--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইজৰাইল আৰু হামাছৰ মাজত হোৱা সংঘাতৰ পাছত দিল্লী আৰক্ষীয়ে ইজৰাইলৰ দূতাবাস আৰু দিল্লীৰ ‘চাবাদ হাউছ’ৰ আশে-পাশে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। নিৰাপত্তা দায়িত্বত থকা বিষয়াৰ মতে নতুন দিল্লীত থকা ইজৰাইলৰ দূতাবাস আৰু মধ্য দিল্লীৰ চান্দনী চ’কৰ চাবাদ হাউছৰ আশে-পাশে নিয়োজিত আৰক্ষীকসকলকো কঠোৰ সতৰ্কতা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ইজৰাইলৰ ওপৰত পেলেষ্টাইন সন্ত্ৰাসবাদী সংগঠনৰ আকস্মিক আক্ৰমণত শ শ লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে কেইবা হাজাৰ লোক। একে সময়তে ইজৰাইলৰ তীব্ৰ প্ৰতিশোধমূলক কাৰ্যত গাজা ষ্ট্ৰিপত বহু পেলেষ্টাইনী লোক নিহত হোৱাৰ সমান্তৰালকৈ আহত হৈছে কেইবাশ লোক।

সন্ত্ৰাসবাদী সংগঠন হামাছে শ শ ইজৰাইলী নাগৰিকক বৰ্বৰভাৱে হত্যা কৰাৰ পাছতো পেলেষ্টাইন চৰকাৰে মুকলিকৈ সমৰ্থন আগবঢ়াইছে হামাছৰ সৈতে। ভাৰতত থকা পেলেষ্টাইনৰ ৰাষ্ট্ৰদূত আদনান আবু আল হাইজাই এই আক্ৰমণত হামাছৰ ভূমিকাক গৰিহণা দিবলৈ অস্বীকাৰ কৰে। তেওঁ লগতে কয় যে যেতিয়ালৈকে পূব জেৰুজালেমক ৰাজধানী হিচাপে লৈ পেলেষ্টাইনী ৰাষ্ট্ৰ স্থাপন নহয়, তেতিয়ালৈকে তেওঁলোকৰ সংগ্ৰাম সদায় চলি থাকিব। আদনান আবু আল হাইজাই হামাছৰ আক্ৰমণৰ আঁৰত ইজৰাইলে ‘ইৰাণৰ হাত’ বুলি কৰা দাবীকো খণ্ডন কৰে।

ইফালে ইজৰাইলৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পেলেষ্টাইনলৈ দিয়া সকলো আৰ্থিক সাহায্য স্থগিত ৰখাৰ কথা ঘোষণা কৰা ইউৰোপীয় আয়োগে নিজৰ সিদ্ধান্ত উলটিছে। ইউৰোপীয় ইউনিয়নৰ আয়ুক্ত অলিভাৰ ভাৰ্হেলীয়ে হামাছে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণক সন্ত্ৰাস আৰু নিষ্ঠুৰতা বুলি অভিহিত কৰি সোমবাৰে কয় যে ইউৰোপীয় ইউনিয়নে পেলেষ্টাইনীসকলক দিয়া সকলো ধৰণৰ ধন তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰি দিছে।

একে সময়তে হামাছৰ আক্ৰমণৰ পাছত ইজৰাইলৰ প্ৰতিশোধমূলক ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘই পেলেষ্টাইন অঞ্চলসমূহৰ সাধাৰণ নাগৰিক আৰু মানৱীয় প্ৰয়োজনীয়তাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটেৰেছে কয় যে পেলেষ্টাইনী জনসাধাৰণৰ দুখ-কষ্টৰ বিষয়ে মই অৱগত, কিন্তু হামাছে ইজৰাইলত যিদৰে সন্ত্ৰাসবাদী আক্ৰমণ চলাই নিৰীহ লোকক নিৰ্মমভাৱে হত্যা কৰিছিল, সেয়া একেবাৰেই সহ্য কৰিব নোৱাৰি। ইজৰাইল আৰু গাজাত সাধাৰণ নাগৰিকক সুৰক্ষা দিয়াৰ আহ্বান জনোৱাৰ লগতে হামাছে সাধাৰণ নাগৰিকক পণবন্দী হিচাপে লোৱাৰ লগতে বহু নিৰীহ লোকৰ প্ৰাণ হেৰুৱাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত