--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত কাম কৰা মহিলাৰ লগতে একাংশ চৰকাৰী মহিলা বিষয়াক যৌন নিৰ্যাতন চলাই ভিডিঅ’ প্ৰস্তুত কৰাৰ অভিযোগত অভিযুক্ত লোকসভাৰ সাংসদ প্ৰজ্জ্বৱাল ৰেভান্নাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। বাংগালুৰুৰ এখন বিশেষ আদালতে যৌন অসদাচাৰৰ  গোচৰত  জেডি(এছ) নেতা জনৰ  বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰে। 

আনহাতে, 'অশ্লীল' ভিডিঅ' পোহৰলৈ অহাৰ পিছৰে পৰা জেডি(এছ)ৰ নেতা প্ৰজ্বল ৰেভান্নাই  দেশৰ বাহিৰত আত্মগোপন কৰি আছে। ৰেভান্নাই জাৰ্মানীত আত্মগোপন কৰা বুলি বহুতে প্ৰকাশকৰিছে।  ৰেভান্নাৰ বিৰুদ্ধে কেইবাগৰাকীও  মহিলাক ধৰ্ষণ আৰু যৌন নিৰ্যাতন  চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। কৰ্ণাটকৰ সিদ্ধাৰামাইয়া চৰকাৰে প্ৰজ্জ্বলক  ভাৰতলৈ ঘূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যদিও এতিয়ালৈকে সফল হোৱা নাই। বিশেষ তদন্তকাৰী গোটৰ  ওচৰতো তেওঁৰ অৱস্থানৰ বিষয়ে কোনো তথ্য নাই। কৰ্ণাটক আৰক্ষীয়ে প্ৰজ্জ্বলৰ বিৰুদ্ধে উত্থাপিত  অভিযোগৰ তদন্তৰ বাবে  বিশেষ তদন্তকাৰী  দল (এছআইটি) গঠন কৰি দিছে।  তেওঁৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ জাননীও জাৰি কৰা হৈছে। 

প্ৰজ্জ্বলৰ পিতৃ   এইচ ডি ৰেভান্নাও গোচৰটোৰ এজন অভিযুক্ত। এইচ ডি ৰেভান্না প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ পুত্ৰ। দেৱগৌড়াৰ পুত্ৰ ৰেভান্নাৰ বিৰুদ্ধেও যুৱতীক  অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হোৱাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। সাত দিন কাৰাগাৰত থকাৰ পিছত তেওঁ বিশেষ আদালতৰ পৰা জামিন লাভ কৰিছে।  কৰ্ণাটকৰ শাসকীয় দলটো হৈছে কংগ্ৰেছ। আনহাতে, দেৱগৌড়াৰ জেডি(এছ) অন্যতম বিৰোধী দল। জেডি(এছ)  কেন্দ্ৰৰ শাসকীয় বিজেপিৰ অন্যতম সহযোগী দল। কেইদিনমান আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই দক্ষিণৰ ৰাজ্যখনলৈ আহি প্ৰজ্জ্বল ৰেভান্নাৰ  হৈ প্ৰচাৰ চলাইছিল। তাৰ পিছতে যৌন কেলেংকাৰীৰ ভিডিঅ'  পোহৰলৈ আহিছে।  প্ৰজ্জ্বল ৰেভান্না আৰু তেওঁৰ পিতৃ তথ  দেৱগৌড়াৰ ডাঙৰ পুত্ৰ জেডি(এছ)ৰ বিধায়ক এইচ ডি ৰেভান্নাৰ নামো গোচৰটোত সাঙোৰ খাইছে। ভুক্তভোগী মহিলাগৰাকীয়ে দাবী কৰিছে যে ২০১৯ ৰ পৰা ২০২২ চনৰ ভিতৰত তেওঁক  কেইবাবাৰো যৌন নিৰ্যাতন চলোৱা  হৈছিল। তেওঁ অভিযোগ কৰিছে  যে যেতিয়াই প্ৰজ্জ্বল ৰেভান্নাৰ  দেউতাক এইচ ডি ৰেভান্নাৰ পত্নী ঘৰত নাছিল, জেডি(এছ)ৰ সাংসদজনে ঘৰত কাম কৰা মহিলাসকলক  যৌন নিৰ্যাতন কৰিছিল।

 ৩৩ বছৰীয়া প্ৰজ্জ্বল এই নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে হাছান আসনৰ পৰা জেডি(এছ)ৰ প্ৰাৰ্থী হিচাবে থিয় দিছে। কৰ্ণাটকত জেডিএছ আৰু বিজেপিৰ মিত্ৰতা আছে। জেডি(এছ)য়ে ২০২৩ চনৰ ছেপ্টেম্বৰত এন ডি এত যোগদান কৰিছিল।

বিজেপি নেতাজনে দলৰ সভাপতিলৈ লিখা পত্ৰ লিখিছিল "প্ৰজ্জ্বল ৰেভান্নাকে ধৰি এইচডি দেৱগৌড়া পৰিয়ালৰ কেইবাজনো নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে, আৰু আমি জেডি(এছ)ৰ সৈতে মিত্ৰতাত আছো।  পেন ড্ৰাইভটোত মুঠ ২,৯৭৬ টা ভিডিঅ' আছিল আৰু ফুটেজত  কিছুমান মহিলা চৰকাৰী বিষয়া আৰু মহিলাক  যৌন শোষণ চলোৱা হৈছে। ভিডিঅ'টো তেওঁলোকক যৌন কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে ব্লেকমেইল কৰিবলৈ ব্যৱহাৰ কৰা হৈছে।’’



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু