--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইজৰাইল আৰু হামাছৰ মাজত হোৱা সংঘাতৰ পাছত দিল্লী আৰক্ষীয়ে ইজৰাইলৰ দূতাবাস আৰু দিল্লীৰ ‘চাবাদ হাউছ’ৰ আশে-পাশে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। নিৰাপত্তা দায়িত্বত থকা বিষয়াৰ মতে নতুন দিল্লীত থকা ইজৰাইলৰ দূতাবাস আৰু মধ্য দিল্লীৰ চান্দনী চ’কৰ চাবাদ হাউছৰ আশে-পাশে নিয়োজিত আৰক্ষীকসকলকো কঠোৰ সতৰ্কতা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ইজৰাইলৰ ওপৰত পেলেষ্টাইন সন্ত্ৰাসবাদী সংগঠনৰ আকস্মিক আক্ৰমণত শ শ লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে কেইবা হাজাৰ লোক। একে সময়তে ইজৰাইলৰ তীব্ৰ প্ৰতিশোধমূলক কাৰ্যত গাজা ষ্ট্ৰিপত বহু পেলেষ্টাইনী লোক নিহত হোৱাৰ সমান্তৰালকৈ আহত হৈছে কেইবাশ লোক।

সন্ত্ৰাসবাদী সংগঠন হামাছে শ শ ইজৰাইলী নাগৰিকক বৰ্বৰভাৱে হত্যা কৰাৰ পাছতো পেলেষ্টাইন চৰকাৰে মুকলিকৈ সমৰ্থন আগবঢ়াইছে হামাছৰ সৈতে। ভাৰতত থকা পেলেষ্টাইনৰ ৰাষ্ট্ৰদূত আদনান আবু আল হাইজাই এই আক্ৰমণত হামাছৰ ভূমিকাক গৰিহণা দিবলৈ অস্বীকাৰ কৰে। তেওঁ লগতে কয় যে যেতিয়ালৈকে পূব জেৰুজালেমক ৰাজধানী হিচাপে লৈ পেলেষ্টাইনী ৰাষ্ট্ৰ স্থাপন নহয়, তেতিয়ালৈকে তেওঁলোকৰ সংগ্ৰাম সদায় চলি থাকিব। আদনান আবু আল হাইজাই হামাছৰ আক্ৰমণৰ আঁৰত ইজৰাইলে ‘ইৰাণৰ হাত’ বুলি কৰা দাবীকো খণ্ডন কৰে।

ইফালে ইজৰাইলৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পেলেষ্টাইনলৈ দিয়া সকলো আৰ্থিক সাহায্য স্থগিত ৰখাৰ কথা ঘোষণা কৰা ইউৰোপীয় আয়োগে নিজৰ সিদ্ধান্ত উলটিছে। ইউৰোপীয় ইউনিয়নৰ আয়ুক্ত অলিভাৰ ভাৰ্হেলীয়ে হামাছে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণক সন্ত্ৰাস আৰু নিষ্ঠুৰতা বুলি অভিহিত কৰি সোমবাৰে কয় যে ইউৰোপীয় ইউনিয়নে পেলেষ্টাইনীসকলক দিয়া সকলো ধৰণৰ ধন তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰি দিছে।

একে সময়তে হামাছৰ আক্ৰমণৰ পাছত ইজৰাইলৰ প্ৰতিশোধমূলক ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘই পেলেষ্টাইন অঞ্চলসমূহৰ সাধাৰণ নাগৰিক আৰু মানৱীয় প্ৰয়োজনীয়তাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটেৰেছে কয় যে পেলেষ্টাইনী জনসাধাৰণৰ দুখ-কষ্টৰ বিষয়ে মই অৱগত, কিন্তু হামাছে ইজৰাইলত যিদৰে সন্ত্ৰাসবাদী আক্ৰমণ চলাই নিৰীহ লোকক নিৰ্মমভাৱে হত্যা কৰিছিল, সেয়া একেবাৰেই সহ্য কৰিব নোৱাৰি। ইজৰাইল আৰু গাজাত সাধাৰণ নাগৰিকক সুৰক্ষা দিয়াৰ আহ্বান জনোৱাৰ লগতে হামাছে সাধাৰণ নাগৰিকক পণবন্দী হিচাপে লোৱাৰ লগতে বহু নিৰীহ লোকৰ প্ৰাণ হেৰুৱাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
বিশ্ব কাপলৈ ভাৰতৰ যোগ্যতা অর্জন
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ