--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশৰীৰী আত্মাৰ লগত পোনপটীয়াকৈ কথা পতাৰ পৰিকল্পনা কেইবাদিনো চলি আছিল। শেষত মমবাতি জ্বলাই অশৰিৰী আত্মাৰ স’তে কথা বতৰা পাতিব পাৰিলে কলম্বিয়াৰ এখন বিদ্যালয়ৰ প্ৰায় ২৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে৷ কিন্তু ছাত্ৰ-ছাত্ৰীকেইগৰাকী সেই সময়তে অসুস্থ হৈ পৰে। প্ৰত্যেককে স্থানীয় পৌৰসভাৰ চিকিৎসালয়ত ভৰ্তি কৰা হ’ল৷

অশৰিৰী আত্মাৰ স’তে কথা পাতিবলৈ ক্লাছৰ শেষত সকলোৱে স্কুলৰ চাদত সমবেত হৈছিল। সামগ্ৰী আছিল মমবাতি আৰু ‘অউজা বৰ্ড’। ১৮৮৬ চনত আমেৰিকাত ভূতৰ স’তে কথা পাতিবলৈ এই অউজা বৰ্ডৰ প্ৰস্তুত কৰা হৈছিল। এই বৰ্ডৰ সহায়ত অশৰীৰী আত্মাসকলৰ সৈতে যোগাযোগ কৰিব পাৰি।

কিন্তু ছাত্ৰ-ছাত্ৰীসকলে এই কাম কৰি থাকোঁতে উদ্বিগ্নতা আৰু তীব্ৰ উত্তেজনা চম্ভালিব পৰা নাছিল। সকলোৱে অজ্ঞান হৈ পৰিল। ঘটনাটো বিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অভিভাৱককো অৱগত কৰা হয়।

ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে সমগ্ৰ কাণ্ডটোৰ বিষয়ে গম পোৱা নাছিল। ফলত এনে খবৰ পাই তেওঁলোক হঠাৎ ভয় খাইছিল। অসুস্থ হোৱাৰ কোনো কাৰণ বিচাৰি নাপালে। কাৰণ স্কুললৈ অহাৰ আগতে সকলোৱে খোৱা-বোৱা ঠিকেই কৰি আহিছিল।

চিকিৎসালয়লৈ অহাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে মূল ঘটনাটো জানিবলৈ ধৰিলে। বিদ্যালয়ৰ পৰাই এনে ঘটনা কেনেকৈ সংঘটিত হ’ল সেই সন্দৰ্ভতো বিদ্যালয় কৰ্তৃপক্ষক উত্তৰ বিচাৰিছে। কিন্তু এতিয়ালৈকে এই সমগ্ৰ ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ কোনো বক্তব্য দিয়া হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী