--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আন্দামান নিকোবৰত অসমীয়াৰ গাঁও৷ বিহুলৈ মাজত মাথোন কেইটামানদিন বাকী৷ এনে সময়তে দ্বীপপুঞ্জখনত গুঞ্জৰিত হৈছে ঢোলৰ শব্দ৷ বিহু আখৰা, বিহুনামে দ্বীপপুঞ্জখন কৰি তুলিছে এখনি সৰু অসম৷ কলীয়াপানী বা কালাপানী ৰূপেখ্যাত ভাৰতৰ মূল ভূ-খণ্ডৰ পৰা ১৪০০ কিলোমিটাৰ দূৰৈত বংগোপ সাগৰৰ মাজত অৱস্থিত আন্দামান নিকোবৰ দ্বীপপুঞ্জ৷ এই দ্বীপপুঞ্জত থকা প্ৰবাসী অসমীয়াসকলে বিগত ২০ মাৰ্চত দ্বীপপুঞ্জটোৰ ৰাজধানী পৰ্টব্লেয়াৰ চহৰত প্ৰায় অৰ্ধশতাধিক অসমীয়া ৰাইজ মিলি এখন সাধাৰণ সভা পাতি 'অসম এছ’চিয়েছন, আন্দামান নিকোবৰ দ্বীপপুঞ্জ' গঠন কৰে।

উল্লেখযোগ্য যে, আন্দামান নিকোবৰ দ্বীপপুঞ্জত নৌসেনা, বায়ুসেনা, স্থলসেনা, CISF, Coast Guard, LICI, বেংক আদি বিভিন্ন বিত্তীয় অনুষ্ঠান, মহাবিদ্যালয়, স্বাস্থ্য বিভাগ, বন বিভাগ, পৰ্যটন ব্যৱসায় আৰু বিভিন্ন ব্যক্তিগত খণ্ডত একাধিক অসমীয়া কৰ্মৰত হৈ আছে। এইসকল অসমীয়া লগ হৈ বিহু উদযাপন কৰে যদিও এটা স্থায়ী সংগঠন নাছিল। সেই অভাৱ দূৰ কৰিবলৈয়ে ২০ মাৰ্চত আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ প্ৰবাসী অসমীয়াসকলে 'অসম এছ’চিয়েছন, আন্দামান নিকোবৰ দ্বীপপুঞ্জ' গঠন কৰে।

সংগঠনটোৰ প্ৰথম কাৰ্যকৰী কমিটীত আন্দামানত কৰ্মৰত পশু চিকিৎসক ডাঃ পৰাগ দেউৰীক সংগঠনটোৰ প্ৰথম সভাপতি পতা হয়। আন্দামানৰ জৱাহৰলাল নেহৰু ৰাজকীয় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ড০ দ্বীপন শৰ্মাক উপ-সভাপতি, পৰ্যটন ব্যৱসায়ত কৰ্মৰত কেশৱ কাৰক প্ৰধান সম্পাদক, ওপৰত উল্লেখ কৰা মহাবিদ্যালয়খনৰ পৰ্যটন বিভাগৰ অধ্যাপক ড০ সীমান্ত কুমাৰ ডেকাক সহসম্পাদক, ৰাকেশ তহবিলদাৰক কোষাধ্যক্ষ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ মুখ্য বন সংৰক্ষক বিষয়া দিগন্ত গগৈ, IFS, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ LICI শাখা প্ৰৱন্ধক ভৃগু কুমাৰ বড়া, ববিতা গগৈ আৰু লক্ষ্যজ্যোতি নাথক উপদেষ্টা হিচাপে নিয়োগ কৰা হয়। লগতে সংগঠনটো ভালদৰে পৰিচালনা কৰিবলৈ ১৩জন কাৰ্যকৰী সদস্যক নিয়োগ কৰা হয়।

নতুনকৈ গঠন হোৱা সংগঠনটোৰ কাৰ্যকৰী কমিটীয়ে প্ৰথম অনুষ্ঠান হিচাপে এইবাৰৰ ৰঙালী বিহু উদযাপন কৰিবলৈ ইতিমধ্যে যো-জা কৰিছে। আন্দামান নিকোবৰ দ্বীপপুঞ্জ বৰ্তমান ভাৰতৰ এক অন্যতম আকৰ্ষণীয় পৰ্যটনৰ ঠাই। বছৰি ভাৰতৰ লগতে অসমৰ পৰা শ শ পৰ্যটক আন্দামানলৈ ফুৰিব যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ