--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক’ভিডৰ দ্ৰুত সংক্ৰমণে চীনত নতুন সংকটৰ সৃষ্টি কৰিছে। ক’ভিডৰ নতুন লহৰৰ সৈতে মোকাবিলা কৰাৰ বাবে চীনে কঠোৰ লকডাউন বলৱৎ কৰিছে দেশখনত। বিশেষকৈ ছাংহাই মহানগৰত জাৰি কৰা হৈছে কঠোৰ লকডাউন। সাধাৰণ জনতাৰ সকলো অধিকাৰ খৰ্ব কৰি দেশখনে লকডাউন জাৰি কৰা বুলি এতিয়া অভিযোগ উঠিছে। এতিয়া দেশখনত জাৰি হৈ থকা কঠোৰ লকডাউনৰ বিভিন্ন তথ্য ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে দেশখনৰ জনগণে। 

ক’ভিড প্ৰতিৰোধৰ বাবে কঠোৰ লকডাউন বলৱৎ হৈ থকা ছাংহাইৰ স্থানীয় লোকসকলে অতি কঠিন জীৱন যাপন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ছাংহাই হৈছে চীনত ক’ভিড সংক্ৰমণৰ বৰ্তমানৰ হটস্পটত পৰিণত হৈছে। যদিও যোৱা কেইদিনমানত দৈনিক সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে, আন দেশৰ তুলনাত ই এতিয়াও যথেষ্ট বেছি। এই মহানগৰৰ ২৬ নিযুত বাসিন্দাক এতিয়া ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

এতিয়া, ছাংহাইৰ বাসিন্দাসকলে টুইটাৰত পোষ্ট কৰা ভিডিঅ'বোৰত ড্ৰোনৰ দ্বাৰা প্ৰশাসনে কৰা বিভিন্ন ঘোষণা শ্বেয়াৰ কৰা দেখা গৈছে। আৱাসীসকলে তেওঁলোকৰ বেলকনিত বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱক লৈ প্ৰতিবাদ কৰাৰ পাছত আকাশত ড্ৰোনবোৰ উৰা দেখিবলৈ পোৱা যায় আৰু তাৰ জৰিয়তে কঠোৰ নিৰ্দেশ দিয়া হয়।

এই নিৰ্দেশনাৰ ভিডিঅ' ভালেসংখ্যক চীনা সাংবাদিকে টুইটাৰত শ্বেয়াৰ কৰা দেখা গৈছিল। স্থানীয় লোকসকলে প্ৰদান কৰা তথ্য অনুসৰি, ড্ৰোনবোৰৰ জৰিয়তে স্থানীয় বাসিন্দাক ক’ভিড-১৯ৰ সকলো বাধা-নিষেধ পালন কৰিবলৈ আৰু ‘স্বাধীনতাৰ আকাংক্ষা নিয়ন্ত্ৰণ কৰিবলৈ’ সকীয়াই দিছিল। তেওঁলোকক খিৰিকী নুখুলিবলৈ বা গান নগাবলৈও নিৰ্দেশ দিয়া হৈছিল। এনে ধৰণৰ আন এটা ভিডিঅ'ত স্বাস্থ্যসেৱা কৰ্মীসকলে ছাংহাইৰ ৰাস্তাত ৰাজহুৱা ঘোষণা কৰিবলৈ মেগাফোন ব্যৱহাৰ কৰা দেখা গৈছিল। যাৰ জৰিয়তে তেওঁলোকে নিৰ্দেশ দিয়ে যে, ‘আজি ৰাতিৰ পৰা, দম্পতীসকলে পৃথকে শুব লাগিব, চুম্বন কৰিব নোৱাৰিব, আলিংগননৰ অনুমতি দিয়া হোৱা নাই, আৰু খোৱাৰ সময়তো সকলোৱে পৃথকে পৃথকে খাদ্য গ্ৰহণ কৰিব লাগিব।’

এনে ধৰণৰ কঠোৰ নীতি-নিৰ্দেশনাই এতিয়া দেশখনৰ একাধিক প্ৰদেশৰ জনগণৰ স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত কৰি তুলিছে। উল্লেখ্য যে, চীনত ক’ভিডৰ নতুন সংক্ৰমণে কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিছে। এদিনতে চাৰি সহস্ৰাধিক লোক আক্ৰান্ত হোৱাৰ পাছত এতিয়া কঠোৰ হ’বলৈ বাধ্য হৈ পৰিছে বেইজিং প্ৰশাসন। শেহতীয়াকৈ সংক্ৰমণ কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও অন্য দেশৰ তুলনাত পৰিস্থিতি জটিল হৈয়েই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ