--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জীৱনক কেতিয়াবা এনেকৈয়ো কাঢ়ি লয় দেওলগা সময়ে।‌ এখন‌ বলেৰ’ বাহনেৰে ১০গৰাকী ভক্ত গৈ আছিল প্ৰয়াগৰাজলৈ। ত্ৰিবেণী সংগমস্থলীত পবিত্ৰ স্থান কৰাৰ দুৰ্বাৰ হেঁপাহ আছিল তেওঁলোকৰ। পিছে ৰাজপথতে মৃত্যুৰ চিঞৰ। নিমিষতে থানবান ১০গৰাকী ভক্তৰ জীৱনৰথ। ইশ্বৰসেৱা কৰিবলৈ গৈ নীৰৱে হেৰাই গ'ল ভক্ত। 

প্ৰয়াগৰাজত সংঘটিত হয় এক বৃহৎ পথ দুৰ্ঘটনা। শুকুৰবাৰে নিশা প্ৰায় ২ বজাত মেজাৰ আমিলিয়া গাঁৱৰ সমীপৰ প্ৰয়াগৰাজ-মিৰ্জাপুৰ ঘাইপথত এখন বলেৰ’ আৰু এখন বাছৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয়৷ 

দুৰ্ঘটনাত ১০ গৰাকী লোকৰ থিতাতে মৃত্যু হয়। একে সময়তে ১৯ গৰাকী লোক গুৰুতৰভাৱে আহত হয়। আটাইকেইগৰাকীয়ে আছিল ছত্তীশগড়ৰ কোৰবা জিলাৰ বাসিন্দা। বলেৰ’ত যাত্ৰা কৰা দহোগৰাকী ভক্তৰ আটাইগৰাকীয়েই পবিত্ৰ স্নানৰ বাবে গৈছিল মহা কুম্ভলৈ। ইফালে সংগমত স্নান কৰিয়েই বাৰাণসীলৈ গৈছিল বাছখন। বাছখনত যাত্ৰা কৰা ১৯গৰাকী ভক্তও আহত হয় দুৰ্ঘটনাটোত৷ 

আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মৃত্যু হোৱা সকলো পুৰুষ। আটাইকেইজনৰ বয়স ২৫ৰ পৰা ৪৫ বছৰৰ ভিতৰত বুলি কোৱা জানিব পৰা গৈছে৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এই দুৰ্ঘটনাৰ পাছত বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিছে। মৃতকৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী যোগীয়ে। ততাতৈয়াকৈ আহতসকলক চিকিৎসালয়লৈ লৈ গৈ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা