--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধন-সম্পদৰ মায়া দুদিনীয়া। সেই মায়া পিছে সকলোৱে এৰিব নোৱাৰে। কিন্তু ৰাজস্থানৰ প্ৰতাপগড়ত এগৰাকী মাতৃয়ে তেওঁৰ  ১১ বছৰীয়া কন্যাৰ সৈতে  সাংসাৰিক জীৱন ত্যাগ কৰি আৰু সন্ন্যাসী জীৱন গ্ৰহণ কৰিছে। দুয়োগৰাকীয়ে সাংসাৰিক জীৱন ত্যাগ কৰি  দীক্ষা লৈছে। মাতৃ প্ৰীতি বেনৰ বয়স ৪০  বছৰ, আনহাতে কন্যা  চাৰাৰ বয়স মাত্ৰ ১১  বছৰ। প্ৰীতি বেন আৰু চাৰাই ছোটি সাদৰীত আয়োজিত কাৰ্যসূচীত বহুতো সাধ্বীৰ উপস্থিতিত দীক্ষা গ্ৰহণ কৰিছে। প্ৰীতি বেনে কৈছে  যে এবছৰ পূৰ্বে তেওঁ  কন্যাৰ  সৈতে  ধৰ্মীয় ভাষণ   শুনিবলৈ গৈছিল। জীৱনৰ পৰা প্ৰলোভন আদি  এৰি দিয়াৰ ধাৰণাটো তেতিয়াই  আহিছিল। প্ৰীতি বেন এগৰাকী চৰকাৰী শিক্ষয়িত্ৰী। তেওঁৰ দৰমহা মাহে এক লাখ টকা। প্ৰথমে তেওঁৰ পৰিয়ালে ইয়াৰ বিৰোধিতা কৰিছিল। কিন্তু পিছলৈ গোটেই পৰিয়ালটোৱে মাতৃ আৰু কন্যাৰ ভক্তিৰ পথ অনুসৰণ কৰাৰ অভিপ্ৰায়ত সন্মত হয়। 

কিছুদিন পূৰ্বে  গুজৰাটৰ এজন ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ ২০০ কোটি টকাৰ সম্পত্তি দান কৰি সন্ন্যাস গ্ৰহণ  গ্ৰহণ কৰিছিল। ধনী ব্যৱসায়ীজনৰ নাম ভৱেশ ভাণ্ডাৰী। তেওঁ এজন জৈনধৰ্মী লোক । ভৱেশ আৰু তেওঁৰ পত্নীয়ে এক অনুষ্ঠানক তেওঁলোকৰ সম্পূৰ্ণ সম্পত্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ আগতে ২০২২ চনত দম্পতীহালৰ ১৯ বছৰীয়া কন্যা আৰু ১৬ বছৰীয়া পুত্ৰই জৈনধৰ্মীসকলৰ সান্নিয়া ছত্ৰলৈ গৈছিল।

 তেওঁলোকে তেওঁলোকৰ কন্যা আৰু পুত্ৰৰ কৰ্মত অনুপ্ৰাণিত হৈ সকলো সম্পত্তি দান কৰাৰ সিদ্ধান্ত লয়।ভবেশ গুজৰাটৰ হিম্মতনগৰৰ এজন ব্যৱসায়ী। তেওঁ নিৰ্মাণখণ্ডৰ ব্যৱসায়ৰ সৈতে জড়িত । তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২০০ কোটি। তেওঁ সেই সকলো সম্পত্তি দান কৰিব । তেওঁলোক দুয়োএতিয়া সন্ন্যাসীৰ দৰে জীৱন যাপন কৰিব। তেওঁলোকে সম্পত্তি দান কৰাৰ আনুষ্ঠানিকতা ২২ এপ্ৰিলত সম্পন্ন কৰাৰ কথা আছে।

সেই দিনাৰ পৰাই ভৱেশ আৰু তেওঁৰ পত্নীয়ে সকলো সাংসাৰিক সম্পৰ্ক ছিন্ন কৰিব। তেওঁলোকে বস্তুবাদী চিন্তাধাৰাও এৰিব পেলাব । দীক্ষা লোৱাৰ পিছত তেওঁলোকে সমগ্ৰ ভাৰতত খালি ভৰিৰে ভ্ৰমণ কৰিব আৰু কেৱল ভিক্ষা কৰি জীয়াই থাকিব । জৈন ধৰ্মত দীক্ষাৰ অৰ্থ হৈছে বিলাসিতা পৰিহাৰ কৰা।যোৱা বছৰ, গুজৰাটৰ এজন কোটিপতি হীৰা ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়ে একে ধৰণৰ পদক্ষেপ লৈছিল।

ইয়াৰ পূৰ্বে ২০১৭ চনত মধ্যপ্ৰদেশৰ ধনী ব্যৱসায়ী সুমিত ৰাঠৌৰ আৰু পত্নী অনামিকাই ১০০ কোটি টকাৰ সম্পত্তি দান কৰি সংবাদ শিৰোনাম দখল কৰিছিল। তেওঁলোকৰ তিনি বছৰীয়া ছোৱালীজনীক ককা-আইতাকৰ সৈতে এৰি তেওঁলোকে ভিক্ষাৰ পাত্ৰ লৈ ৰাস্তাত নামিছিল । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement