--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন হ’ব তাকেলৈ বিভিন্ন জনৰ মাজত আলোচনা চলি থকাৰ সময়তে গোমাতাৰ শৰণাপন্ন হৈছে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ঋষি চুনাক ।ঋষি চুনাকে জন্মাষ্টমী উপলক্ষে তেওঁৰ পত্নী অক্ষতা মূৰ্তিৰ সৈতে ইংলেণ্ডৰ ইস্কন মন্দিৰত প্ৰাৰ্থনা কৰাৰ ছবি এতিয়া ভাইৰেল  হৈ পৰিছে।  ছবিত তেওঁক  হাত জোৰ কৰি সৱা কৰি থকা  দেখা গৈছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী  পদৰ বাবে প্ৰতিদ্বন্দিতা কৰি থকা ভাৰতীয় বংশোদ্ভূত ৰাজনীতিক ঋষি চুনাকে গৰুৰ  উপাসনা কৰাৰ কথাই ভাৰতত গোমাতাৰ ভক্তসকলক উৎসাহিত কৰি তোলা পৰিলক্ষিত হৈছে। 

ঋষিয়ে  আৰতি কৰাও দেখা গৈছে। "প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ঋষিয়ে লণ্ডনত বহি যিধৰণে গোমাতাক পূজা কৰি আছে সেয়া হিন্দু পৰম্পৰাৰ শক্তিৰ স্মাৰক," এজন নেটিজেনে টুইট কৰিছে। চুনাকে যোৱা বছৰ দেৱালীৰ সময়তো  তেওঁৰ কাৰ্যালয়ত চাকি জ্বলোৱা দেখা গৈছিল।ঋষি প্ৰাক্তন বৈদেশিক সচিব লিজ ট্ৰাছৰ সৈতে প্ৰধানমন্ত্ৰী পদৰ  চূড়ান্ত যুঁজত আছে। 

কিন্তু বিশেষজ্ঞসকলে কয় যে দেশৰ অৰ্থনীতিৰ বাবে তেওঁৰ পৰিকল্পনা সাধাৰণ মানুহৰ বাবে গ্ৰহণযোগ্য হৈ উঠা নাই। সেইকাৰণে ঋষিৰ প্ৰতিদ্বন্দী ট্ৰাছে বহু  দলীয় কৰ্মীৰ ভোট লাভ কৰিবলৈ সক্ষম হৈছে। সমীক্ষা অনুসৰি, ট্ৰাছে প্ৰায় ৬৬ শতাংশ ভোট লাভ কৰিছে। মাত্ৰ ৩৪ শতাংশ ভোটহে ঋষিৰ পক্ষত আছে।

বৰ্তমানৰ ব্ৰিটেইনত ডাক বেলটৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া চলি আছে। নিৰ্বাচনৰ ফলাফল ৫ ছেপ্টেম্বৰত ঘোষণা কৰা হ'ব। বিশেষজ্ঞ সকলে এই কথাত একমত যে ঋষিয়ে হয়তো প্ৰধানমন্ত্ৰীৰ চকীত বহিব নোৱাৰিব। তেনে ক্ষেত্ৰত পূৰ্বৰ বিত্ত মন্ত্ৰী চুনাকৰ  ৰাজনৈতিক ভৱিষ্যত কি হ'ব বুলিও , প্ৰশ্ন উত্থাপিত হৈছে।  





FOLLOW US F
POPULAR
FEATURE
TRENDY
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে