--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এগৰাকী শিক্ষকে লজ্জানত কৰিলে সভ্য সমাজক।   একাদশ শ্ৰেণীৰ  এগৰাকী ছাত্ৰীৰ সৈতে প্ৰেম কৰি বিয়াৰ সিদ্ধান্ত ল'লে শিক্ষকগৰাকীয়ে। দুয়োটা পৰিয়ালৰ সৈতে আলোচনা কৰি বিয়াখনৰ সিদ্ধান্ত লোৱা হৈছিল।   ২৩ এপ্ৰিলত আছিল বিয়া।  বিবাহৰ কাৰ্ড ছপা  কৰি সকলোৰে মাজত বিলোৱা হয়।  গেষ্ট হাউচো বুকিং কৰা হয়।  যৌতুক সামগ্ৰীও আহি পালেহি। ছাত্ৰীগৰাকীয়েও কইনা সাজি ৰৈ থাকিল কিন্তু  শিক্ষকগৰাকী নাহিল দৰা সাজি। বিয়াৰ দিনাই নিৰুদ্দেশ হ'ল দৰা। 

কানপুৰত ঘটিছে এই ঘটনা। কানপুৰৰ হনুমন্ত বিহাৰত বাস কৰা এগৰাকী ছাত্ৰীয়ে এখন বিদ্যালয়ত একাদশ শ্ৰেণীত পঢ়ি আছিল। শিৱম দীক্ষিত নামৰ স্কুলৰ শিক্ষক এজনে তাত কোচিং দিবলৈ আহিছিল। এই সময়ছোৱাত শিক্ষক আৰু ছাত্ৰীগৰাকীৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। শিক্ষকে ছাত্ৰীক দিলে বিয়াৰ প্ৰতিশ্ৰুতি। ইয়াৰ পিছত দুয়োৰে পৰিয়ালে একেলগে বিবাহৰ সিদ্ধান্ত লয় আৰু ২৩ এপ্ৰিল মঙলবাৰৰ দিনটো  ঠিক কৰা হয়।


মঙলবাৰে ঘৰতে চলি আছিল বিয়াৰ সম্পূৰ্ণ প্ৰস্তুতি। আলহীসকলো আহি পাইছিল। ৰান্ধনীয়ে খাদ্য ৰান্ধি আছিল। অতিথিসকলে খাইছিলেও কিন্তু এই সময়ছোৱাতে ছোৱালীজনীৰ পৰিয়ালে গম পালে যে দৰাৰ পৰিয়ালে শিৱম দীক্ষিত নিৰুদ্দেশ হোৱা বুলি নৌবাস্তা থানাত ৰিপৰ্ট দাখিল কৰিছে।


কইনাৰ দেউতাকে অভিযোগ  কৰি কয় যে ''পিতৃ মনোজ দীক্ষিতক লগত লৈ শিৱম দীক্ষিতে মোৰ ঘৰলৈ আহি কৈছিল যে ৫ লাখ টকা আৰু দুখন ৱেগনআৰ গাড়ী দিলেহে  আমি বৰযাত্ৰী হৈ আহিম নহ'লে আমি বিয়া নকৰাও। আমি তেওঁলোকক অনুৰোধ কৰিলোঁ যে আমি আপোনালোকক বাইকখন দিছো। লগতে অধিক যৌতুকো দিছো। ইয়াৰ আগতেও আমি আপোনাক ৫ লাখ টকা দিছিলোঁ। কিন্তু তেওঁলোক বিয়াৰ বাবে সাজু নাছিল।''

কইনাৰ পিতৃয়েও  হনুমন্ত বিহাৰ থানাত এজাহাৰ দাখিল কৰে। ছোৱালীজনীৰ পিতৃৰ অভিযোগ যে দৰা শিৱম দীক্ষিতে আন এগৰাকী ছোৱালীৰ সৈতেও ফোনত কথা পাতিছিল। এনে পৰিস্থিতিত সেই ছোৱালীজনীৰ লগত হয়তো শিৱম পলাই যোৱাৰ সম্ভাৱনা আছে।

এই ক্ষেত্ৰত নৌবাষ্টা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সতীশ কুমাৰ পাণ্ডেই কয় যে পৰিয়ালৰ লোকে শিক্ষক শিৱম দীক্ষিতৰ নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছে। আনহাতে ছোৱালীজনীৰ পৰিয়ালে দৰাজনে ঠগা বুলি হনুমান বিহাৰ থানাত এজাহাৰ দাখিল কৰিছে। গোচৰটোৰ তদন্ত অব্যাহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ