--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউড ভাইজান ছলমান খানৰ প্ৰতি আসক্ত যুৱতীৰ সীমা সংখ্যা নাই বুলি কলেও বঢ়াই কোৱা নহ’ব নিশ্চয়! বলীউডৰ বহু অভিনেত্ৰীৰ সৈতে ভাইজানৰ প্ৰেমৰ সম্পৰ্কৰ কথাইয়ো প্ৰায়ে চৰ্চা লাভ কৰা দেখা যায়। সংগীতা বিজলানী, ঐশ্বৰ্য ৰায়ৰ পৰা কেটৰিনা কাঈফলৈকে অগণিত বলীউড অভিনেত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক বলীউড ছুপাৰষ্টাৰগৰাকীৰ। সংগীতা বিজলানীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰো কথা আছিল ছলমানৰ। দীৰ্ঘদিন ধৰি ইজনে-সিজনৰ মাজত প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰাখিছিল। কিন্তু অন্তিম মুহূৰ্তত সকলো অসাৰ হৈ পৰিল আৰু চিৰদিনৰ বাবে দুয়ো পৃথক হৈ পৰিছিল।

অনুৰাগীৰ মন-মাজুলীত বিশেষ নজিৰ সৃষ্টি কৰা দূৰন্ত প্ৰেমিক ছলমান কিন্তু এতিয়াও অবিবাহিত। ছলমান অনুৰাগীসকলেও প্ৰিয় অভিনেতাগৰাকীৰ বিবাহৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে দীৰ্ঘদিনৰ পৰা। যেতিয়াই ছলমানক তেওঁৰ বিবাহৰ বিষয়ে সোধা হয় তেতিয়া তেওঁ প্ৰায়ে বিষয়টোক কাণ সৰালি দিয়া পৰিলক্ষিত হয়। ছলমানে যদি সময়মতে বিবাহ পাশত আৱদ্ধ হ'লহেঁতেন, তেন্তে তেওঁৰ সন্তানে আজি বলীউডত আত্মপ্ৰকাশ কৰিলেহেঁতেন! বিবাহ প্ৰসংগত অনুৰাগীক হতাশ কৰিলেও কিন্তু দুৰন্ত প্ৰেমিক ছলমানে মুকলি কৰিছে এটাৰ পাছত আনটো গোপন কাহিনী।

শেহতীয়াকৈ, ৰেখাই তেওঁৰ ছবি 'ছুপাৰ নানী'ৰ প্ৰচাৰৰ বাবে ‘বিগ-বছ’ৰ মঞ্চত উপস্থিত হৈছিল। ‘বিগ-বছ’ৰ মঞ্চতে বহু গুপুত কথা জলজল-পটপটকৈ ওলাই পৰিল। ‘ছলমানে কৈশোৰ কালতে মোৰ প্ৰতি আকৃষ্ট হৈছিল। তেতিয়া আমি ওচৰ চুবুৰীয়া আছিলো। পুৱা ৫:৩০ বজাত মই প্ৰাতঃভ্ৰমণলৈ ওলাইছিলো। তেতিয়া ছলমানে মোৰ চাইকেলৰ পিছে পিছে দৌৰি গৈছিল। বেলকনিৰ পৰা ছলমানে থিয় হৈ মোৰ পিনে ৰ লাগি চাই আছিল। ছলমানে তেতিয়া নাজানিছিল কিন্তু তেওঁ মোক লাহে লাহে ভালপাৱলৈ আৰম্ভ কৰিছিল’ বুলি সদৰী কৰে ৰেখাই। ইফালে, অতীতৰ স্মৃতিকথাই আমনি কৰা ভাইজানে কৈশোৰৰ প্ৰেমিকাক কাষত পাই কৈ গ’ল আগেয়ে নোকোৱা বহু কথা। ভাইজানে সম্ভেদ দিলে বহু গুপুত ৰহস্যৰ।

বলীউডৰ মোহময়ী অভিনেত্ৰী ৰেখাৰ বাবেই এতিয়ালৈকে বিবাহ পাশত আবদ্ধ হোৱা নাই বুলি প্ৰকাশ কৰে ছলমানে। তেওঁ কয়, ‘একমাত্ৰ ৰেখাৰ বাবেই মই অবিবাহিত। ৰেখাক বিয়া কৰাব বিচাৰিছিলো।’ ৰেখাই লগতে কয়, ‘ ছলমানে তেওঁৰ বন্ধুৰ সৈতে যোগ ক্লাছতো নাম লগাইছিল। কেৱল সেয়াই নহয়, ছলমানে আনকি ঘৰৰ সকলোকে কৈছিল যে, মই ডাঙৰ হ'লে সেই ছোৱালীজনীক বিয়া কৰাব বিচাৰো।’ ৰেখাৰ প্ৰতি ছলমানৰ দুৰ্বলতাৰ কাহিনীয়ে শেহতীয়া বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমতো ছলমান প্ৰসংগই বিশেষ গুৰুত্ব বহন কৰা পৰিলক্ষিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ