--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক সফল বৈবাহিক জীৱনৰ দ্বাৰা নজিৰ গঢ়িছিল এহাল দম্পতীয়ে৷ ব্ৰিটেইনত বাস কৰা ভাৰতীয় মূলৰ এহাল দম্পতী ৯০ বছৰতকৈও অধিক সময় ধৰি বিবাহিত আছিল আৰু বিশ্বৰ আটাইতকৈ দীৰ্ঘদিনীয়া বিবাহিত দম্পতী বুলি তেওঁলোকক বিশ্বাস কৰা হৈছিল৷ তাতোকৈ বিশেষ কথাটো হ’ল যে স্বামী-স্ত্ৰী দুয়োজনেই ১০০ বছৰৰো অধিক সময় জীয়াই আছিল।

১৯২৫ চনৰ ১১ ডিচেম্বৰত ভাৰতত শিখ বিবাহ অনুষ্ঠানত কৰম চান্দ আৰু তেওঁৰ পত্নী কৰতাৰী চান্দৰ বিবাহ হয়। ২০১৬ চনত কৰমৰ ১১০ বছৰ বয়সত মৃত্যুৰ লগে লগে ৯০ বছৰ আৰু ২৯১ দিনৰ বিবাহৰ অন্ত পৰে। তিনি বছৰৰ পাছত ২০১৯ চনত কৰতাৰীৰো ১০৭ বছৰ বয়সত মৃত্যু হয়।

পাঞ্জাৱত জন্মগ্ৰহণ কৰা কৰতাৰী আৰু কৰম দুয়োজনেই ১৯৬৫ চনত ব্ৰিটেইনৰ ব্ৰেডফোৰ্ডলৈ গুচি যায় আৰু তেওঁলোকৰ আঠজন সন্তান, ২৭জন নাতি আৰু ২৩জন প্ৰপৌত্ৰ।

২০১৬ চনৰ অক্টোবৰ মাহত তেওঁলোকৰ ৯০ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন কৰা হৈছিল আৰু ইয়াক ব্ৰিটিছ সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল। তেওঁলোকৰ ৯০ বছৰীয়া জয়ন্তীত তেওঁলোকৰ মুঠ বয়স আছিল ২১৩ বছৰ।

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে বিবাহ বাৰ্ষিকীক বিভিন্ন নাম দিয়া হৈছে। বিবাহৰ ১ বছৰৰ বাবে 'পেপাৰ এনিভাৰ্চেৰী', বিবাহৰ ২ বছৰৰ বাবে 'কটন এনিভাৰ্চেৰী', বিবাহৰ ৫ বছৰৰ বাবে 'উড এনিভাৰ্চেৰী', বিবাহৰ ১০ বছৰৰ বাবে 'টিন এনিভাৰ্চেৰী', বিবাহৰ ১৫ বছৰ 'ক্ৰিষ্টাল এনিভাৰ্চেৰী', ২৫ বিবাহৰ বছৰ 'ৰূপালী বাৰ্ষিকী', বিবাহৰ ৫০ বছৰ 'সোণালী বাৰ্ষিকী', বিবাহৰ ৫৫ বছৰ 'পান্না বাৰ্ষিকী', বিবাহৰ ৬০ বছৰ 'হীৰা বাৰ্ষিকী', ৭০ বিবাহৰ এবছৰক 'প্লেটিনাম বাৰ্ষিকী' বুলি কোৱা হয়, ৮০ বছৰ বিবাহক ‘অক এনিভাৰ্চেৰী’ আৰু ৯০ বছৰীয়া বিবাহক ‘গ্ৰেনাইট এনিভাৰ্চেৰী’ বুলি কোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত