--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক’ভিডৰ দ্ৰুত সংক্ৰমণে চীনত নতুন সংকটৰ সৃষ্টি কৰিছে। ক’ভিডৰ নতুন লহৰৰ সৈতে মোকাবিলা কৰাৰ বাবে চীনে কঠোৰ লকডাউন বলৱৎ কৰিছে দেশখনত। বিশেষকৈ ছাংহাই মহানগৰত জাৰি কৰা হৈছে কঠোৰ লকডাউন। সাধাৰণ জনতাৰ সকলো অধিকাৰ খৰ্ব কৰি দেশখনে লকডাউন জাৰি কৰা বুলি এতিয়া অভিযোগ উঠিছে। এতিয়া দেশখনত জাৰি হৈ থকা কঠোৰ লকডাউনৰ বিভিন্ন তথ্য ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে দেশখনৰ জনগণে। 

ক’ভিড প্ৰতিৰোধৰ বাবে কঠোৰ লকডাউন বলৱৎ হৈ থকা ছাংহাইৰ স্থানীয় লোকসকলে অতি কঠিন জীৱন যাপন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ছাংহাই হৈছে চীনত ক’ভিড সংক্ৰমণৰ বৰ্তমানৰ হটস্পটত পৰিণত হৈছে। যদিও যোৱা কেইদিনমানত দৈনিক সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে, আন দেশৰ তুলনাত ই এতিয়াও যথেষ্ট বেছি। এই মহানগৰৰ ২৬ নিযুত বাসিন্দাক এতিয়া ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

এতিয়া, ছাংহাইৰ বাসিন্দাসকলে টুইটাৰত পোষ্ট কৰা ভিডিঅ'বোৰত ড্ৰোনৰ দ্বাৰা প্ৰশাসনে কৰা বিভিন্ন ঘোষণা শ্বেয়াৰ কৰা দেখা গৈছে। আৱাসীসকলে তেওঁলোকৰ বেলকনিত বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱক লৈ প্ৰতিবাদ কৰাৰ পাছত আকাশত ড্ৰোনবোৰ উৰা দেখিবলৈ পোৱা যায় আৰু তাৰ জৰিয়তে কঠোৰ নিৰ্দেশ দিয়া হয়।

এই নিৰ্দেশনাৰ ভিডিঅ' ভালেসংখ্যক চীনা সাংবাদিকে টুইটাৰত শ্বেয়াৰ কৰা দেখা গৈছিল। স্থানীয় লোকসকলে প্ৰদান কৰা তথ্য অনুসৰি, ড্ৰোনবোৰৰ জৰিয়তে স্থানীয় বাসিন্দাক ক’ভিড-১৯ৰ সকলো বাধা-নিষেধ পালন কৰিবলৈ আৰু ‘স্বাধীনতাৰ আকাংক্ষা নিয়ন্ত্ৰণ কৰিবলৈ’ সকীয়াই দিছিল। তেওঁলোকক খিৰিকী নুখুলিবলৈ বা গান নগাবলৈও নিৰ্দেশ দিয়া হৈছিল। এনে ধৰণৰ আন এটা ভিডিঅ'ত স্বাস্থ্যসেৱা কৰ্মীসকলে ছাংহাইৰ ৰাস্তাত ৰাজহুৱা ঘোষণা কৰিবলৈ মেগাফোন ব্যৱহাৰ কৰা দেখা গৈছিল। যাৰ জৰিয়তে তেওঁলোকে নিৰ্দেশ দিয়ে যে, ‘আজি ৰাতিৰ পৰা, দম্পতীসকলে পৃথকে শুব লাগিব, চুম্বন কৰিব নোৱাৰিব, আলিংগননৰ অনুমতি দিয়া হোৱা নাই, আৰু খোৱাৰ সময়তো সকলোৱে পৃথকে পৃথকে খাদ্য গ্ৰহণ কৰিব লাগিব।’

এনে ধৰণৰ কঠোৰ নীতি-নিৰ্দেশনাই এতিয়া দেশখনৰ একাধিক প্ৰদেশৰ জনগণৰ স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত কৰি তুলিছে। উল্লেখ্য যে, চীনত ক’ভিডৰ নতুন সংক্ৰমণে কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিছে। এদিনতে চাৰি সহস্ৰাধিক লোক আক্ৰান্ত হোৱাৰ পাছত এতিয়া কঠোৰ হ’বলৈ বাধ্য হৈ পৰিছে বেইজিং প্ৰশাসন। শেহতীয়াকৈ সংক্ৰমণ কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও অন্য দেশৰ তুলনাত পৰিস্থিতি জটিল হৈয়েই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন