--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশৰীৰী আত্মাৰ লগত পোনপটীয়াকৈ কথা পতাৰ পৰিকল্পনা কেইবাদিনো চলি আছিল। শেষত মমবাতি জ্বলাই অশৰিৰী আত্মাৰ স’তে কথা বতৰা পাতিব পাৰিলে কলম্বিয়াৰ এখন বিদ্যালয়ৰ প্ৰায় ২৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে৷ কিন্তু ছাত্ৰ-ছাত্ৰীকেইগৰাকী সেই সময়তে অসুস্থ হৈ পৰে। প্ৰত্যেককে স্থানীয় পৌৰসভাৰ চিকিৎসালয়ত ভৰ্তি কৰা হ’ল৷

অশৰিৰী আত্মাৰ স’তে কথা পাতিবলৈ ক্লাছৰ শেষত সকলোৱে স্কুলৰ চাদত সমবেত হৈছিল। সামগ্ৰী আছিল মমবাতি আৰু ‘অউজা বৰ্ড’। ১৮৮৬ চনত আমেৰিকাত ভূতৰ স’তে কথা পাতিবলৈ এই অউজা বৰ্ডৰ প্ৰস্তুত কৰা হৈছিল। এই বৰ্ডৰ সহায়ত অশৰীৰী আত্মাসকলৰ সৈতে যোগাযোগ কৰিব পাৰি।

কিন্তু ছাত্ৰ-ছাত্ৰীসকলে এই কাম কৰি থাকোঁতে উদ্বিগ্নতা আৰু তীব্ৰ উত্তেজনা চম্ভালিব পৰা নাছিল। সকলোৱে অজ্ঞান হৈ পৰিল। ঘটনাটো বিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অভিভাৱককো অৱগত কৰা হয়।

ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে সমগ্ৰ কাণ্ডটোৰ বিষয়ে গম পোৱা নাছিল। ফলত এনে খবৰ পাই তেওঁলোক হঠাৎ ভয় খাইছিল। অসুস্থ হোৱাৰ কোনো কাৰণ বিচাৰি নাপালে। কাৰণ স্কুললৈ অহাৰ আগতে সকলোৱে খোৱা-বোৱা ঠিকেই কৰি আহিছিল।

চিকিৎসালয়লৈ অহাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে মূল ঘটনাটো জানিবলৈ ধৰিলে। বিদ্যালয়ৰ পৰাই এনে ঘটনা কেনেকৈ সংঘটিত হ’ল সেই সন্দৰ্ভতো বিদ্যালয় কৰ্তৃপক্ষক উত্তৰ বিচাৰিছে। কিন্তু এতিয়ালৈকে এই সমগ্ৰ ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ কোনো বক্তব্য দিয়া হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ