--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউড ভাইজান ছলমান খানৰ প্ৰতি আসক্ত যুৱতীৰ সীমা সংখ্যা নাই বুলি কলেও বঢ়াই কোৱা নহ’ব নিশ্চয়! বলীউডৰ বহু অভিনেত্ৰীৰ সৈতে ভাইজানৰ প্ৰেমৰ সম্পৰ্কৰ কথাইয়ো প্ৰায়ে চৰ্চা লাভ কৰা দেখা যায়। সংগীতা বিজলানী, ঐশ্বৰ্য ৰায়ৰ পৰা কেটৰিনা কাঈফলৈকে অগণিত বলীউড অভিনেত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক বলীউড ছুপাৰষ্টাৰগৰাকীৰ। সংগীতা বিজলানীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰো কথা আছিল ছলমানৰ। দীৰ্ঘদিন ধৰি ইজনে-সিজনৰ মাজত প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰাখিছিল। কিন্তু অন্তিম মুহূৰ্তত সকলো অসাৰ হৈ পৰিল আৰু চিৰদিনৰ বাবে দুয়ো পৃথক হৈ পৰিছিল।

অনুৰাগীৰ মন-মাজুলীত বিশেষ নজিৰ সৃষ্টি কৰা দূৰন্ত প্ৰেমিক ছলমান কিন্তু এতিয়াও অবিবাহিত। ছলমান অনুৰাগীসকলেও প্ৰিয় অভিনেতাগৰাকীৰ বিবাহৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে দীৰ্ঘদিনৰ পৰা। যেতিয়াই ছলমানক তেওঁৰ বিবাহৰ বিষয়ে সোধা হয় তেতিয়া তেওঁ প্ৰায়ে বিষয়টোক কাণ সৰালি দিয়া পৰিলক্ষিত হয়। ছলমানে যদি সময়মতে বিবাহ পাশত আৱদ্ধ হ'লহেঁতেন, তেন্তে তেওঁৰ সন্তানে আজি বলীউডত আত্মপ্ৰকাশ কৰিলেহেঁতেন! বিবাহ প্ৰসংগত অনুৰাগীক হতাশ কৰিলেও কিন্তু দুৰন্ত প্ৰেমিক ছলমানে মুকলি কৰিছে এটাৰ পাছত আনটো গোপন কাহিনী।

শেহতীয়াকৈ, ৰেখাই তেওঁৰ ছবি 'ছুপাৰ নানী'ৰ প্ৰচাৰৰ বাবে ‘বিগ-বছ’ৰ মঞ্চত উপস্থিত হৈছিল। ‘বিগ-বছ’ৰ মঞ্চতে বহু গুপুত কথা জলজল-পটপটকৈ ওলাই পৰিল। ‘ছলমানে কৈশোৰ কালতে মোৰ প্ৰতি আকৃষ্ট হৈছিল। তেতিয়া আমি ওচৰ চুবুৰীয়া আছিলো। পুৱা ৫:৩০ বজাত মই প্ৰাতঃভ্ৰমণলৈ ওলাইছিলো। তেতিয়া ছলমানে মোৰ চাইকেলৰ পিছে পিছে দৌৰি গৈছিল। বেলকনিৰ পৰা ছলমানে থিয় হৈ মোৰ পিনে ৰ লাগি চাই আছিল। ছলমানে তেতিয়া নাজানিছিল কিন্তু তেওঁ মোক লাহে লাহে ভালপাৱলৈ আৰম্ভ কৰিছিল’ বুলি সদৰী কৰে ৰেখাই। ইফালে, অতীতৰ স্মৃতিকথাই আমনি কৰা ভাইজানে কৈশোৰৰ প্ৰেমিকাক কাষত পাই কৈ গ’ল আগেয়ে নোকোৱা বহু কথা। ভাইজানে সম্ভেদ দিলে বহু গুপুত ৰহস্যৰ।

বলীউডৰ মোহময়ী অভিনেত্ৰী ৰেখাৰ বাবেই এতিয়ালৈকে বিবাহ পাশত আবদ্ধ হোৱা নাই বুলি প্ৰকাশ কৰে ছলমানে। তেওঁ কয়, ‘একমাত্ৰ ৰেখাৰ বাবেই মই অবিবাহিত। ৰেখাক বিয়া কৰাব বিচাৰিছিলো।’ ৰেখাই লগতে কয়, ‘ ছলমানে তেওঁৰ বন্ধুৰ সৈতে যোগ ক্লাছতো নাম লগাইছিল। কেৱল সেয়াই নহয়, ছলমানে আনকি ঘৰৰ সকলোকে কৈছিল যে, মই ডাঙৰ হ'লে সেই ছোৱালীজনীক বিয়া কৰাব বিচাৰো।’ ৰেখাৰ প্ৰতি ছলমানৰ দুৰ্বলতাৰ কাহিনীয়ে শেহতীয়া বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমতো ছলমান প্ৰসংগই বিশেষ গুৰুত্ব বহন কৰা পৰিলক্ষিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু