--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে বিয়লি দিল্লীৰ আলিপুৰ অঞ্চলত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। অঞ্চলটোত নতুনকৈ নিৰ্মাণ কৰা এটা গুদামৰ দেৱাল খহি পৰাৰ ফলত মৃত্যুমুখত পৰিছে পাঁচজনকৈ লোক। আনহাতে এই আকস্মিক দুৰ্ঘটনাত ন জন লোক আহত হৈছে। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অৱশ্যে ইয়াৰে দুজনৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

দিল্লী আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে এই দুৰ্ঘটনাৰ বিষয়ে গবৰ লাভ কৰাভ কৰাৰ পিছতে উদ্ধাৰ অভিযানৰ বাবে চাৰিখন অগ্নি নিৰ্বাপক গাড়ী দুৰ্ঘটনাস্থলীলৈ তাৎক্ষণিকভাৱে প্ৰেৰণ কৰা হয়। অগ্নি নিৰ্বাপক গাড়ীকেইখন ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে কোনো পলম নকৰাকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

আৰক্ষী বিষয়া গৰাকীৰ ভাষ্য মতে দুৰ্ঘটনাস্থলীত বৰ্তমান পৰ্যন্ত উদ্ধাৰ অভিযান চলি আছে। খহি পৰা দেৱালৰ ধ্বংসস্তূপত আৰু কিছু লোক আৱদ্ধ হৈ আছে বুলি আশংকা কৰা হৈছে।

ইফালে ঘটনাৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দুখ প্ৰকাশ কৰিছে। তেওঁ লগতে দেৱাল খহি পৰাৰ পিছত সংঘটিত হোৱা এই শোকাৱহ পৰিস্থিতিৰ উদ্ধাৰ তথা সাহায্য প্ৰদানৰ কাম তদাৰক কৰি আছে বুলি জানিবলৈ দিয়ে।

"আলিপুৰত এটা অতি শোকাৱহ ঘটনা সংঘটিত হৈছে। জিলা প্ৰশাসন বৰ্তমান ঘটনাস্থলীত উদ্ধাৰ কাৰ্যত জড়িত হৈ আছে। মই উদ্ধাৰ প্ৰক্ৰিয়াৰ কাম তদাৰক কৰি আছো। ঘটনাত নিহত হোৱা ব্যক্তিসকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছো।"- এক টুইট যোগে কেজৰিৱালে কয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ঘটনাটোত শোক প্ৰকাশ কৰে। এক টুইটযোগে তেওঁ এই শোকাৱহ দুৰ্ঘটনাত নিহত সকলক সান্তনা দিয়ে। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত সকলৰ দ্ৰুত আৰোগ্য কামনা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ