--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অস্বাভাৱিক দাম্পত্য জীৱনেৰে চৰ্চালৈ আহিছে এগৰাকী ব্ৰাজিলিয়ান পুৰুষ মডেল। নাম তেওঁৰ আৰ্থাৰ অ’ উৰ্চু। একেলগে ৯ গৰাকী যুৱতীক বিয়া কৰাই ২০২১ চনত প্ৰথমবাৰৰ বাবে বাতৰিৰ শিৰোনামালৈ আহিছিল আৰ্থাৰ।

 

ব্ৰাজিলৰ এটা গীৰ্জাত গৈ ৯ গৰাকী যুৱতীৰ স’তে বিবাহবান্ধোনত আৱদ্ধ হৈছিল ৩৬ বছৰীয়া আৰ্থাৰ। ধুমধামকৈ এই আজৱ বিয়াখন পতা হৈছিল।

 

কিন্তু দাম্পত্য জীৱন সুখৰ নহ’ল আৰ্থাৰৰ। এইবাবেই এতিয়া পুনৰ বাতৰিৰ শিৰোনামালৈ আহিছে মডেলগৰাকী।

 

৯ গৰাকী পত্নীক লৈ সংসাৰ কৰা নহ’ল আৰ্থাৰৰ। বিয়াৰ এক মাহ পাছতে এগৰাকী পত্নীয়ে তেওঁক এৰি যায়। ফলত ৮ গৰাকী পত্নীক লৈয়েই সন্তুষ্ট হ’বলগা হয় তেওঁ।

 

৮ গৰাকী পত্নীৰ বাবে ব্ৰাজিলৰ জোঁ পেচোৱা নামৰ চহৰখনত এটা প্ৰসাদো সাজিছিল আৰ্থাৰে। কেইমাহমান পত্নীকেইগৰাকীক লৈ কামদেৱৰ দৰে দিন কটাইছিল তেওঁ।

 

কিন্তু পুনৰ তেওঁৰ সংসাৰলৈ নামি আহিল অশান্তি। জানিব পৰামতে, এতিয়া ৮ গৰাকী পত্নীৰ পৰা ৪ গৰাকীয়ে বিবাহবিচ্ছেদ কৰিছে। ফলত বাকী ৰৈছেগৈ মাত্ৰ ৪ গৰাকী পত্নী। উভয়পক্ষৰ সন্মতিতেই এই বিবাহবিচ্ছেদ সম্পন্ন হৈছে।

 

আৰ্থাৰে শেহতীয়াকৈ জনাইছে যে আইনীভাৱে এতিয়া তেওঁৰ ৪ গৰাকী পত্নী আছে। পত্নীৰ সংখ্যা বঢ়াবলৈ তেওঁ এতিয়াও নতুন যুৱতী বিচাৰি আছে।

 

এই আজৱ দাম্পত্য জীৱনৰ বিষয়েও মুখ খুলিছে মডেলগৰাকীয়ে। তেওঁ জনাইছে যে একাধিক পত্নীৰ স’তে জীৱন কটোৱাটো তেওঁৰ বাবে অত্যন্ত মধুৰ অভিজ্ঞতা।

 

আৰ্থাৰে জনাইছে, এখন ৰুটিন প্ৰস্তুত কৰি লৈছে তেওঁ। কেতিয়া কোনদিনা কাৰ স’তে সময় কটাব, কাৰ স’তে কোন সময়ত যৌন সম্ভোগ কৰিব- সেইসমূহ ৰুটিনত লিখা আছে।

 

আনহাতে, এই দাম্পত্য জীৱনক লৈ সমাজৰ ইতিকিং, উপহাসৰো অন্ত নাই। কিন্তু এই লৈ কোনো মাথা-ব্যথা নাই আৰ্থাৰৰ। তেওঁৰ মতে- “মুক্ত ভালপোৱাৰ সম্পৰ্ক এনেকুৱাই হোৱা উচিত। প্ৰত্যেক মানুহক সন্মান কৰা প্ৰয়োজন। সেইটোৱেই আটাইতকৈ বেছি দৰকাৰী।”

 

“আমি সকলোৱে ব্যক্তি স্বাধিনতাক সন্মান কৰো। ইজনে সিজনৰ চাহিদা বুজো।”- আৰ্থাৰে কয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক