--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পদ্মশ্ৰী প্ৰাপক অভিনেত্ৰী কংগনা ৰাণাৱটেএতিয়া  গোল্ডেন গ্লোব বিজয়ী সংগীত পৰিচালক কিৰাবানীৰ সৈতে কাম কৰি আছে।এই কথা অভিনেত্ৰীগৰাকীয়ে নিজেই প্ৰকাশ কৰিলে৷ কংগনাই শেহতীয়াকৈ  'জৰুৰীকালীন'  ছবিখনৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰিছে।

 বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে ২৪ জানুৱাৰীৰ পৰা  পুনৰ সামাজিক মাধ্যমত সক্ৰিয় হৈ পৰিছে৷ কংগনাই  নিজে পৰিচালনা আৰু অভিনয় কৰা ছবি 'জৰুৰীকালীন'ৰ দৃশ্যগ্ৰহণৰ এটা ভিডিঅ' টুইটাৰত শ্বেয়াৰ কৰিছিল। এইবাৰ অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত তেওঁৰ পৰৱৰ্তী কামৰ বিষয়ে বতৰা দিছিল। তেওঁক পৰৱৰ্তী সময়ত "চন্দ্ৰমুখী ২"ত গোল্ডেন গ্লোব বিজয়ী আৰু অস্কাৰ মনোনীত সংগীত পৰিচালক এম এম কিৰাবানীৰ সৈতে  কাম কৰিব। কংগনাই টুইটাৰত এই কথা প্ৰকাশ কৰিছে৷ 

কংগনা ৰাণাৱটে দক্ষিণৰ পৰিচালক পি বসুৰ 'চন্দ্ৰমুখী ২'ত অভিনয় কৰিবলৈ সাজু হৈছে। ৰাষ্ট্ৰীয় বঁটা বিজয়ী বলীউডৰ অভিনেত্ৰীগৰাকী বৰ্তমান ছবি খনৰ গানৰ ৰিহাৰ্চেলত ব্যস্ত হৈ আছে। কংগনাই ছবিখনৰ এটা গানৰ বাবে বিখ্যাত ভাৰতীয় নৃত্যশিল্পী কালা মাষ্টাৰৰ পৰা প্ৰশিক্ষণ লৈ আছে। অভিনেত্ৰীগৰাকীয়ে ৰিহাৰ্চেলৰ এখন ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰিছে। কংগনাই কৈছে  যে তেওঁ অস্কাৰ মনোনীত গান 'নাটু নাটু'ৰ সংগীত পৰিচালক এম এম কিৰাবানীৰ সৈতে কাম কৰিব। অভিনেত্ৰীগৰাকীয়ে লিখিছে , "মই ৰিহাৰ্চেল আৰম্ভ কৰিছো, 'চন্দ্ৰমুখী ২'ৰ বাবে এই গানটোৰ সংগীত গোল্ডেন গ্লোব বিজয়ী সংগীত পৰিচালক এম এম কীৰাবানীয়ে ৰচনা কৰিব। কংগনাই লগতে টুইটত কয়, "কিৰাবানীৰ সৈতে কাম কৰাটো মোৰ বাবে এক ডাঙৰ সন্মান।

দক্ষিণৰ পৰিচালক পি বসুৰ দ্বাৰা পৰিচালিত 'চন্দ্ৰমুখী ২'ত কংগনা ৰাণাৱটে মূল  চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে। তেওঁৰ সৈতে থাকিব 'কাঞ্চনা' খ্যাত দক্ষিণৰ অভিনেতা ৰাঘৱ লৰেন্স৷   পূৰ্বে পি বসুৰ দ্বাৰা পৰিচালিত, 'চন্দ্ৰমুখী'ত মুখ্য চৰিত্ৰত দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে অভিনয় কৰিছিল। ৰজনীকান্তক 'চন্দ্ৰমুখী ২'ত দেখা যাব নে নাই তাকে লৈ জল্পনা-কল্পনা চলি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক