--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষত ভাৰতৰ পৰা অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰা গুজৰাটী ছবি ‘Last Film Show’ৰ শিশু অভিনেতা ৰাহুল কলিৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। অভিনেতা ভবীন ৰাবাৰীয়ে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে বন্ধুৰ চৰিত্ৰত দেখা গৈছিল ৰাহুল কলিক। শ্ব’টোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৰাহুল তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। দুখৰ বিষয় যে ২ দিনৰ পাছত মুক্তি পাব ৰাহুলৰ ছবিখনে। নিজৰ ছবিখন উপভোগ কৰাৰ পূৰ্বেই সকলোকে কন্দুৱাই গুচি গ’ল ৰাহল কলি। চিনেমাখনৰ নামটোৰ দৰেই সঁচাকৈয়ে ৰাহুলৰ জীৱনৰ বাবে এই চিনেমাখন আছিল-‘Last Film Show’

ৰাহুল কোলিৰ পিতৃয়ে কয় যে, ‘ৰাহুলে পুৱা ভালদৰেই ব্ৰেকফাষ্ট কৰিছিল আৰু তাৰপাছতে তেওঁৰ জ্বৰ উঠিছিল আৰু তেওঁ তিনিবাৰকৈ তেজ বমি কৰিছিল। তাৰপাছতেই মই মোৰ সন্তানক হেৰুৱালো। আমাৰ পৰিয়ালটো ভাঙি গ’ল। চিনেমাখনক লৈ ৰাহুল বৰ আশাবাদী আছিল। ইমান দুখৰ মাজতো  তেওঁৰ আনুষ্ঠানিক শেষ ৰীতি-নীতিৰ পিছত ১৪ অক্টোবৰত ছবিগৃহত মুক্তি পাবলগীয়া ৰাহুলৰ ‘লাষ্ট ফিল্ম শ্ব’ আমি নিশ্চয় চাম।

ৰাহুলৰ বয়স আছিল মাত্ৰ ১৫ বছৰ। প্ৰতিটো চলচ্চিত্ৰ মহোৎসৱতে পান নলিনৰ পৰিচালনা আৰু ৰাহুল কলিৰ অভিনয় প্ৰশংসিত হৈছে। ৰাহুল আৰু ভৱিনৰ উপৰিও ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৰিচা মীনা, ভৱেশ শ্ৰীমালী, পৰেশ মেহতা আৰু টিয়া ছাবেচচিয়ানে।

লাষ্ট ফিল্ম শ্ব’ ছবিখনৰ কাহিনীটোত সমায় নামৰ এজন শিশুৱে চিনেমাৰ প্ৰেমত পৰে। চিনেমা হলৰ প্ৰযুক্তিৰ পৰিৱৰ্তনৰ ফলত বহু লোকৰ জীৱিকা হেৰুৱাৰ পৰা আৰম্ভ কৰি একক পৰ্দাৰ থিয়েটাৰ আৰু নেতিবাচক ভূমিকা থকা ছবিৰ পৰা এজন অনুৰাগীৰ মৰমলৈকে ছবিখনৰ কাহিনীয়ে বহু দিশ স্পৰ্শ কৰিছে। ছবিখনৰ কাহিনীটো পৰিচালক পান নলিনে বাস্তৱ জীৱনৰ পৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা বুলি জনাইছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী