--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেকুলীয়ে সাপ খায়, এয়া প্ৰাকৃতিকভাবে সত্য কথা। অসমতো সাপ খোৱা ভেকুলী পোৱা যায়। কিন্তু সাপ এডাল খোৱাৰ পিছত সেই সাপ যদি ভেকুলীৰ মলদ্বাৰেৰে ওলাই আহে সেয়াহে আচৰিত হ’বলগীয়া কথা। সঁচাকৈয়ে  এডাল  সাপ ভেকুলীৰ  মলদ্বাৰেৰে ওলাই আহিছে!

 তেনে এখন ছবিয়ে সামাজিক মাধ্যমত  আলোড়নৰ সৃষ্টি কৰিছে। ফটোখন ফেচবুকত 'চানচাইন কোষ্ট স্নেক কেচাৰ্ছ' নামৰ একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হৈছে। ছবি খনে বহুতকে ভবাই তুলিছে, বহুত অনুমান কৰা হৈছে, এয়া কেনেকৈ সম্ভৱ ? কোনে কাক চিকাৰ কৰিবলৈ গৈছিল? ঘটনাটো ক’ৰ সেই বিষয়ে কোনো কথা উল্লেখ্য কৰা নাই আৰু প্ৰাগ নিউজ ডিজিটেলে ছবি খনৰ সত্যতা পৰীক্ষা কৰি চোৱা নাই।

চানচাইন কোষ্ট স্নেক কেচাৰে দাবী কৰিছে  যে ছবিখনত দেখা সাপটো ইষ্টাৰ্ণ ব্ৰাউন সাপ। কিন্তু সাপটো কেনেকৈ ভেকুলীৰ মলদ্বাৰত আৱদ্ধ হৈ পৰিল সেয়াহে ৰহস্যৰ বিষয়। নে ভেকুলীটোৱে সাপডাল ভক্ষণ কৰিছিল? বিষয়টোকলৈ বহুতৰে কৌতূহল বাঢ়িয়েই আছে।  সৰ্প  বিশেষজ্ঞসকলে ধাৰণা কৰে যে সেউজীয়া বৰণৰ ভেকুলীটোৱে সাপডাল চিকাৰ কৰিবলৈ গৈছিল। সাপডাল ভেকুলীয়ে গিলি পেলাইছিল। 

কিন্তু কেনেবাকৈ সাপডাল  হজম কৰিব নোৱাৰিলে। ফলস্বৰূপে সাপডালে  মলদ্বাৰৰ জৰিয়তে উলিয়াই দিবলৈ  চেষ্টা কৰিলে।তেওঁলোকে লগতে দাবী কৰে যে সাপডাল  গিলি দিয়াৰ পিছত ভেকুলীৰ পাচন তন্ত্ৰ লিক কৰি মলদ্বাৰাৰ দ্বাৰা ওলাই আহিব পাৰে।  ছবিখন তোলা মহিলাগৰাকীয়ে দাবী কৰিছে  যে তেওঁ মৃত অৱস্থাত  সাপডাল ভেকুলীৰ মলদ্বাৰৰ পৰা উদ্ধাৰ কৰিছিল





। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ