 
তাৰ কিছুদিন পিছতে এই হিন্দুত্ববাদী নেতাজন পুনৰ এবাৰ নিজৰ সাম্প্ৰদায়িক মন্তব্যৰে চৰ্চালৈ আহিছিল। কিছুদিন পূৰ্বে দিল্লীৰ এখন হিন্দু মহাপঞ্চায়তক সম্বোধন কৰি য়াতি নৰসিংহানন্দই মন্তব্য কৰিছিল যে ২০২৯, ২০৩৪ চন বা ২০৩৯ চনত এজন মুছলমান প্ৰধানমন্ত্ৰী হ’ব। যদি এজন মুছলমান ভাৰতৰ প্ৰধানমন্ত্ৰী হয় তেতিয়া ৫০ শতাংশ হিন্দু লোক ধৰ্মান্তৰিত হ’ব, ৪০ শতাংশ হিন্দু লোক নিহত হ’ব আৰু দহ শতাংশ দেশৰ পৰা নিৰ্বাসিত হ’ব। তেওঁ লগতে হিন্দুৱে এনে ভৱিষ্যতৰ পৰা ৰক্ষা পাবলৈ হাতত অস্ত্ৰ তুলি ল’বলৈও উচতনি দিছিল।

আনহাতে আন এটা অনুষ্ঠানত স্বয়ম্ভু ধৰ্মগুৰুজনে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইল মেন এপিজে আব্দুল কালামক অপমান কৰিছিল। তেওঁ কৈছিল যে কালামে পাকিস্তানক ভাৰতৰ পৰমাণু বোমাৰ ফৰ্মুলাসমূহ বিক্ৰী কৰিছিল। প্ৰাক্তন ৰাষ্ট্ৰপতিজনক জিহাদী নাম্বাৰ ৱান বুলি আখ্যা দিও তেওঁ চৰম নিকৃষ্ট ভাষ্য আগবঢ়াইছিল। তদুপৰি দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান আলিগড় মুছলিম ইউনিভাৰ্চিটি আৰু জামিয়া মিলিয়া ইছলামিয়াক লৈও তেওঁ বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ কৈছিল যে এইসমূহ প্ৰতিষ্ঠানে ভাৰতক আফগানিস্তানৰ দৰে মুছলিম দেশ কৰি তুলিব। তদুপৰি ২০২৯ চনত দেশে এজন মুছলিম প্ৰধানমন্ত্ৰী লাভ কৰিব বুলিও তেওঁ একপ্ৰকাৰ সকীয়নি দি মুছলমান সকলৰ বিৰুদ্ধে হিন্দুত্ববাদী লোক সকলক উচতনি দিছিল। 

এনেদৰে বাৰে বাৰে দেশৰ সংবিধান চূড়ান্ত উপহাস কৰি সাম্প্ৰদায়িক মন্তব্যৰে দেশত এক বিভাজনমূলক তথা সাম্প্ৰদায়িক সংঘৰ্ষৰ দৰে সম্ভাব্য পৰিৱেশ সৃষ্টি কৰাৰ পিছতো য়াতি নৰসিংহানন্দৰ বিৰুদ্ধে গ্ৰহণ কৰা হোৱা নাই কোনো কঠোৰ শাস্তিৰ ব্যৱস্থা। যি সময়ত চৰকাৰৰ জনবিৰোধী নীতিক সমালোচনা কৰা বা সাম্প্ৰদায়িক নীতিৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিয়া একাংশ লোকক চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে চৰকাৰে পোতাশাললৈ নিক্ষেপ কৰিছে, তেনে সময়তে নৰসিংহানন্দৰ দৰে ভাৰতীয় গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰা ধৰ্মীয় নেতাই মুক্তভাৱে কৰি গৈছে উচতনিমূলক মন্তব্য। গতিকে কেৱল মাত্ৰ চৰকাৰী পৃষ্ঠপোষকতাতে যে য়াতি নৰসিংহানন্দই এনেদৰে ওভতগোৰে নাচিছে, সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য