--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক সফল বৈবাহিক জীৱনৰ দ্বাৰা নজিৰ গঢ়িছিল এহাল দম্পতীয়ে৷ ব্ৰিটেইনত বাস কৰা ভাৰতীয় মূলৰ এহাল দম্পতী ৯০ বছৰতকৈও অধিক সময় ধৰি বিবাহিত আছিল আৰু বিশ্বৰ আটাইতকৈ দীৰ্ঘদিনীয়া বিবাহিত দম্পতী বুলি তেওঁলোকক বিশ্বাস কৰা হৈছিল৷ তাতোকৈ বিশেষ কথাটো হ’ল যে স্বামী-স্ত্ৰী দুয়োজনেই ১০০ বছৰৰো অধিক সময় জীয়াই আছিল।

১৯২৫ চনৰ ১১ ডিচেম্বৰত ভাৰতত শিখ বিবাহ অনুষ্ঠানত কৰম চান্দ আৰু তেওঁৰ পত্নী কৰতাৰী চান্দৰ বিবাহ হয়। ২০১৬ চনত কৰমৰ ১১০ বছৰ বয়সত মৃত্যুৰ লগে লগে ৯০ বছৰ আৰু ২৯১ দিনৰ বিবাহৰ অন্ত পৰে। তিনি বছৰৰ পাছত ২০১৯ চনত কৰতাৰীৰো ১০৭ বছৰ বয়সত মৃত্যু হয়।

পাঞ্জাৱত জন্মগ্ৰহণ কৰা কৰতাৰী আৰু কৰম দুয়োজনেই ১৯৬৫ চনত ব্ৰিটেইনৰ ব্ৰেডফোৰ্ডলৈ গুচি যায় আৰু তেওঁলোকৰ আঠজন সন্তান, ২৭জন নাতি আৰু ২৩জন প্ৰপৌত্ৰ।

২০১৬ চনৰ অক্টোবৰ মাহত তেওঁলোকৰ ৯০ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন কৰা হৈছিল আৰু ইয়াক ব্ৰিটিছ সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল। তেওঁলোকৰ ৯০ বছৰীয়া জয়ন্তীত তেওঁলোকৰ মুঠ বয়স আছিল ২১৩ বছৰ।

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে বিবাহ বাৰ্ষিকীক বিভিন্ন নাম দিয়া হৈছে। বিবাহৰ ১ বছৰৰ বাবে 'পেপাৰ এনিভাৰ্চেৰী', বিবাহৰ ২ বছৰৰ বাবে 'কটন এনিভাৰ্চেৰী', বিবাহৰ ৫ বছৰৰ বাবে 'উড এনিভাৰ্চেৰী', বিবাহৰ ১০ বছৰৰ বাবে 'টিন এনিভাৰ্চেৰী', বিবাহৰ ১৫ বছৰ 'ক্ৰিষ্টাল এনিভাৰ্চেৰী', ২৫ বিবাহৰ বছৰ 'ৰূপালী বাৰ্ষিকী', বিবাহৰ ৫০ বছৰ 'সোণালী বাৰ্ষিকী', বিবাহৰ ৫৫ বছৰ 'পান্না বাৰ্ষিকী', বিবাহৰ ৬০ বছৰ 'হীৰা বাৰ্ষিকী', ৭০ বিবাহৰ এবছৰক 'প্লেটিনাম বাৰ্ষিকী' বুলি কোৱা হয়, ৮০ বছৰ বিবাহক ‘অক এনিভাৰ্চেৰী’ আৰু ৯০ বছৰীয়া বিবাহক ‘গ্ৰেনাইট এনিভাৰ্চেৰী’ বুলি কোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক