--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে বিয়লি দিল্লীৰ আলিপুৰ অঞ্চলত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। অঞ্চলটোত নতুনকৈ নিৰ্মাণ কৰা এটা গুদামৰ দেৱাল খহি পৰাৰ ফলত মৃত্যুমুখত পৰিছে পাঁচজনকৈ লোক। আনহাতে এই আকস্মিক দুৰ্ঘটনাত ন জন লোক আহত হৈছে। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অৱশ্যে ইয়াৰে দুজনৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

দিল্লী আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে এই দুৰ্ঘটনাৰ বিষয়ে গবৰ লাভ কৰাভ কৰাৰ পিছতে উদ্ধাৰ অভিযানৰ বাবে চাৰিখন অগ্নি নিৰ্বাপক গাড়ী দুৰ্ঘটনাস্থলীলৈ তাৎক্ষণিকভাৱে প্ৰেৰণ কৰা হয়। অগ্নি নিৰ্বাপক গাড়ীকেইখন ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে কোনো পলম নকৰাকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

আৰক্ষী বিষয়া গৰাকীৰ ভাষ্য মতে দুৰ্ঘটনাস্থলীত বৰ্তমান পৰ্যন্ত উদ্ধাৰ অভিযান চলি আছে। খহি পৰা দেৱালৰ ধ্বংসস্তূপত আৰু কিছু লোক আৱদ্ধ হৈ আছে বুলি আশংকা কৰা হৈছে।

ইফালে ঘটনাৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দুখ প্ৰকাশ কৰিছে। তেওঁ লগতে দেৱাল খহি পৰাৰ পিছত সংঘটিত হোৱা এই শোকাৱহ পৰিস্থিতিৰ উদ্ধাৰ তথা সাহায্য প্ৰদানৰ কাম তদাৰক কৰি আছে বুলি জানিবলৈ দিয়ে।

"আলিপুৰত এটা অতি শোকাৱহ ঘটনা সংঘটিত হৈছে। জিলা প্ৰশাসন বৰ্তমান ঘটনাস্থলীত উদ্ধাৰ কাৰ্যত জড়িত হৈ আছে। মই উদ্ধাৰ প্ৰক্ৰিয়াৰ কাম তদাৰক কৰি আছো। ঘটনাত নিহত হোৱা ব্যক্তিসকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছো।"- এক টুইট যোগে কেজৰিৱালে কয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ঘটনাটোত শোক প্ৰকাশ কৰে। এক টুইটযোগে তেওঁ এই শোকাৱহ দুৰ্ঘটনাত নিহত সকলক সান্তনা দিয়ে। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত সকলৰ দ্ৰুত আৰোগ্য কামনা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা