--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০০ বছৰৰ পাছত পুথিভঁৰাললৈ ঘূৰি আহিল জমা দিবলৈ থকা এখন গ্ৰন্থ! আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ছেইণ্ট হেলেনা পাব্লিক লাইব্ৰেৰীত সংঘটিত হৈছে এই কাণ্ড। পুথিভঁৰাল কৰ্তৃপক্ষই কয় যে তেওঁলোকে প্ৰায় ১০০ বছৰ আগতে পুথিভঁৰালৰ পৰা পঢ়াৰ বাবে লৈ যোৱা এখন গ্ৰন্থ ঘূৰাই পাইছে।

বিখ্যাত এই গ্ৰন্থখনৰ নাম ‘এ হিষ্ট্ৰী অৱ দ্য ইউনাইটেড ষ্টেটছ’। লেখক বেনছন লছিং। ১৮৮১ চনৰ আশে-পাশে এই গ্ৰন্থখন প্ৰকাশ পোৱা বুলি জনা গৈছে। গ্ৰন্থখন দিয়াৰ পিছত পুথিভঁৰালৰ ৰেকৰ্ডত লিখা আছিল যে ১৯২৭ চনৰ ২১ ফেব্ৰুৱাৰীত কিতাপখন ঘূৰাই দিয়া হ’ব। পুথিভঁৰালৰ ৰেকৰ্ডৰ পৰা স্পষ্ট নহয় যে কিতাপখন সঠিকভাৱে কোনে ধাৰলৈ লৈছিল। এটা নাম পোৱা গৈছে যদিও সেই নামটোৰ বিষয়ে পুথিভঁৰালটো বৰ নিশ্চিত নহয়।

যিকোনো পুথিভঁৰালত সাধাৰণতে ১৫ দিনৰ পিছত কিতাপ ঘূৰাই দিয়াটো নিয়ম। যদি নিদিয়ে, তেন্তে লেট ফাইন লগোৱা হয়। কিন্তু ছেইণ্ট হেলেনা পাব্লিক লাইব্ৰেৰীৰ পৰিচালকে কয় যে তেওঁলোকে দেৰিকৈ কিতাপ ঘূৰি অহাৰ বাবে জৰিমনা নলয়। পুথিভঁৰাল কৰ্তৃপক্ষই যদি কিতাপখনৰ বাবে জৰিমনা লগাব লগা হয়, তেন্তে সদস্যজনে জৰিমনাৰ বিনিময়ত ১৪১৩ ডলাৰ দিব লাগিব। ভাৰতীয় মুদ্ৰাত যিটো প্ৰায় ১ লাখ ১৭ হাজাৰ টকা!

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ