--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আগন্তুক ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব পৱিত্ৰ ৰমজান মাহ। কিন্তু ৰমজান মাহ আৰম্ভ হোৱাৰ পূৰ্বে ছৌদি আৰবৰ ৰজা মহম্মদ বিন ছলমানে কিছু নিষেধাজ্ঞা আৰু নিয়ম ঘোষণা কৰিছে। এই ঘোষণাত সমগ্ৰ মধ্যপ্ৰাচ্য দেশসমূহৰ লগতে ভাৰততো সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।  

 উল্লেখ্য যে ছৌদি আৰব চৰকাৰে দিয়া এক নিৰ্দেশনা, যিটো ৰমজান মাহত প্ৰতিজন ইছলামধৰ্মী নাগৰিকে মানি চলাটো প্ৰয়োজন। এই নিৰ্দেশনাত আটাইতকৈ গুৰুত্বপূৰ্ণ ঘোষণাটো হ’ল যে মছজিদসমূহত স্থাপন কৰা লাউডস্পীকাৰৰ শব্দ হ্ৰাস কৰা। অৰ্থাৎ মছজিদত স্থাপন কৰা লাউডস্পীকাৰৰ ভলিউম এক তৃতীয়াংশতকৈও কম হ’ব লাগিব। ইতিমধ্যে ছৌদি আৰবৰ মছজিদসমূহত লাউডস্পীকাৰৰ সংখ্যা ৪লৈ হ্ৰাস পাইছে। তদুপৰি মছজিদত লগোৱা লাউডস্পীকাৰ কেৱল আজান আৰু ইকামতৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব। ইকামত মানে দ্বিতীয়বাৰৰ বাবে ৰাইজক নামাজৰ বাবে আহ্বান জনোৱা।

 মছজিদৰ আশে-পাশে বসবাস কৰা লোকসকলৰ লগতে বহু অভিভাৱকৰ অভিযোগৰ পাছতে ছৌদি চৰকাৰে এই নিৰ্দেশা জাৰি কৰে। দৰাচলতে এই লোকসকলৰ অভিযোগ অনুসৰি মছজিদত লগোৱা লাউডস্পীকাৰৰ বাবে শিশুৰ টোপনি বিঘ্নিত হোৱাৰ লগতে স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰে আৰু শব্দ প্ৰদূষণো হয়।

 ৰমজানৰ পূৰ্বে আজান আৰু জাকাতৰ নতুন নিয়ম-

১. মছজিদত দানৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ।

২. মছজিদৰ ভিতৰত আজানৰ লাইভ সম্প্ৰচাৰত নিষেধাজ্ঞা

৩. ৰোজেদাৰসকলে মছজিদলৈ শিশু অনাত নিষেধাজ্ঞা আৰোপ

৪. মছজিদত শিশুৰ উপস্থিতিয়ে বাধাৰ সৃষ্টি কৰে আৰু ইবাদত সমস্যাৰ সৃষ্টি কৰে।

ছৌদি আৰবত মৌলিক পৰিৱৰ্তনঃ-

বিশ্বৰ প্ৰায় ৫০খন মুছলমান ৰাষ্ট্ৰৰ ভিতৰত ছৌদি আৰব আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ। য'ত ছৌদি আৰবৰ শাসক মহম্মদ বিন ছলমানে মহিলাৰ ওপৰত আৰোপ কৰা বহু নিষেধাজ্ঞা দূৰ কৰিছে। পূৰ্বে ছৌদি আৰবত মহিলাসকলে গাড়ী চলোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও এতিয়া সেয়া দূৰ হৈছে। ইয়াৰ উপৰি ছৌদি আৰবৰ মহিলাসকলে এতিয়া ষ্টেডিয়ামলৈ গৈ খেল চাব পাৰে, আনহাতে আগতে ইয়াক নিষিদ্ধ কৰা হৈছিল। এই দেশৰ ৰজা মহম্মদ বিন ছলমানে লোৱা এনেধৰণৰ সিদ্ধান্তলৈ চালে বিশ্বাস কৰাটো কঠিন যে যিকোনো ইছলামিক দেশে এই নিৰ্দেশ মানি চলিব।

 স্মৰ্তব্য যে ছৌদি আৰব ইছলামিক দেশ হোৱাৰ বাবে মছজিদত লাউডস্পীকাৰৰ শব্দ কমাবলৈ নিৰ্দেশ দিব পাৰে, কিন্তু ভাৰত ধৰ্মনিৰপেক্ষ দেশ হোৱাৰ বাবে এই কাম কৰিব নোৱাৰে। যিখন দেশত ৯৪% মুছলমান জনসংখ্যা বাস কৰে, সেইখন দেশত লাউডস্পীকাৰৰ কোলাহলৰ ফলত হোৱা ক্ষতিৰ অনুমান কৰিব পাৰিছে, সেয়েহে তাত থকা মুছলমানসকলেও এই কথা বুজি পাইছে। কিন্তু ভাৰতত য’ত ২০ শতাংশ মুছলমান, কোনোবাই অভিযোগ কৰিলে তেওঁক সাম্প্ৰদায়িক বুলি কোৱা হয়।

 স্মৰ্তব্য যে ডুবাইৰ মছজিদত স্থাপন কৰা লাউডস্পীকাৰ কেৱল বিশেষ অনুষ্ঠানতহে ব্যৱহাৰ কৰা হয়। যেনে-শুকুৰবাৰৰ নামাজৰ বাবে বা উৎসৱ উপলক্ষে। ইণ্ডোনেছিয়াৰ ৯৯ শতাংশ জনসংখ্যা মুছলমান। ২০১৫ চনত ইণ্ডোনেছিয়াত এক নিৰ্দেশ জাৰি কৰা হৈছিল, য’ত মছজিদত স্থাপন কৰা লাউডস্পীকাৰৰ পৰিমাণ কম ৰখা হৈছিল আৰু ইয়াৰ ব্যৱহাৰ কেৱল আজানৰ বাবে সীমিত আছিল। নাইজেৰিয়াতো ২০১৯ চনতেই মছজিদ আৰু গীৰ্জাত লাউডস্পীকাৰ ব্যৱহাৰ কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। শব্দ প্ৰদূষণৰ বাবে ফ্ৰান্সেও মছজিদত লাউডস্পীকাৰৰ ব্যৱহাৰ সীমিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মধ্য প্রাচ্যৰ পৰিস্থিতিয়ে বিশ্বলৈ বিনাশ মাতি আনিব পাৰে:ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান গুটাৰেছ
জুলাইত পৰিবহণ বিভাগৰ 'সম্পূৰ্ণ সেৱা মাহ'
UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলক আছুৱে কৰিব সহায়
যদি আপুনি বৃদ্ধ বয়সলৈকে সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে তেন্তে এই কাম কৰক
তিনিচুকীয়া  স্ক্ৰেপিং প্ৰতিষ্ঠানত চুৰি ডাম্পাৰ উদ্ধাৰৰ অভিযোগ
পাকিস্তানলৈ বোৱা সিন্ধুৰ জলধাৰাৰ গতি পৰিৱৰ্তন কৰিব ৰাজস্থানলৈ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত