--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তিৰ পঞ্চম দিনটোতো ‘পাঠান’-এ বক্স অফিচত ধুমুহাৰ সৃষ্টি তুলিলে। সোমবাৰে শ্বাহৰুখ খানে ছবিখনৰ কলা-কুশলীসকলৰ সৈতে সংবাদ মাধ্যমৰ মুখামুখি হয়। দীপিকা পাডুকন, জন আব্ৰাহাম, পৰিচালক সিদ্ধাৰ্থ আনন্দও তাত উপস্থিত থাকে।

ছবিখন মুক্তি পোৱাৰ পূৰ্বে কেইবাটাও বিতৰ্কৰ মাজত সোমাই পৰিছিল ‘পাঠান’। ইয়াৰ পিছতো সুস্থ পৰিৱেশত মুক্তি পালে ছবিখন।সেইবাবেই বলীউডৰ ‘বাদশ্বাহ’গৰাকীয়ে সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰে।

মুক্তিৰ পিছৰে পৰা পাঠানে কেইবাটাও অভিলেখ ভংগ কৰিছে। পঞ্চম দিনা ছবিখনে সমগ্ৰ বিশ্বতে ৫০০ কোটিৰো অধিক উপাৰ্জন কৰিছে। ১০০খন দেশৰ ৮০০০ পৰ্দাত প্ৰদৰ্শিত হৈছে ‘পাঠান’। ইয়াৰ ভিতৰত ভাৰতত ৫০০০ৰো অধিক থিয়েটাৰ আছে। হিন্দী ছবি প্ৰদৰ্শনৰ ক্ষেত্ৰত এয়াই প্ৰথম। কেৱল আমেৰিকাৰেই ৬৯৪খন ছবিগৃহত মুক্তি লাভ কৰিছিল পাঠান।

আমেৰিকাত এই ছবিখন অবাধে চলি আছে। মুক্তিৰ দিনাই প্ৰথমে কোটি কোটি টকা উপাৰ্জন কৰিছিল ছৱিখনে। আমেৰিকাত ইমান উপাৰ্জন কৰা প্ৰথমখন হিন্দী ছবি হিচাপে পৰিগণিত হ’ল শ্বাহৰুখৰ ছৱিখন।

গড় আয়ৰ ক্ষেত্ৰতো শ্বাহৰুখে হলিউডক পৰাস্ত কৰিছে। পাঁচ দিনৰ অন্তত ছবিখনে ঘৰুৱাভাৱে ২৫০ কোটি টকা উপাৰ্জন কৰে ভাৰতৰ বজাৰত মাত্ৰ পাঁচ দিনৰ ভিতৰতে ২৫০ কোটিৰ সীমা অতিক্ৰম কৰা প্ৰথমখন ছবি হিচাপে পৰিগণিত হৈছে ছৱিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক