--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০০ বছৰৰ পাছত পুথিভঁৰাললৈ ঘূৰি আহিল জমা দিবলৈ থকা এখন গ্ৰন্থ! আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ছেইণ্ট হেলেনা পাব্লিক লাইব্ৰেৰীত সংঘটিত হৈছে এই কাণ্ড। পুথিভঁৰাল কৰ্তৃপক্ষই কয় যে তেওঁলোকে প্ৰায় ১০০ বছৰ আগতে পুথিভঁৰালৰ পৰা পঢ়াৰ বাবে লৈ যোৱা এখন গ্ৰন্থ ঘূৰাই পাইছে।

বিখ্যাত এই গ্ৰন্থখনৰ নাম ‘এ হিষ্ট্ৰী অৱ দ্য ইউনাইটেড ষ্টেটছ’। লেখক বেনছন লছিং। ১৮৮১ চনৰ আশে-পাশে এই গ্ৰন্থখন প্ৰকাশ পোৱা বুলি জনা গৈছে। গ্ৰন্থখন দিয়াৰ পিছত পুথিভঁৰালৰ ৰেকৰ্ডত লিখা আছিল যে ১৯২৭ চনৰ ২১ ফেব্ৰুৱাৰীত কিতাপখন ঘূৰাই দিয়া হ’ব। পুথিভঁৰালৰ ৰেকৰ্ডৰ পৰা স্পষ্ট নহয় যে কিতাপখন সঠিকভাৱে কোনে ধাৰলৈ লৈছিল। এটা নাম পোৱা গৈছে যদিও সেই নামটোৰ বিষয়ে পুথিভঁৰালটো বৰ নিশ্চিত নহয়।

যিকোনো পুথিভঁৰালত সাধাৰণতে ১৫ দিনৰ পিছত কিতাপ ঘূৰাই দিয়াটো নিয়ম। যদি নিদিয়ে, তেন্তে লেট ফাইন লগোৱা হয়। কিন্তু ছেইণ্ট হেলেনা পাব্লিক লাইব্ৰেৰীৰ পৰিচালকে কয় যে তেওঁলোকে দেৰিকৈ কিতাপ ঘূৰি অহাৰ বাবে জৰিমনা নলয়। পুথিভঁৰাল কৰ্তৃপক্ষই যদি কিতাপখনৰ বাবে জৰিমনা লগাব লগা হয়, তেন্তে সদস্যজনে জৰিমনাৰ বিনিময়ত ১৪১৩ ডলাৰ দিব লাগিব। ভাৰতীয় মুদ্ৰাত যিটো প্ৰায় ১ লাখ ১৭ হাজাৰ টকা!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস