--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষত ভাৰতৰ পৰা অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰা গুজৰাটী ছবি ‘Last Film Show’ৰ শিশু অভিনেতা ৰাহুল কলিৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। অভিনেতা ভবীন ৰাবাৰীয়ে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে বন্ধুৰ চৰিত্ৰত দেখা গৈছিল ৰাহুল কলিক। শ্ব’টোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৰাহুল তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। দুখৰ বিষয় যে ২ দিনৰ পাছত মুক্তি পাব ৰাহুলৰ ছবিখনে। নিজৰ ছবিখন উপভোগ কৰাৰ পূৰ্বেই সকলোকে কন্দুৱাই গুচি গ’ল ৰাহল কলি। চিনেমাখনৰ নামটোৰ দৰেই সঁচাকৈয়ে ৰাহুলৰ জীৱনৰ বাবে এই চিনেমাখন আছিল-‘Last Film Show’

ৰাহুল কোলিৰ পিতৃয়ে কয় যে, ‘ৰাহুলে পুৱা ভালদৰেই ব্ৰেকফাষ্ট কৰিছিল আৰু তাৰপাছতে তেওঁৰ জ্বৰ উঠিছিল আৰু তেওঁ তিনিবাৰকৈ তেজ বমি কৰিছিল। তাৰপাছতেই মই মোৰ সন্তানক হেৰুৱালো। আমাৰ পৰিয়ালটো ভাঙি গ’ল। চিনেমাখনক লৈ ৰাহুল বৰ আশাবাদী আছিল। ইমান দুখৰ মাজতো  তেওঁৰ আনুষ্ঠানিক শেষ ৰীতি-নীতিৰ পিছত ১৪ অক্টোবৰত ছবিগৃহত মুক্তি পাবলগীয়া ৰাহুলৰ ‘লাষ্ট ফিল্ম শ্ব’ আমি নিশ্চয় চাম।

ৰাহুলৰ বয়স আছিল মাত্ৰ ১৫ বছৰ। প্ৰতিটো চলচ্চিত্ৰ মহোৎসৱতে পান নলিনৰ পৰিচালনা আৰু ৰাহুল কলিৰ অভিনয় প্ৰশংসিত হৈছে। ৰাহুল আৰু ভৱিনৰ উপৰিও ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৰিচা মীনা, ভৱেশ শ্ৰীমালী, পৰেশ মেহতা আৰু টিয়া ছাবেচচিয়ানে।

লাষ্ট ফিল্ম শ্ব’ ছবিখনৰ কাহিনীটোত সমায় নামৰ এজন শিশুৱে চিনেমাৰ প্ৰেমত পৰে। চিনেমা হলৰ প্ৰযুক্তিৰ পৰিৱৰ্তনৰ ফলত বহু লোকৰ জীৱিকা হেৰুৱাৰ পৰা আৰম্ভ কৰি একক পৰ্দাৰ থিয়েটাৰ আৰু নেতিবাচক ভূমিকা থকা ছবিৰ পৰা এজন অনুৰাগীৰ মৰমলৈকে ছবিখনৰ কাহিনীয়ে বহু দিশ স্পৰ্শ কৰিছে। ছবিখনৰ কাহিনীটো পৰিচালক পান নলিনে বাস্তৱ জীৱনৰ পৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা বুলি জনাইছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’