--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত কাম কৰা মহিলাৰ লগতে একাংশ চৰকাৰী মহিলা বিষয়াক যৌন নিৰ্যাতন চলাই ভিডিঅ’ প্ৰস্তুত কৰাৰ অভিযোগত অভিযুক্ত লোকসভাৰ সাংসদ প্ৰজ্জ্বৱাল ৰেভান্নাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। বাংগালুৰুৰ এখন বিশেষ আদালতে যৌন অসদাচাৰৰ  গোচৰত  জেডি(এছ) নেতা জনৰ  বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰে। 

আনহাতে, 'অশ্লীল' ভিডিঅ' পোহৰলৈ অহাৰ পিছৰে পৰা জেডি(এছ)ৰ নেতা প্ৰজ্বল ৰেভান্নাই  দেশৰ বাহিৰত আত্মগোপন কৰি আছে। ৰেভান্নাই জাৰ্মানীত আত্মগোপন কৰা বুলি বহুতে প্ৰকাশকৰিছে।  ৰেভান্নাৰ বিৰুদ্ধে কেইবাগৰাকীও  মহিলাক ধৰ্ষণ আৰু যৌন নিৰ্যাতন  চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। কৰ্ণাটকৰ সিদ্ধাৰামাইয়া চৰকাৰে প্ৰজ্জ্বলক  ভাৰতলৈ ঘূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যদিও এতিয়ালৈকে সফল হোৱা নাই। বিশেষ তদন্তকাৰী গোটৰ  ওচৰতো তেওঁৰ অৱস্থানৰ বিষয়ে কোনো তথ্য নাই। কৰ্ণাটক আৰক্ষীয়ে প্ৰজ্জ্বলৰ বিৰুদ্ধে উত্থাপিত  অভিযোগৰ তদন্তৰ বাবে  বিশেষ তদন্তকাৰী  দল (এছআইটি) গঠন কৰি দিছে।  তেওঁৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ জাননীও জাৰি কৰা হৈছে। 

প্ৰজ্জ্বলৰ পিতৃ   এইচ ডি ৰেভান্নাও গোচৰটোৰ এজন অভিযুক্ত। এইচ ডি ৰেভান্না প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ পুত্ৰ। দেৱগৌড়াৰ পুত্ৰ ৰেভান্নাৰ বিৰুদ্ধেও যুৱতীক  অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হোৱাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। সাত দিন কাৰাগাৰত থকাৰ পিছত তেওঁ বিশেষ আদালতৰ পৰা জামিন লাভ কৰিছে।  কৰ্ণাটকৰ শাসকীয় দলটো হৈছে কংগ্ৰেছ। আনহাতে, দেৱগৌড়াৰ জেডি(এছ) অন্যতম বিৰোধী দল। জেডি(এছ)  কেন্দ্ৰৰ শাসকীয় বিজেপিৰ অন্যতম সহযোগী দল। কেইদিনমান আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই দক্ষিণৰ ৰাজ্যখনলৈ আহি প্ৰজ্জ্বল ৰেভান্নাৰ  হৈ প্ৰচাৰ চলাইছিল। তাৰ পিছতে যৌন কেলেংকাৰীৰ ভিডিঅ'  পোহৰলৈ আহিছে।  প্ৰজ্জ্বল ৰেভান্না আৰু তেওঁৰ পিতৃ তথ  দেৱগৌড়াৰ ডাঙৰ পুত্ৰ জেডি(এছ)ৰ বিধায়ক এইচ ডি ৰেভান্নাৰ নামো গোচৰটোত সাঙোৰ খাইছে। ভুক্তভোগী মহিলাগৰাকীয়ে দাবী কৰিছে যে ২০১৯ ৰ পৰা ২০২২ চনৰ ভিতৰত তেওঁক  কেইবাবাৰো যৌন নিৰ্যাতন চলোৱা  হৈছিল। তেওঁ অভিযোগ কৰিছে  যে যেতিয়াই প্ৰজ্জ্বল ৰেভান্নাৰ  দেউতাক এইচ ডি ৰেভান্নাৰ পত্নী ঘৰত নাছিল, জেডি(এছ)ৰ সাংসদজনে ঘৰত কাম কৰা মহিলাসকলক  যৌন নিৰ্যাতন কৰিছিল।

 ৩৩ বছৰীয়া প্ৰজ্জ্বল এই নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে হাছান আসনৰ পৰা জেডি(এছ)ৰ প্ৰাৰ্থী হিচাবে থিয় দিছে। কৰ্ণাটকত জেডিএছ আৰু বিজেপিৰ মিত্ৰতা আছে। জেডি(এছ)য়ে ২০২৩ চনৰ ছেপ্টেম্বৰত এন ডি এত যোগদান কৰিছিল।

বিজেপি নেতাজনে দলৰ সভাপতিলৈ লিখা পত্ৰ লিখিছিল "প্ৰজ্জ্বল ৰেভান্নাকে ধৰি এইচডি দেৱগৌড়া পৰিয়ালৰ কেইবাজনো নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে, আৰু আমি জেডি(এছ)ৰ সৈতে মিত্ৰতাত আছো।  পেন ড্ৰাইভটোত মুঠ ২,৯৭৬ টা ভিডিঅ' আছিল আৰু ফুটেজত  কিছুমান মহিলা চৰকাৰী বিষয়া আৰু মহিলাক  যৌন শোষণ চলোৱা হৈছে। ভিডিঅ'টো তেওঁলোকক যৌন কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে ব্লেকমেইল কৰিবলৈ ব্যৱহাৰ কৰা হৈছে।’’



FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement