--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আন্দামান নিকোবৰত অসমীয়াৰ গাঁও৷ বিহুলৈ মাজত মাথোন কেইটামানদিন বাকী৷ এনে সময়তে দ্বীপপুঞ্জখনত গুঞ্জৰিত হৈছে ঢোলৰ শব্দ৷ বিহু আখৰা, বিহুনামে দ্বীপপুঞ্জখন কৰি তুলিছে এখনি সৰু অসম৷ কলীয়াপানী বা কালাপানী ৰূপেখ্যাত ভাৰতৰ মূল ভূ-খণ্ডৰ পৰা ১৪০০ কিলোমিটাৰ দূৰৈত বংগোপ সাগৰৰ মাজত অৱস্থিত আন্দামান নিকোবৰ দ্বীপপুঞ্জ৷ এই দ্বীপপুঞ্জত থকা প্ৰবাসী অসমীয়াসকলে বিগত ২০ মাৰ্চত দ্বীপপুঞ্জটোৰ ৰাজধানী পৰ্টব্লেয়াৰ চহৰত প্ৰায় অৰ্ধশতাধিক অসমীয়া ৰাইজ মিলি এখন সাধাৰণ সভা পাতি 'অসম এছ’চিয়েছন, আন্দামান নিকোবৰ দ্বীপপুঞ্জ' গঠন কৰে।

উল্লেখযোগ্য যে, আন্দামান নিকোবৰ দ্বীপপুঞ্জত নৌসেনা, বায়ুসেনা, স্থলসেনা, CISF, Coast Guard, LICI, বেংক আদি বিভিন্ন বিত্তীয় অনুষ্ঠান, মহাবিদ্যালয়, স্বাস্থ্য বিভাগ, বন বিভাগ, পৰ্যটন ব্যৱসায় আৰু বিভিন্ন ব্যক্তিগত খণ্ডত একাধিক অসমীয়া কৰ্মৰত হৈ আছে। এইসকল অসমীয়া লগ হৈ বিহু উদযাপন কৰে যদিও এটা স্থায়ী সংগঠন নাছিল। সেই অভাৱ দূৰ কৰিবলৈয়ে ২০ মাৰ্চত আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ প্ৰবাসী অসমীয়াসকলে 'অসম এছ’চিয়েছন, আন্দামান নিকোবৰ দ্বীপপুঞ্জ' গঠন কৰে।

সংগঠনটোৰ প্ৰথম কাৰ্যকৰী কমিটীত আন্দামানত কৰ্মৰত পশু চিকিৎসক ডাঃ পৰাগ দেউৰীক সংগঠনটোৰ প্ৰথম সভাপতি পতা হয়। আন্দামানৰ জৱাহৰলাল নেহৰু ৰাজকীয় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ড০ দ্বীপন শৰ্মাক উপ-সভাপতি, পৰ্যটন ব্যৱসায়ত কৰ্মৰত কেশৱ কাৰক প্ৰধান সম্পাদক, ওপৰত উল্লেখ কৰা মহাবিদ্যালয়খনৰ পৰ্যটন বিভাগৰ অধ্যাপক ড০ সীমান্ত কুমাৰ ডেকাক সহসম্পাদক, ৰাকেশ তহবিলদাৰক কোষাধ্যক্ষ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ মুখ্য বন সংৰক্ষক বিষয়া দিগন্ত গগৈ, IFS, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ LICI শাখা প্ৰৱন্ধক ভৃগু কুমাৰ বড়া, ববিতা গগৈ আৰু লক্ষ্যজ্যোতি নাথক উপদেষ্টা হিচাপে নিয়োগ কৰা হয়। লগতে সংগঠনটো ভালদৰে পৰিচালনা কৰিবলৈ ১৩জন কাৰ্যকৰী সদস্যক নিয়োগ কৰা হয়।

নতুনকৈ গঠন হোৱা সংগঠনটোৰ কাৰ্যকৰী কমিটীয়ে প্ৰথম অনুষ্ঠান হিচাপে এইবাৰৰ ৰঙালী বিহু উদযাপন কৰিবলৈ ইতিমধ্যে যো-জা কৰিছে। আন্দামান নিকোবৰ দ্বীপপুঞ্জ বৰ্তমান ভাৰতৰ এক অন্যতম আকৰ্ষণীয় পৰ্যটনৰ ঠাই। বছৰি ভাৰতৰ লগতে অসমৰ পৰা শ শ পৰ্যটক আন্দামানলৈ ফুৰিব যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন