--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাবৰ আজমে পদত্যাগ কৰাৰ পিছত তেওঁক পাকিস্তানৰ টেষ্ট দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। দলটোৰ সৈতে অষ্ট্ৰেলিয়ালৈও ৰাওনা হৈছে। যোৱাৰ আগতে অপ্ৰীতিকৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল শ্বান মাছুদে। কাৰণ ব’ৰ্ডৰ কেন্দ্ৰীয় চুক্তিত তেওঁ আছিল সৰ্বনিম্ন শ্ৰেণীত। ইয়াৰ বাবে পাক ব’ৰ্ডকো সমালোচনা কৰা হৈছিল। সেই চুক্তিখন ৰাতিটোৰ ভিতৰতে বৃদ্ধি কৰা হ’ল। তথাপিও পাক ব’ৰ্ডে বিতৰ্কৰ পৰা হাত সাৰিব নোৱাৰে।

ছেপ্টেম্বৰৰ শেষৰ ফালে পাকিস্তান ব’ৰ্ডে ২৫ গৰাকী ক্ৰিকেটাৰৰ সৈতে কেন্দ্ৰীয় চুক্তি স্বাক্ষৰ কৰে। সেই চুক্তিৰ চাৰিটা স্তৰ আছে। মাছুদক সৰ্বনিম্ন স্তৰত অৰ্থাৎ ‘ডি’ শ্ৰেণীত স্থান দিয়া হৈছিল। সৰ্বোচ্চ বিভাগত বাবাৰ, মহম্মদ ৰিজৱান, শ্বাহীন আফ্ৰিদিৰ দৰে ক্ৰিকেটাৰ আছে, যিয়ে সকলো ফৰ্মেটতে খেলে। বৃহস্পতিবাৰে বিয়লি মাছুদক ‘বি’ শাখালৈ লৈ অনা হয়।

পাক ব’ৰ্ডৰ মতে তেওঁলোকৰ নিয়ম অনুসৰি ‘ক’ বা ‘খ’ শাখাৰ বাহিৰৰ কোনো ক্ৰিকেটাৰক অধিনায়ক হিচাপে গঢ়ি তোলা হ’লে তেওঁলোকক ‘খ’ শিতানলৈ অনা হ’ব। কিন্তু এই ‘প্ৰমোচন’ অধিনায়কত্বৰ সময়তহে হয়। অৰ্থাৎ অধিনায়কৰ পদৰ পৰা আঁতৰাই দিলে মছুদ পুনৰ ‘ডি’ শিতানত নামিব পাৰে।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে মাছুদক সোধা হৈছিল যে আটাইতকৈ কম দৰমহা পোৱা ক্ৰিকেটাৰ হোৱাৰ পিছতো দেশৰ অধিনায়কত্বৰ বাবে কেনে অনুভৱ হৈছে। মাছুদৰ উত্তৰ আছিল, “মোৰ বাবে দেশ প্ৰথম। মই কোনটো শিতানত আছো সেই বিষয়ে বিশেষ একো নাভাবো। কেন্দ্ৰীয় চুক্তিত থকাটো মোৰ বাবে এক বৃহৎ সন্মান। দায়িত্ব উপভোগ কৰো। মই কি কেটেগৰীত আছো তাক লৈ মই চিন্তা নকৰো।"

প্ৰসংগক্ৰমে, এদশক পূৰ্বে টেষ্ট ক্ৰিকেটত মাছুদে অভিষেক ঘটালেও তেওঁ কেতিয়াও নিজৰ স্থান পাক্কা কৰিব নোৱাৰিলে। ধাৰাবাহিক প্ৰদৰ্শনৰ অভাৱত তেওঁক বাৰে বাৰে দলৰ পৰা বাদ দিয়া হৈছে। বহুদিন দলৰ বাহিৰত থাকিবলগীয়া হৈছিল। যোৱা বছৰ ইংলেণ্ডৰ ছিৰিজলৈ উভতি আহিছিল। অষ্ট্ৰেলিয়াৰ দৰে গুৰুত্বপূৰ্ণ চিৰিজত তেওঁক দায়িত্ব দিয়া হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক