--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ হেৰুৱা হাঁহি ঘূৰাই পাইছে শিল্পাই। শিল্পাৰ মুখমণ্ডলত এতিয়া কেৱল হাঁহিৰ ৰোল। স্বামী ৰাজক কাষত পাই স্বাভাৱিকতে সুখী শিল্পা। স্বামীৰ কু-কৰ্মৰ বাবে গ্লানিৰ ছিটিকনি পৰিছিল শিল্পাৰ গাটো। তেতিয়াৰ পৰাই চৰম দুৰ্যোগৰ মাজেৰে দিন নিয়াবলগীয়া হৈছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। পৰ্ণকাণ্ডৰ গোচৰত অভিযুক্ত ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰাৰ পাছতো শিল্পাৰ ভূমিকাক লৈ নানা প্ৰশ্নৰ অৱতাৰণা হৈছিল। দীৰ্ঘদিনৰ অন্তত মুকলি আকাশৰ তললৈ আহিছিল ৰাজে। হঠাতে জীৱনলৈ অহা অনাকাংক্ষিত ধুমুহাজাক চম্ভালি নিজকে স্বাভাৱিক অৱস্থালৈ উভতাই আনিবলৈ চেষ্টা কৰিছে ৰাজ-শিল্পাই।

ভাৰতৰ জনপ্ৰিয় এণ্টাৰটেইনমেণ্ট ৱেবছাইট বলীউড বাবলে সদৰী কৰা মতে, শিল্পাই অলপতে মানসিক শান্তিৰ বাবে ৰাজৰ সৈতে কেইবাটাও মন্দিৰ পৰিদৰ্শন কৰিছে। অভিনেত্ৰীগৰাকীয়ে স্বামীৰ সৈতে আলোকচিত্ৰ আৰু ভিডিঅ' ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। উল্লেখ্য যে, শিল্পাই অলপতে সাই বাবাৰ মন্দিৰ দৰ্শন কৰিছিল আৰু স্বামীৰ বাবে প্ৰাৰ্থনা কৰিছিল। বলীউড দম্পতীৰ সৈতে পৰিয়ালৰ আত্মীয় ৰাজীৱ আৰু আকাংক্ষাও উপস্থিত আছিল বুলি জানিবলৈ পোৱা গৈছে। ভিডিঅ'টোৰ কেপচনত শিল্পাই লিখিছে, ‘বিশ্বাস, ভালপোৱা, কৃতজ্ঞতা, সুখ আৰু নিৰাপত্তা।’ পৰ্ণগ্ৰাফীৰ গোচৰত অভিযুক্ত হোৱা শিল্পাৰ স্বামীয়ে মুকলি আকাশৰ তললৈ অহাৰ পাছতে এক নতুন ৰূপত ধৰা দিলে ৰাজে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ