--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন হ’ব তাকেলৈ বিভিন্ন জনৰ মাজত আলোচনা চলি থকাৰ সময়তে গোমাতাৰ শৰণাপন্ন হৈছে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ঋষি চুনাক ।ঋষি চুনাকে জন্মাষ্টমী উপলক্ষে তেওঁৰ পত্নী অক্ষতা মূৰ্তিৰ সৈতে ইংলেণ্ডৰ ইস্কন মন্দিৰত প্ৰাৰ্থনা কৰাৰ ছবি এতিয়া ভাইৰেল  হৈ পৰিছে।  ছবিত তেওঁক  হাত জোৰ কৰি সৱা কৰি থকা  দেখা গৈছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী  পদৰ বাবে প্ৰতিদ্বন্দিতা কৰি থকা ভাৰতীয় বংশোদ্ভূত ৰাজনীতিক ঋষি চুনাকে গৰুৰ  উপাসনা কৰাৰ কথাই ভাৰতত গোমাতাৰ ভক্তসকলক উৎসাহিত কৰি তোলা পৰিলক্ষিত হৈছে। 

ঋষিয়ে  আৰতি কৰাও দেখা গৈছে। "প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ঋষিয়ে লণ্ডনত বহি যিধৰণে গোমাতাক পূজা কৰি আছে সেয়া হিন্দু পৰম্পৰাৰ শক্তিৰ স্মাৰক," এজন নেটিজেনে টুইট কৰিছে। চুনাকে যোৱা বছৰ দেৱালীৰ সময়তো  তেওঁৰ কাৰ্যালয়ত চাকি জ্বলোৱা দেখা গৈছিল।ঋষি প্ৰাক্তন বৈদেশিক সচিব লিজ ট্ৰাছৰ সৈতে প্ৰধানমন্ত্ৰী পদৰ  চূড়ান্ত যুঁজত আছে। 

কিন্তু বিশেষজ্ঞসকলে কয় যে দেশৰ অৰ্থনীতিৰ বাবে তেওঁৰ পৰিকল্পনা সাধাৰণ মানুহৰ বাবে গ্ৰহণযোগ্য হৈ উঠা নাই। সেইকাৰণে ঋষিৰ প্ৰতিদ্বন্দী ট্ৰাছে বহু  দলীয় কৰ্মীৰ ভোট লাভ কৰিবলৈ সক্ষম হৈছে। সমীক্ষা অনুসৰি, ট্ৰাছে প্ৰায় ৬৬ শতাংশ ভোট লাভ কৰিছে। মাত্ৰ ৩৪ শতাংশ ভোটহে ঋষিৰ পক্ষত আছে।

বৰ্তমানৰ ব্ৰিটেইনত ডাক বেলটৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া চলি আছে। নিৰ্বাচনৰ ফলাফল ৫ ছেপ্টেম্বৰত ঘোষণা কৰা হ'ব। বিশেষজ্ঞ সকলে এই কথাত একমত যে ঋষিয়ে হয়তো প্ৰধানমন্ত্ৰীৰ চকীত বহিব নোৱাৰিব। তেনে ক্ষেত্ৰত পূৰ্বৰ বিত্ত মন্ত্ৰী চুনাকৰ  ৰাজনৈতিক ভৱিষ্যত কি হ'ব বুলিও , প্ৰশ্ন উত্থাপিত হৈছে।  






FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু