--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উমং কুমাৰৰ পৰিচালিত ছবি ‘পি এম নৰেন্দ্ৰ মোডী’য়ে ২০১৯ চনত মুক্তি লাভ কৰিছিল। জীৱনীমূলক ছবিখনত মোডীৰ চৰিত্ৰত অভিনয় কৰিছিল বলীউডৰ অভিনেতা বিবেক অবেৰয়ে। ২০১৯ চনৰ পিছত এইবাৰ ২০২৩ চন। পুনৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়’পিক! বলীউডৰ পৰিচালক ছাব্বিৰ কুৰেশ্বীয়ে নৰেন্দ্ৰ মোদীৰ বায়’পিক নিৰ্মাণ কৰিবলৈ লৈছে। ছবিখনৰ নাম ‘এক নয়া চৱেৰা’।

এই ছবিখনত শিশু অভিনেতা ৰুদ্ৰ ৰামটেকাৰক বালক মোডীৰ চৰিত্ৰত দেখা যাব। মুম্বাইৰ ব্যৱসায়ী-অভিনেতা বিকাশ মাহান্তে বয়সীয়াল মোডীৰ চৰিত্ৰত অভিনয় কৰিব। ২০১৭ চনত তেওঁ ‘মোডী কাকা কা গাঁও’ ছবিত অভিনয় কৰি দৰ্শক আৰু সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

ছৱিখনত দেশৰ প্ৰধানমন্ত্ৰীৰ শৈশৱ, কৈশোৰ, যুৱাৱস্থা আৰু বৰ্তমানক দেখুওৱা হ’ব। পৰিচালক ছাব্বিৰ কুৰেশ্বীৰ মতে, নৰেন্দ্ৰ মোডীৰ প্ৰকৃত ব্যক্তিত্ব এতিয়াও বহুতে নাজানে। সেইবাবেই ছৱিখন নিৰ্মাণ কৰা হৈছে।

পৰিচালকগৰাকীয়ে কয়- ''প্ৰধানমন্ত্ৰীৰ প্ৰতি মোৰ অপৰিসীম শ্ৰদ্ধা আছে, আৰু তেওঁৰ চৰিত্ৰ দৰ্শকৰ সন্মুখত চিত্ৰিত কৰাটো মোৰ বাবে এক সৌভাগ্য আৰু সন্মানৰ বিষয়। প্ৰায় ৬ মাহ ধৰি তেওঁ ছবিখনৰ বাবে গৱেষণা কৰিছিলো।’’

‘এক নয়া সৱেৰা’ ছবিখনে দেশবাসীক অনুপ্ৰাণিত কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰগতিৰ পথ হ’ব বুলি পৰিচালকগৰাকীয়ে আশা প্ৰকাশ কৰিছে।

শান্তি দেৱী আগৰৱালাক ‘এক নয়া সৱেৰা’ ছবিত মোডীৰ মাতৃ হীৰাবেনৰ চৰিত্ৰত দেখা যাব। মোডীৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিব গুঞ্জন ৰামটেকাৰ। মোডীৰ পিতৃ দামোদৰদাস মোডীৰ ৰূপত দেখা যাব চিকন্দৰ খানক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক