--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এগৰাকী শিক্ষকে লজ্জানত কৰিলে সভ্য সমাজক।   একাদশ শ্ৰেণীৰ  এগৰাকী ছাত্ৰীৰ সৈতে প্ৰেম কৰি বিয়াৰ সিদ্ধান্ত ল'লে শিক্ষকগৰাকীয়ে। দুয়োটা পৰিয়ালৰ সৈতে আলোচনা কৰি বিয়াখনৰ সিদ্ধান্ত লোৱা হৈছিল।   ২৩ এপ্ৰিলত আছিল বিয়া।  বিবাহৰ কাৰ্ড ছপা  কৰি সকলোৰে মাজত বিলোৱা হয়।  গেষ্ট হাউচো বুকিং কৰা হয়।  যৌতুক সামগ্ৰীও আহি পালেহি। ছাত্ৰীগৰাকীয়েও কইনা সাজি ৰৈ থাকিল কিন্তু  শিক্ষকগৰাকী নাহিল দৰা সাজি। বিয়াৰ দিনাই নিৰুদ্দেশ হ'ল দৰা। 

কানপুৰত ঘটিছে এই ঘটনা। কানপুৰৰ হনুমন্ত বিহাৰত বাস কৰা এগৰাকী ছাত্ৰীয়ে এখন বিদ্যালয়ত একাদশ শ্ৰেণীত পঢ়ি আছিল। শিৱম দীক্ষিত নামৰ স্কুলৰ শিক্ষক এজনে তাত কোচিং দিবলৈ আহিছিল। এই সময়ছোৱাত শিক্ষক আৰু ছাত্ৰীগৰাকীৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। শিক্ষকে ছাত্ৰীক দিলে বিয়াৰ প্ৰতিশ্ৰুতি। ইয়াৰ পিছত দুয়োৰে পৰিয়ালে একেলগে বিবাহৰ সিদ্ধান্ত লয় আৰু ২৩ এপ্ৰিল মঙলবাৰৰ দিনটো  ঠিক কৰা হয়।


মঙলবাৰে ঘৰতে চলি আছিল বিয়াৰ সম্পূৰ্ণ প্ৰস্তুতি। আলহীসকলো আহি পাইছিল। ৰান্ধনীয়ে খাদ্য ৰান্ধি আছিল। অতিথিসকলে খাইছিলেও কিন্তু এই সময়ছোৱাতে ছোৱালীজনীৰ পৰিয়ালে গম পালে যে দৰাৰ পৰিয়ালে শিৱম দীক্ষিত নিৰুদ্দেশ হোৱা বুলি নৌবাস্তা থানাত ৰিপৰ্ট দাখিল কৰিছে।


কইনাৰ দেউতাকে অভিযোগ  কৰি কয় যে ''পিতৃ মনোজ দীক্ষিতক লগত লৈ শিৱম দীক্ষিতে মোৰ ঘৰলৈ আহি কৈছিল যে ৫ লাখ টকা আৰু দুখন ৱেগনআৰ গাড়ী দিলেহে  আমি বৰযাত্ৰী হৈ আহিম নহ'লে আমি বিয়া নকৰাও। আমি তেওঁলোকক অনুৰোধ কৰিলোঁ যে আমি আপোনালোকক বাইকখন দিছো। লগতে অধিক যৌতুকো দিছো। ইয়াৰ আগতেও আমি আপোনাক ৫ লাখ টকা দিছিলোঁ। কিন্তু তেওঁলোক বিয়াৰ বাবে সাজু নাছিল।''

কইনাৰ পিতৃয়েও  হনুমন্ত বিহাৰ থানাত এজাহাৰ দাখিল কৰে। ছোৱালীজনীৰ পিতৃৰ অভিযোগ যে দৰা শিৱম দীক্ষিতে আন এগৰাকী ছোৱালীৰ সৈতেও ফোনত কথা পাতিছিল। এনে পৰিস্থিতিত সেই ছোৱালীজনীৰ লগত হয়তো শিৱম পলাই যোৱাৰ সম্ভাৱনা আছে।

এই ক্ষেত্ৰত নৌবাষ্টা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সতীশ কুমাৰ পাণ্ডেই কয় যে পৰিয়ালৰ লোকে শিক্ষক শিৱম দীক্ষিতৰ নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছে। আনহাতে ছোৱালীজনীৰ পৰিয়ালে দৰাজনে ঠগা বুলি হনুমান বিহাৰ থানাত এজাহাৰ দাখিল কৰিছে। গোচৰটোৰ তদন্ত অব্যাহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু