--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ হেৰুৱা হাঁহি ঘূৰাই পাইছে শিল্পাই। শিল্পাৰ মুখমণ্ডলত এতিয়া কেৱল হাঁহিৰ ৰোল। স্বামী ৰাজক কাষত পাই স্বাভাৱিকতে সুখী শিল্পা। স্বামীৰ কু-কৰ্মৰ বাবে গ্লানিৰ ছিটিকনি পৰিছিল শিল্পাৰ গাটো। তেতিয়াৰ পৰাই চৰম দুৰ্যোগৰ মাজেৰে দিন নিয়াবলগীয়া হৈছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। পৰ্ণকাণ্ডৰ গোচৰত অভিযুক্ত ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰাৰ পাছতো শিল্পাৰ ভূমিকাক লৈ নানা প্ৰশ্নৰ অৱতাৰণা হৈছিল। দীৰ্ঘদিনৰ অন্তত মুকলি আকাশৰ তললৈ আহিছিল ৰাজে। হঠাতে জীৱনলৈ অহা অনাকাংক্ষিত ধুমুহাজাক চম্ভালি নিজকে স্বাভাৱিক অৱস্থালৈ উভতাই আনিবলৈ চেষ্টা কৰিছে ৰাজ-শিল্পাই।

ভাৰতৰ জনপ্ৰিয় এণ্টাৰটেইনমেণ্ট ৱেবছাইট বলীউড বাবলে সদৰী কৰা মতে, শিল্পাই অলপতে মানসিক শান্তিৰ বাবে ৰাজৰ সৈতে কেইবাটাও মন্দিৰ পৰিদৰ্শন কৰিছে। অভিনেত্ৰীগৰাকীয়ে স্বামীৰ সৈতে আলোকচিত্ৰ আৰু ভিডিঅ' ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। উল্লেখ্য যে, শিল্পাই অলপতে সাই বাবাৰ মন্দিৰ দৰ্শন কৰিছিল আৰু স্বামীৰ বাবে প্ৰাৰ্থনা কৰিছিল। বলীউড দম্পতীৰ সৈতে পৰিয়ালৰ আত্মীয় ৰাজীৱ আৰু আকাংক্ষাও উপস্থিত আছিল বুলি জানিবলৈ পোৱা গৈছে। ভিডিঅ'টোৰ কেপচনত শিল্পাই লিখিছে, ‘বিশ্বাস, ভালপোৱা, কৃতজ্ঞতা, সুখ আৰু নিৰাপত্তা।’ পৰ্ণগ্ৰাফীৰ গোচৰত অভিযুক্ত হোৱা শিল্পাৰ স্বামীয়ে মুকলি আকাশৰ তললৈ অহাৰ পাছতে এক নতুন ৰূপত ধৰা দিলে ৰাজে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু