--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধন-সম্পদৰ মায়া দুদিনীয়া। সেই মায়া পিছে সকলোৱে এৰিব নোৱাৰে। কিন্তু ৰাজস্থানৰ প্ৰতাপগড়ত এগৰাকী মাতৃয়ে তেওঁৰ  ১১ বছৰীয়া কন্যাৰ সৈতে  সাংসাৰিক জীৱন ত্যাগ কৰি আৰু সন্ন্যাসী জীৱন গ্ৰহণ কৰিছে। দুয়োগৰাকীয়ে সাংসাৰিক জীৱন ত্যাগ কৰি  দীক্ষা লৈছে। মাতৃ প্ৰীতি বেনৰ বয়স ৪০  বছৰ, আনহাতে কন্যা  চাৰাৰ বয়স মাত্ৰ ১১  বছৰ। প্ৰীতি বেন আৰু চাৰাই ছোটি সাদৰীত আয়োজিত কাৰ্যসূচীত বহুতো সাধ্বীৰ উপস্থিতিত দীক্ষা গ্ৰহণ কৰিছে। প্ৰীতি বেনে কৈছে  যে এবছৰ পূৰ্বে তেওঁ  কন্যাৰ  সৈতে  ধৰ্মীয় ভাষণ   শুনিবলৈ গৈছিল। জীৱনৰ পৰা প্ৰলোভন আদি  এৰি দিয়াৰ ধাৰণাটো তেতিয়াই  আহিছিল। প্ৰীতি বেন এগৰাকী চৰকাৰী শিক্ষয়িত্ৰী। তেওঁৰ দৰমহা মাহে এক লাখ টকা। প্ৰথমে তেওঁৰ পৰিয়ালে ইয়াৰ বিৰোধিতা কৰিছিল। কিন্তু পিছলৈ গোটেই পৰিয়ালটোৱে মাতৃ আৰু কন্যাৰ ভক্তিৰ পথ অনুসৰণ কৰাৰ অভিপ্ৰায়ত সন্মত হয়। 

কিছুদিন পূৰ্বে  গুজৰাটৰ এজন ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ ২০০ কোটি টকাৰ সম্পত্তি দান কৰি সন্ন্যাস গ্ৰহণ  গ্ৰহণ কৰিছিল। ধনী ব্যৱসায়ীজনৰ নাম ভৱেশ ভাণ্ডাৰী। তেওঁ এজন জৈনধৰ্মী লোক । ভৱেশ আৰু তেওঁৰ পত্নীয়ে এক অনুষ্ঠানক তেওঁলোকৰ সম্পূৰ্ণ সম্পত্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ আগতে ২০২২ চনত দম্পতীহালৰ ১৯ বছৰীয়া কন্যা আৰু ১৬ বছৰীয়া পুত্ৰই জৈনধৰ্মীসকলৰ সান্নিয়া ছত্ৰলৈ গৈছিল।

 তেওঁলোকে তেওঁলোকৰ কন্যা আৰু পুত্ৰৰ কৰ্মত অনুপ্ৰাণিত হৈ সকলো সম্পত্তি দান কৰাৰ সিদ্ধান্ত লয়।ভবেশ গুজৰাটৰ হিম্মতনগৰৰ এজন ব্যৱসায়ী। তেওঁ নিৰ্মাণখণ্ডৰ ব্যৱসায়ৰ সৈতে জড়িত । তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২০০ কোটি। তেওঁ সেই সকলো সম্পত্তি দান কৰিব । তেওঁলোক দুয়োএতিয়া সন্ন্যাসীৰ দৰে জীৱন যাপন কৰিব। তেওঁলোকে সম্পত্তি দান কৰাৰ আনুষ্ঠানিকতা ২২ এপ্ৰিলত সম্পন্ন কৰাৰ কথা আছে।

সেই দিনাৰ পৰাই ভৱেশ আৰু তেওঁৰ পত্নীয়ে সকলো সাংসাৰিক সম্পৰ্ক ছিন্ন কৰিব। তেওঁলোকে বস্তুবাদী চিন্তাধাৰাও এৰিব পেলাব । দীক্ষা লোৱাৰ পিছত তেওঁলোকে সমগ্ৰ ভাৰতত খালি ভৰিৰে ভ্ৰমণ কৰিব আৰু কেৱল ভিক্ষা কৰি জীয়াই থাকিব । জৈন ধৰ্মত দীক্ষাৰ অৰ্থ হৈছে বিলাসিতা পৰিহাৰ কৰা।যোৱা বছৰ, গুজৰাটৰ এজন কোটিপতি হীৰা ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়ে একে ধৰণৰ পদক্ষেপ লৈছিল।

ইয়াৰ পূৰ্বে ২০১৭ চনত মধ্যপ্ৰদেশৰ ধনী ব্যৱসায়ী সুমিত ৰাঠৌৰ আৰু পত্নী অনামিকাই ১০০ কোটি টকাৰ সম্পত্তি দান কৰি সংবাদ শিৰোনাম দখল কৰিছিল। তেওঁলোকৰ তিনি বছৰীয়া ছোৱালীজনীক ককা-আইতাকৰ সৈতে এৰি তেওঁলোকে ভিক্ষাৰ পাত্ৰ লৈ ৰাস্তাত নামিছিল । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু