--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তিৰ পঞ্চম দিনটোতো ‘পাঠান’-এ বক্স অফিচত ধুমুহাৰ সৃষ্টি তুলিলে। সোমবাৰে শ্বাহৰুখ খানে ছবিখনৰ কলা-কুশলীসকলৰ সৈতে সংবাদ মাধ্যমৰ মুখামুখি হয়। দীপিকা পাডুকন, জন আব্ৰাহাম, পৰিচালক সিদ্ধাৰ্থ আনন্দও তাত উপস্থিত থাকে।

ছবিখন মুক্তি পোৱাৰ পূৰ্বে কেইবাটাও বিতৰ্কৰ মাজত সোমাই পৰিছিল ‘পাঠান’। ইয়াৰ পিছতো সুস্থ পৰিৱেশত মুক্তি পালে ছবিখন।সেইবাবেই বলীউডৰ ‘বাদশ্বাহ’গৰাকীয়ে সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰে।

মুক্তিৰ পিছৰে পৰা পাঠানে কেইবাটাও অভিলেখ ভংগ কৰিছে। পঞ্চম দিনা ছবিখনে সমগ্ৰ বিশ্বতে ৫০০ কোটিৰো অধিক উপাৰ্জন কৰিছে। ১০০খন দেশৰ ৮০০০ পৰ্দাত প্ৰদৰ্শিত হৈছে ‘পাঠান’। ইয়াৰ ভিতৰত ভাৰতত ৫০০০ৰো অধিক থিয়েটাৰ আছে। হিন্দী ছবি প্ৰদৰ্শনৰ ক্ষেত্ৰত এয়াই প্ৰথম। কেৱল আমেৰিকাৰেই ৬৯৪খন ছবিগৃহত মুক্তি লাভ কৰিছিল পাঠান।

আমেৰিকাত এই ছবিখন অবাধে চলি আছে। মুক্তিৰ দিনাই প্ৰথমে কোটি কোটি টকা উপাৰ্জন কৰিছিল ছৱিখনে। আমেৰিকাত ইমান উপাৰ্জন কৰা প্ৰথমখন হিন্দী ছবি হিচাপে পৰিগণিত হ’ল শ্বাহৰুখৰ ছৱিখন।

গড় আয়ৰ ক্ষেত্ৰতো শ্বাহৰুখে হলিউডক পৰাস্ত কৰিছে। পাঁচ দিনৰ অন্তত ছবিখনে ঘৰুৱাভাৱে ২৫০ কোটি টকা উপাৰ্জন কৰে ভাৰতৰ বজাৰত মাত্ৰ পাঁচ দিনৰ ভিতৰতে ২৫০ কোটিৰ সীমা অতিক্ৰম কৰা প্ৰথমখন ছবি হিচাপে পৰিগণিত হৈছে ছৱিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে