--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অস্বাভাৱিক দাম্পত্য জীৱনেৰে চৰ্চালৈ আহিছে এগৰাকী ব্ৰাজিলিয়ান পুৰুষ মডেল। নাম তেওঁৰ আৰ্থাৰ অ’ উৰ্চু। একেলগে ৯ গৰাকী যুৱতীক বিয়া কৰাই ২০২১ চনত প্ৰথমবাৰৰ বাবে বাতৰিৰ শিৰোনামালৈ আহিছিল আৰ্থাৰ।

 

ব্ৰাজিলৰ এটা গীৰ্জাত গৈ ৯ গৰাকী যুৱতীৰ স’তে বিবাহবান্ধোনত আৱদ্ধ হৈছিল ৩৬ বছৰীয়া আৰ্থাৰ। ধুমধামকৈ এই আজৱ বিয়াখন পতা হৈছিল।

 

কিন্তু দাম্পত্য জীৱন সুখৰ নহ’ল আৰ্থাৰৰ। এইবাবেই এতিয়া পুনৰ বাতৰিৰ শিৰোনামালৈ আহিছে মডেলগৰাকী।

 

৯ গৰাকী পত্নীক লৈ সংসাৰ কৰা নহ’ল আৰ্থাৰৰ। বিয়াৰ এক মাহ পাছতে এগৰাকী পত্নীয়ে তেওঁক এৰি যায়। ফলত ৮ গৰাকী পত্নীক লৈয়েই সন্তুষ্ট হ’বলগা হয় তেওঁ।

 

৮ গৰাকী পত্নীৰ বাবে ব্ৰাজিলৰ জোঁ পেচোৱা নামৰ চহৰখনত এটা প্ৰসাদো সাজিছিল আৰ্থাৰে। কেইমাহমান পত্নীকেইগৰাকীক লৈ কামদেৱৰ দৰে দিন কটাইছিল তেওঁ।

 

কিন্তু পুনৰ তেওঁৰ সংসাৰলৈ নামি আহিল অশান্তি। জানিব পৰামতে, এতিয়া ৮ গৰাকী পত্নীৰ পৰা ৪ গৰাকীয়ে বিবাহবিচ্ছেদ কৰিছে। ফলত বাকী ৰৈছেগৈ মাত্ৰ ৪ গৰাকী পত্নী। উভয়পক্ষৰ সন্মতিতেই এই বিবাহবিচ্ছেদ সম্পন্ন হৈছে।

 

আৰ্থাৰে শেহতীয়াকৈ জনাইছে যে আইনীভাৱে এতিয়া তেওঁৰ ৪ গৰাকী পত্নী আছে। পত্নীৰ সংখ্যা বঢ়াবলৈ তেওঁ এতিয়াও নতুন যুৱতী বিচাৰি আছে।

 

এই আজৱ দাম্পত্য জীৱনৰ বিষয়েও মুখ খুলিছে মডেলগৰাকীয়ে। তেওঁ জনাইছে যে একাধিক পত্নীৰ স’তে জীৱন কটোৱাটো তেওঁৰ বাবে অত্যন্ত মধুৰ অভিজ্ঞতা।

 

আৰ্থাৰে জনাইছে, এখন ৰুটিন প্ৰস্তুত কৰি লৈছে তেওঁ। কেতিয়া কোনদিনা কাৰ স’তে সময় কটাব, কাৰ স’তে কোন সময়ত যৌন সম্ভোগ কৰিব- সেইসমূহ ৰুটিনত লিখা আছে।

 

আনহাতে, এই দাম্পত্য জীৱনক লৈ সমাজৰ ইতিকিং, উপহাসৰো অন্ত নাই। কিন্তু এই লৈ কোনো মাথা-ব্যথা নাই আৰ্থাৰৰ। তেওঁৰ মতে- “মুক্ত ভালপোৱাৰ সম্পৰ্ক এনেকুৱাই হোৱা উচিত। প্ৰত্যেক মানুহক সন্মান কৰা প্ৰয়োজন। সেইটোৱেই আটাইতকৈ বেছি দৰকাৰী।”

 

“আমি সকলোৱে ব্যক্তি স্বাধিনতাক সন্মান কৰো। ইজনে সিজনৰ চাহিদা বুজো।”- আৰ্থাৰে কয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু