--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উমং কুমাৰৰ পৰিচালিত ছবি ‘পি এম নৰেন্দ্ৰ মোডী’য়ে ২০১৯ চনত মুক্তি লাভ কৰিছিল। জীৱনীমূলক ছবিখনত মোডীৰ চৰিত্ৰত অভিনয় কৰিছিল বলীউডৰ অভিনেতা বিবেক অবেৰয়ে। ২০১৯ চনৰ পিছত এইবাৰ ২০২৩ চন। পুনৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়’পিক! বলীউডৰ পৰিচালক ছাব্বিৰ কুৰেশ্বীয়ে নৰেন্দ্ৰ মোদীৰ বায়’পিক নিৰ্মাণ কৰিবলৈ লৈছে। ছবিখনৰ নাম ‘এক নয়া চৱেৰা’।

এই ছবিখনত শিশু অভিনেতা ৰুদ্ৰ ৰামটেকাৰক বালক মোডীৰ চৰিত্ৰত দেখা যাব। মুম্বাইৰ ব্যৱসায়ী-অভিনেতা বিকাশ মাহান্তে বয়সীয়াল মোডীৰ চৰিত্ৰত অভিনয় কৰিব। ২০১৭ চনত তেওঁ ‘মোডী কাকা কা গাঁও’ ছবিত অভিনয় কৰি দৰ্শক আৰু সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

ছৱিখনত দেশৰ প্ৰধানমন্ত্ৰীৰ শৈশৱ, কৈশোৰ, যুৱাৱস্থা আৰু বৰ্তমানক দেখুওৱা হ’ব। পৰিচালক ছাব্বিৰ কুৰেশ্বীৰ মতে, নৰেন্দ্ৰ মোডীৰ প্ৰকৃত ব্যক্তিত্ব এতিয়াও বহুতে নাজানে। সেইবাবেই ছৱিখন নিৰ্মাণ কৰা হৈছে।

পৰিচালকগৰাকীয়ে কয়- ''প্ৰধানমন্ত্ৰীৰ প্ৰতি মোৰ অপৰিসীম শ্ৰদ্ধা আছে, আৰু তেওঁৰ চৰিত্ৰ দৰ্শকৰ সন্মুখত চিত্ৰিত কৰাটো মোৰ বাবে এক সৌভাগ্য আৰু সন্মানৰ বিষয়। প্ৰায় ৬ মাহ ধৰি তেওঁ ছবিখনৰ বাবে গৱেষণা কৰিছিলো।’’

‘এক নয়া সৱেৰা’ ছবিখনে দেশবাসীক অনুপ্ৰাণিত কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰগতিৰ পথ হ’ব বুলি পৰিচালকগৰাকীয়ে আশা প্ৰকাশ কৰিছে।

শান্তি দেৱী আগৰৱালাক ‘এক নয়া সৱেৰা’ ছবিত মোডীৰ মাতৃ হীৰাবেনৰ চৰিত্ৰত দেখা যাব। মোডীৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিব গুঞ্জন ৰামটেকাৰ। মোডীৰ পিতৃ দামোদৰদাস মোডীৰ ৰূপত দেখা যাব চিকন্দৰ খানক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে